ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

হাত খুলি ‘চান্দা’ দিছে কৰ্পৰেটে! ৫৩ শতাংশ বৃদ্ধিৰে বিজেপিয়ে অনুদান লাভ কৰিছে ৬,০৮৮ কোটি টকা

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ফলত বাতিল হ’ল নিৰ্বাচনী বণ্ড। তাৰ পিছত প্ৰায় দুবছৰ পাৰ হৈ গ’ল। কিন্তু বিজেপিৰ তহবিলত কোনো প্ৰভাৱ পৰা নাই। ইয়াৰ বিপৰীতে গেৰুৱা শিবিৰৰ পুঁজি বিভিন্ন অনুদানেৰে আৰু অধিক উফন্দি উঠিছে।

ইয়াৰ পূর্বে খবৰ ওলাইছিল যে ৮২ শতাংশ চান্দা নির্বাচনী ট্ৰাষ্টৰ জৰিয়তে বিজেপিৰ ঘৰত প্রৱেশ কৰিছে৷ এতিয়া জানিব পৰা গৈছে যে বণ্ড বাতিলৰ পিছত লোকসভা নিৰ্বাচনী বৰ্ষত নৰেন্দ্ৰ মোডীৰ দলে লাভ কৰা অনুদানৰ পৰিমাণ বৃহৎ পৰিমাণৰ ৬,০৮৮ কোটি টকা বৃদ্ধি পাইছে। বিগত বিত্তীয় বৰ্ষৰ তুলনাত এয়া ২০০০ কোটি টকা বেছি। এই চাঞ্চল্যকৰ তথ্য বিজেপিয়ে নিৰ্বাচন আয়োগক দাখিল কৰা অনুদানৰ প্ৰতিবেদনৰ পৰা পোহৰলৈ আহিছে।

যি সময়ত বিজেপিয়ে চান্দাৰ জোৱাৰত ভাঁহি আছে, সেই সময়তে বিৰোধী দলসমূহে তেওঁলোকৰ তহবিল হ্ৰাসৰ সন্মুখীন হৈছে। সেই দলবোৰতকৈ বিজেপিয়ে চাৰে চাৰিগুণ বেছি ধন লাভ কৰিছে।

২০২৪-২৫ বিত্তীয় বৰ্ষত কংগ্ৰেছকে ধৰি এক ডজন বিৰোধী দলে মুঠ ১৩৪৩ কোটি টকা অনুদান লাভ কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত কংগ্ৰেছে লাভ কৰিছিল ১,১২৯ কোটি টকা। লোকসভা নিৰ্বাচনী বৰ্ষত সেই সংখ্যা ৪৩ শতাংশ হ্ৰাস পাই ৫২২.১৩ কোটি টকা হয়। তৃণমূল কংগ্ৰেছৰ অনুদানও বিগত বৰ্ষৰ ৬১৮.৮ কোটি টকাৰ তুলনাত ১৮৪ কোটি টকা হ্ৰাস পাইছে। বি আৰ এছ আৰু বিজেডিৰ দৰে দলৰ ক্ষেত্ৰতো এয়া দেখা গৈছে।

২০২৪-২৫ বিত্তীয় বৰ্ষত অৰুণাচল প্ৰদেশ, ছিকিম, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, জম্মু-কাশ্মীৰ, হাৰিয়ানা, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আৰু দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। গেৰুৱা শিবিৰে লাভ কৰা ২০ হাজাৰতকৈ অধিক নগদ অনুদানৰ সন্দৰ্ভত আয়োগক দাখিল কৰা তথ্য অনুসৰি নিৰ্বাচনী ট্ৰাষ্টৰ জৰিয়তে প্ৰায় ৩,৭৪৪ কোটি টকা আহিছে। সেয়া হ’ল দলটোৱে লাভ কৰা মুঠ অনুদানৰ ৬১ শতাংশ। বাকী ২৩৪৪ কোটি টকা ব্যক্তিগত আৰু কৰ্পৰেট অনুদানৰ জৰিয়তে আহিছে।

ট্ৰাষ্টৰ উপৰিও বিজেপিৰ পুঁজিলৈ শীৰ্ষ ৩০ টা দানকাৰীৰ ভিতৰত আছে কেইবাটাও কোম্পানীও। ইয়াৰ ভিতৰত কোভিড ভেকচিন কোভিশ্বিল্ড প্ৰস্তুতকাৰক Serum Institute of India Private Limited য়ে ১০০ কোটি টকা আগবঢ়াইছে।

লগতে এই তালিকাত আছে ৰুংটা সন্স প্ৰাইভেট লিমিটেড (৯৫ কোটি), বেদান্ত লিমিটেড (৬৭ কোটি)। সৰ্বনিম্ন অনুদান হিন্দুস্তান জিংক লিমিটেডৰ। মাত্ৰ ২৭ কোটি টকা। সামগ্ৰিকভাৱে এটা নিৰ্বাচনী বৰ্ষত বিজেপিয়ে লাভ কৰা অনুদানৰ পৰিমাণ যোৱা ছবছৰৰ ভিতৰত সৰ্বাধিক।