ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পুনৰ দুগৰাকী মহিলাক ‘বিদেশী’ ঘোষণা; ২৪ ঘন্টাৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশ বিশ্বনাথ প্ৰশাসনৰ

অসমৰ ‘বিদেশী ন্যায়াধিকৰণে’ আৰু দুগৰাকী মহিলাক ‘বিদেশী’ ঘোষণা কৰিছে। মহিলা দুগৰাকীক দেশ এৰি যাবলৈ ২৪ ঘণ্টাৰ সময় দিয়া হৈছে। আজিৰ ভিতৰত তেওঁলোকক দেশ এৰি যাবলৈও নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশ অসমৰ বিশ্বনাথ জিলাৰ প্ৰশাসনে জাৰি কৰিছে।

কিছুদিন পূৰ্বেও ১৫ জন লোকক ‘বিদেশী’ বুলি ঘোষণা কৰা হৈছিল। নগাঁও জিলাৰ প্ৰশাসনে তেওঁলোককো দেশ এৰি যাবলৈ নিৰ্দেশ দিছিল। ন্যায়াধিকৰণৰ ৰায়ৰ ভিত্তিত এই পদক্ষেপ লোৱা বুলি জনোৱা হয়।

ইয়াৰ পিছত আৰু দুগৰাকী মহিলাক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। সোমবাৰে বিশ্বনাথ জিলা প্ৰশাসনে এই নিৰ্দেশ দিয়ে। বিদেশী ন্যায়াধিকৰণে মহিলা দুগৰাকীক বাংলাদেশী বুলি চিনাক্ত কৰিছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি দুগৰাকী মহিলাক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে তেওঁলোক হ’ল আছমুল খাতুন আৰু আফুজা বেগম। আছমুল মিছামাৰী আৰু আফুজা বকৰাপট্টা গাঁৱৰ। ন্যায়াধিকৰণে তেওঁলোকক বাংলাদেশৰ পৰা অহা  ‘বিদেশী’ বুলি চিনাক্ত কৰিছে।

ইয়াৰ পিছতে বিশ্বনাথ জিলা দণ্ডাধীশ লক্ষীনন্দন চহৰীয়াই ‘অভিবাসী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০’ৰ ২ নং ধাৰাত দেশ এৰি যাবলৈ নিৰ্দেশ জাৰি কৰে।

কোন পথেৰে তেওঁলোকে দেশ এৰি যাব লাগিব সেই বিষয়েও অৱগত কৰা হৈছে। প্ৰশাসনে স্পষ্টকৈ উল্লেখ কৰিছে যে মহিলা দুগৰাকীয়ে ধুবুৰী, শ্ৰীভূমি অথবা দক্ষিণ শালমাৰা-মানকাচৰ সীমান্তৰে ভাৰত এৰি যাব লাগিব। এই নিৰ্দেশ মানি নচলিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৮ ডিচেম্বৰত নাগাঁও জিলা প্ৰশাসনে ১৫ জন লোকক বহিষ্কাৰৰ নিৰ্দেশ দিছিল।