ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) বিষয়ৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি প্ৰস্তুত কৰিবলৈ বিশেষ পাঠ্যপুথি বিকাশৰ দল গঠন কৰিছে বুলি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে সংসদত অৱগত কৰিছে। এই পদক্ষেপে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (NCF-SE) ২০২৩ৰ লক্ষ্যসমূহ বাস্তৱায়নত সহায় কৰিব বুলি মন্ত্ৰালয়ে সদৰী কৰিছে।
লোকসভাত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰালয়ে কয় যে এআই আৰু গণনামূলক চিন্তাধাৰাক ভৱিষ্যতমুখী শিক্ষাৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে বিকাশ কৰাৰ লক্ষ্যৰে এই পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে। ইয়াৰ জৰিয়তে উচ্চ মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক কৃত্ৰিম বুদ্ধিমত্তাৰ মৌলিক ধাৰণা, ব্যৱহাৰিক প্ৰয়োগ আৰু নৈতিক দিশসমূহৰ সৈতে পৰিচিত কৰোৱা হ’ব।
কনিষ্ঠ শ্ৰেণীৰ ক্ষেত্ৰতো এনচিইআৰটিয়ে আগবঢ়োৱা পদক্ষেপৰ কথা উল্লেখ কৰি মন্ত্ৰালয়ে জনায় যে ষষ্ঠ শ্ৰেণীৰ বৃত্তিমূলক শিক্ষাৰ পাঠ্যপুথিত এআইভিত্তিক এনিমেচন আৰু গেমছ প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক অভিজ্ঞতাভিত্তিক শিক্ষণৰ মাধ্যমে এআই সঁজুলিৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হৈছে।
ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এআই আৰু গণনামূলক চিন্তাধাৰাৰ বাবে বিস্তৃত পাঠ্যক্ৰম প্ৰস্তুত কৰিছে। এই পাঠ্যক্ৰমত প্ৰাৰম্ভিক শ্ৰেণীত এআইৰ মৌলিক ধাৰণাসমূহ অন্তৰ্ভুক্ত কৰাৰ লগতে নৱম আৰু দশম শ্ৰেণীত উন্নত এআই আৰু গণনামূলক চিন্তাধাৰা বাধ্যতামূলক কৰা হৈছে।
শিক্ষা মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়ে যে এনইপি ২০২০ৰ সৈতে সংগতি ৰাখি এছঅ’এআৰ(SOAR-Skilling for AI Readiness), ৰাষ্ট্ৰীয় কাৰ্যসূচী এনপিএআই (NPAI) আৰু ‘বিকশিত ভাৰত ২০৪৭’ৰ দৃষ্টিভংগীৰ অধীনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰযুক্তি-চালিত ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাৰ দিশে এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে।
