ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

গাড়ীত ভয়ংকৰ বিস্ফোৰণ! নিমিষতে মৃত্যু ৰাছিয়াৰ জেনেৰেলৰ; আক্ৰমণৰ আঁৰত ইউক্ৰেইনৰ হাত?

ইটোৰ পিছত সিটো বিস্ফোৰণ আৰু আক্ৰমণ। হতাহতৰ সংখ্যা বৃদ্ধি পাই আছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বৰ্তমানৰ ছবিখন ঠিক এনেকুৱাই। এই পৰিস্থিতিৰ মাজতে গাড়ী বিস্ফোৰণত নিহত হ’ল ৰাছিয়াৰ এজন উচ্চ পদস্থ সামৰিক বিষয়া।

ৰাছিয়াৰ তদন্ত সমিতিয়ে জনোৱা মতে, ৰাজধানী মস্কোত ৰাছিয়াৰ সেনাৰ জেনেৰেলৰ গাড়ীৰ তলত হঠাতে বিস্ফোৰণ সংঘটিত হয়। যাৰ বাবে তেওঁৰ মৃত্যু হয়। ইউক্ৰেইন এনে বিস্ফোৰণৰ সৈতে জড়িত নেকি? প্ৰশ্ন উত্থাপন হৈছে। ইতিমধ্যে ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই বিতং তদন্ত আৰম্ভ কৰিছে।

আন্তৰ্জাতিক সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ ৰাজধানীৰ দক্ষিণ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে পুৱা  গাড়ীৰ তলত ৰখা বিস্ফোৰক যন্ত্ৰৰ বিস্ফোৰণত নিহত হয় লেফটেনেণ্ট জেনেৰেল ফানীল ছাৰভাৰভৰ। ৫৬ বছৰীয়া ছাৰভাৰভ আছিল সশস্ত্ৰ বাহিনীৰ অপাৰেচনেল ট্ৰেইনিং বিভাগৰ মুৰব্বী।

ঘটনাৰ পিছতে অঞ্চলটোত আতংক বিয়পি পৰে। বিস্ফোৰণৰ পিছতে নিৰাপত্তা বাহিনীয়ে ততাতৈয়াকৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। তদন্তকাৰীয়ে ধ্বংসাৱশেষ সংগ্ৰহ কৰে। লেফটেনেণ্ট জেনেৰেলৰ কৰুণ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে ৰাছিয়াৰ তদন্ত সমিতিয়ে।

চাৰভাৰভৰ গাড়ীৰ তলত এটা বিস্ফোৰক যন্ত্ৰ ৰোপণ কৰা হৈছিল। ইয়াৰ ফলত বিস্ফোৰণ ঘটে। সংশ্লিষ্ট কৰ্তৃপক্ষই জনোৱা মতে, ঘটনাৰ কাৰণ আৰু ইয়াৰ লগত জড়িত লোকসকলক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত আছে।

তদন্ত সমিতিৰ মুখপাত্ৰ স্বেটলানা পেট্ৰেংকোৱে কয় যে এই বিস্ফোৰণ কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে তদন্তকাৰীয়ে সকলো দিশৰ ওপৰত চকু ৰাখিছে। এই বিস্ফোৰণৰ আঁৰত ইউক্ৰেইনৰ চোৰাংচোৱা সংস্থা আছে নেকি সেই বিষয়ে তদন্ত চলি আছে। কিন্তু ছাৰভাৰভৰ হত্যাকাণ্ডৰ আঁৰত ইউক্ৰেইনক সন্দেহ কৰিলেও কিয়েভে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

উল্লেখ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল। তাৰ পিছৰে পৰা ৰাজধানী মস্কোৰ বহু সামৰিক বিষয়া আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহত গাড়ী বোমা আক্ৰমণত জেনেৰেল ইয়াৰোস্লাভ মস্কালিক নিহত হৈছিল। সেই হত্যাকাণ্ডত এজন সন্দেহযুক্ত লোককো গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে ফানীলৰ মৃত্যুৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইয়াৰ উপৰিও যোৱা বছৰৰ ডিচেম্বৰ মাহত স্কুটাৰত লুকুৱাই ৰখা এটা যন্ত্ৰ বিস্ফোৰণ ঘটিছিল। এই আক্ৰমণত নিহত হয় জেনেৰেল ইগ’ৰ কিৰিলভ। ইউক্ৰেইনৰ এক সূত্ৰই পিছত বিবিচিক জনোৱা মতে, ইউক্ৰেইনৰ নিৰাপত্তা সেৱাই কিৰিলভক হত্যা কৰিছিল। অৱশ্যে ইউক্ৰেইনে এই কাণ্ডৰ দায়িত্ব স্বীকাৰো কৰা নাই বা অস্বীকাৰো কৰা নাই।