জনপ্ৰিয় সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি আজি গুৱাহাটীৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত পুনৰ আৰম্ভ হয়। আজি এই গোচৰৰ সৈতে জড়িত সাতগৰাকী অভিযুক্তক ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে আদালতত হাজিৰ কৰা হয়।
আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ৩ জানুৱাৰী ধাৰ্য কৰিছে। সেইদিনাই অভিযুক্ত সাতগৰাকীৰ বিৰুদ্ধে আদালতত অভিযোগ গঠন (Charge frame) কৰা হ’ব।
আজি আদালতত হাজিৰ কৰোৱা অভিযুক্তসকলৰ ভিতৰত আছে – নৰ্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃ তথা এপিএছ বিষয়া সন্দীপন গাৰ্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, কন্ঠশিল্পী অমৃত প্ৰভা মহন্ত, জুবিন গাৰ্গৰ নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বড়া।
বৰ্তমান শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু দুই পিএছঅ’ বাক্সা জিলা কাৰাগাৰত বন্দী হৈ আছে। আনহাতে, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক হাফলং কাৰাগাৰত ৰখা হৈছে।
অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দল (SIT)য়ে এই গোচৰৰ সন্দৰ্ভত ইতিমধ্যে কামৰূপ চিজেএম আদালতত ১২০০০ পৃষ্ঠাৰ এক দীঘল অভিযোগনামা দাখিল কৰিছে। সাতজন অভিযুক্তৰ ভিতৰত চাৰিজন— শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰাৰ অধীনত হত্যাৰ অভিযোগ অনা হৈছে।
আজি শুনানিৰ সময়ত জুবিন গাৰ্গৰ ভগ্নী ডাঃ পাল্মী বৰঠাকুৰ আদালতত উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে তেওঁৰ ভাতৃয়ে ন্যায় পাব বুলি তেওঁ আশাবাদী আৰু চৰকাৰ, এছআইটি তথা ন্যায়পালিকাৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ আস্থা আছে। অৱশ্যে তেওঁ উল্লেখ কৰে যে অভিযুক্তসকলৰ মুখত তেওঁ কোনো অনুশোচনা দেখা নাপালে। তেওঁ লগতে জানিবলৈ দিয়ে যে পৰিয়ালে এতিয়ালৈকে অভিযোগনামাৰ প্ৰমাণিত কপি লাভ কৰা নাই।
আনহাতে, হত্যাৰ অভিযোগ অভিযুক্ত অমৃত প্ৰভা মহন্তৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা গেব্ৰিয়েল চাহুৱে ওকালতি কৰিব বুলি জানিব পৰা গৈছে।
