কেন্দ্ৰৰ মোদী চৰকাৰে ২০০৫ চনৰ এমজিএনৰেগা আইন বাতিল কৰি যোৱা ১৮ ডিচেম্বৰত ভিবি-জি ৰাম-জি {(বিকশিত ভাৰত গেৰাণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ)]} শীৰ্ষক নতুন আইন এখন সংসদত গৃহীত কৰোৱাৰ প্ৰতিবাদত বাঁও দলসমূহে আজি ২২ ডিচেম্বৰত সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।
ৰাষ্ট্ৰীয় আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি ৰাজধানী গুৱাহাটীকে ধৰি অসমৰো বিভিন্ন প্ৰান্তত চিপিআই(এম), চিপিআই, চিপিআই (এম-এল) আৰু ফৰৱাৰ্ড ব্লকৰ উদ্যোগত যৌথভাৱে ধৰ্ণা, বিক্ষোভ, সমাৱেশ আদি প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।
এমজিএনৰেগা বাতিলৰ বিৰুদ্ধে বাঁও দলসমূহৰ প্ৰতিবাদৰ প্ৰধান কাৰণবোৰৰ অন্যতম হ’ল – (১) বাঁও দলবোৰৰ অবিৰত হেঁচা আৰু গণ আন্দোলনৰ ফলত ২০০৪-০৯ চনত কেন্দ্ৰৰ ক্ষমতাত থকা প্ৰথমখন ইউপিএ চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে কৰ্মৰ অধিকাৰক আইনী স্বীকৃতি দি গ্ৰামাঞ্চলৰ দুখীয়া শ্ৰমজীৱী জনগণক বছৰত অন্তত: ১০০ দিন কাম দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰিছিল। সেই উদ্দেশ্যে তেতিয়াৰ চৰকাৰে গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন(এনৰেগা), ২০০৫ শীৰ্ষক এখন আইন। পৰৱৰ্তী কালত আইনখনৰ নামকৰণ কৰা হৈছিল “মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন” বা চমুকৈ এমজিএনৰেগা বুলি। এতিয়া মোদী চৰকাৰে গ্ৰাম্য কৰ্মসংস্থানৰ অধিকাৰ সংক্ৰান্ত আইনখন বাতিল আৰু নতুন আইন প্ৰণয়ন কৰি গাঁও অঞ্চলৰ দৰিদ্ৰ জনগণৰ বিৰুদ্ধে এক প্ৰকাৰৰ যুদ্ধ ঘোষণা কৰিছে। নতুন আইনখনক কাৰ্যতঃ আঁচনিলৈ পৰ্যবসিত কৰা হৈছে আৰু ই অধিকাৰৰ সলনি বাজেট নিৰ্ভৰশীল হৈ পৰিছে। বাজেটত নিৰ্ধাৰিত পুঁজি শেষ হ’লে জীৱন-জীৱিকাৰ বাবে কাম বিচৰাৰ অধিকাৰ নাথাকিব।
(২) পূৰ্বতে এমএনৰেগাৰ অধীনৰ কামৰ বাবে সিংহভাগ পুঁজি কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিল। ৰাজ্যসমূহে কেৱল উপকৰণ আৰু প্ৰশাসনিক ব্যয়ৰ সামান্য অংশ ব্যয় কৰিব লগা হৈছিল। নতুন আইনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ব্যয়ৰ দায়িত্ব ভাগ কৰি যথাক্ৰমে ৬০ : ৪০ শতাংশ অনুপাতত পুঁজি আৱণ্টনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত অসমৰ দৰে দৰিদ্ৰ ৰাজ্যত বাস্তৱত আইনৰ ৰূপায়ণ নহ’ব। তদুপৰি আইন ৰূপায়ণৰ সমস্ত পৰিকল্পনা তথা নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত পূৰ্বৰ পঞ্চায়ত বা স্থানীয় নিকায়সমূহ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা সম্পূৰ্ণ নস্যাৎ কৰি অতিকেন্দ্ৰিক নীতি গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা এই আইনৰ অধীনত কোন অঞ্চলত কি কাম হাতত লোৱা হ’ব, সেই সিদ্ধান্ত কেৱল কেন্দ্ৰীয় চৰকাৰেহে ল’ব। অৰ্থাৎ ৰাজ্য চৰকাৰসমূহৰ অধিকাৰ খৰ্ব কৰি যুক্তৰাষ্ট্ৰীয় নীতি বৰ্জন আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সলনি অতিকেন্দ্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
(৩) বিজেপি-আৰএছএছৰ মতাদৰ্শগত অৱস্থানৰ পৰা মহাত্মা গান্ধীৰ নামো নতুন আইনৰ পৰা আঁতৰাই দি সামাজিক ন্যায়, শ্ৰমৰ মৰ্যাদা, পঞ্চায়তী ৰাজ তথা গ্ৰাম্য স্ব-নিৰ্ভৰতা আদি গান্ধীৰ গণতান্ত্ৰিক মূল্যবোধ বিলুপ্ত কৰা আৰু স্বাধীনতা সংগ্ৰামকো অৱমাননা কৰা হৈছে।
(৪) চৰকাৰে ঢাক-ঢোল বজাই বছৰত কৰ্মদিন ১০০ দিনৰ পৰা ১২৫ দিনলৈ বৃদ্ধিৰ প্ৰস্তাৱ দাঙি ধৰিছে যদিও বাস্তৱত ই এক বিৰাট প্ৰহসন আৰু প্ৰতাৰণাত পৰিণত হ’ব। কাৰণ কামৰ আইনী অধিকাৰ হৰণ তথা পুঁজিৰ আৱণ্টন হ্ৰাসৰ ফলত অনিবাৰ্যভাৱেই কৰ্মদিন আৰু শ্ৰমিক নিযুক্তি দুয়োটাই হ্ৰাস পাব।
আজি গুৱাহাটীৰ মেঘদূত ভৱনৰ কাষত বাঁও দলকেইটাৰ দুই শতাধিক কৰ্মী মিলিত হৈ এমজিএনৰেগা বাতিলৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। প্ৰতিবাদকাৰীসকলৰ সন্মুখত বক্তব্য দাঙি ধৰি চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, এমজিএনৰেগা বাতিল কৰি কেন্দ্ৰীয় চৰকাৰে গাঁও অঞ্চলৰ দৰিদ্ৰ জনগণৰ কামৰ আইনী অধিকাৰ কাঢ়ি নিছে। নতুন আইন কাৰ্যকৰী হ’লে গ্ৰামাঞ্চলত কৰ্মহীনলোকৰ সংখ্যা ব্যাপক হাৰত বাঢ়ি যাব আৰু জীৱন-জীৱিকাৰ সন্ধানত অসমৰ পৰা বহিঃৰাজ্যলৈ যুৱ সমাজৰ প্ৰব্ৰজন অধিক উদ্বেগজনক হাৰত বাঢ়িব।
মোদী চৰকাৰে আদানি-আম্বানিৰ লেখীয়া বৃহৎ কৰ্পোৰেট গোষ্ঠীক সন্তুষ্ট কৰাৰ স্বাৰ্থতে পূৰ্বৰ আইন বাতিল কৰি নতুন আইন প্ৰণয়ন আৰু দৰিদ্ৰ জনগণৰ ওপৰত আক্ৰমণ কেন্দ্ৰীভূত কৰিছে বুলি তালুকদাৰে কয়।
বিক্ষোভস্থলীত চিপিআই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচ্ফাকুৰ ৰহমানে কয় যে মোদী চৰকাৰে নতুন আইনৰ জৰিয়তে দৰাচলতে গাঁও অঞ্চলৰ গৰিব শ্ৰমজীৱী মানুহৰ বিৰুদ্ধে শ্ৰেণীযুদ্ধ ঘোষণা কৰিছে। আচলতে চৰকাৰে খাদ্য আৰু জীৱনৰ অধিকাৰ, শ্ৰমিকৰ মৰ্যদাৰ ওপৰতে আক্ৰমণ আনিছে।
ৰহমানে এমজিএনৰেগা পুনৰ প্ৰৱৰ্তন কৰি গাঁৱৰ শ্ৰমিকৰ কৰ্মদিন ২০০ দিনলৈ আৰু ন্যূনতম দৈনিক মজুৰি ৬০০ টকালৈ বৃদ্ধি কৰা আৰু পূৰ্বৰ আইনৰ আসোঁৱাহবোৰ দূৰ কৰি আইনখন চহৰাঞ্চললৈ সম্প্ৰসাৰণ তথা সাৰ্বজনীন কৰাৰ দাবী তোলে।
প্ৰতিবাদ স্থলীত ফৰৱাৰ্ড ব্লকৰ নেতা তপন দেৱনাথে বক্তব্য দাঙি ধৰি নতুন আইনৰ তীব্ৰ বিৰোধিতা কৰে আৰু মোদী চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়। আজি নগাঁও, কৰিমগঞ্জকে ধৰি ৰাজ্যৰ অন্যান্য ঠাইতো প্ৰতিবাদ আন্দোলন সংগঠিত হয়।
