ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

কোনে কোনে পালে অসম চৰকাৰৰ  ‘যুৱ লেখক সন্মান’ ? চাওক সম্পূৰ্ণ তালিকা

সোমবাৰে অসম চৰকাৰে ঘোষণা কৰে ২০২৫ বৰ্ষৰ বাবে ‘যুৱ লেখক সন্মান’। ৰাজ্য চৰকাৰৰ ‘গ্ৰন্থ বৰ্ষ’ উদযাপনৰ অংশ হিচাপে ৪০ বছৰৰ তলৰ মুঠ ৮১৮ গৰাকী উদীয়মান লেখকক এই বঁটাৰে সন্মানিত কৰা হ’ব।

অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলাৰ এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই বঁটাসমূহ প্ৰদান কৰিব।

চৰকাৰী ঘোষণা অনুসৰি, অসমীয়া, বঙালী আৰু বড়ো ভাষাৰ উপৰি ৰাজ্যখনৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় ভাষা যেনে— মিচিং, কাৰ্বি, নেপালী আৰু অন্যান্য ভাষাৰ সাহিত্য চৰ্চাত ব্ৰতী হৈ থকা যুৱ লেখকসকলক এই স্বীকৃতি প্ৰদান কৰা হ’ব।

জানিব মতে, বঁটাপ্ৰাপক সকলক চৰকাৰে ২৫ হাজাৰ টকাকৈ প্ৰদান কৰিব।

বঁটাপ্ৰাপক সকলৰ সম্পূৰ্ণ তালিকাখন চাবলৈ এই লিংকটোত ক্লিক কৰক : https://publicationboardassam.com/yuva-lekhak-sanman-2025/