কৰ্ণাটকৰ হুবলীত সংঘটিত এক চাঞ্চল্যকৰ ‘অনাৰ কিলিং‘ অৰ্থাত সন্মানৰ নামত হত্যাৰ ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে দলিত সম্প্ৰদায়ৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ অভিযোগত ১৯ বছৰীয়া গৰ্ভৱতী মান্যা পাটিলক নৃশংসভাৱে হত্যা কৰা হয়। উল্লেখ্য যে মান্যা ছয়-সাত মাহৰ অন্তঃসত্বা আছিল। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে মান্যাৰ পিতৃসহ দুজন আত্মীয়ক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষী সূত্ৰ অনুসৰি, দেওবাৰে পুৱা প্ৰায় ৬ বজাৰ পৰা ৬:৩০ বজাৰ ভিতৰত হুবলি মৌজাৰ ইনাম বীৰাপুৰ গাঁৱৰ শহুৰেকৰ ঘৰত এই ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। অভিযুক্তই লোহাৰ পাইপেৰে মান্যাক আক্ৰমণ কৰাৰ লগতে তেওঁৰ স্বামী আৰু শহুৰেককো গুৰুতৰভাৱে আঘাত কৰে। সংকটজনক অৱস্থাত মান্যাক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
মন কৰিবলগীয়া যে, মান্যাই চলিত বৰ্ষৰ মে’ মাহত পৰিয়ালৰ অমতত দলিত সম্প্ৰদায়ৰ যুৱকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পৰিয়ালৰ ভাবুকিৰ আশংকাত দম্পতীহালে নিজ গাঁৱৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ হাভেৰী জিলাত আশ্ৰয় লৈ আছিল। যোৱা ৮ ডিচেম্বৰত পুনৰ গাঁওলৈ উভতি অহাৰ পিছতেই এই হত্যাকাণ্ড সংঘটিত হয়। আনকি তাৰ আগদিনাও অভিযুক্তসকলে তেওঁলোকক আক্ৰমণৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে।
আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত মান্যাৰ পিতৃ প্ৰকাশ ফকিৰগোডা আৰু দুজন আত্মীয়ক গ্ৰেপ্তাৰ কৰিছে। আন অভিযুক্তৰ সন্ধানত বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে আৰু গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। এই মৰ্মান্তিক ঘটনাই সমাজত বৰ্তি থকা ‘অনাৰ কিলিং‘ৰ দৰে কু-প্ৰথাৰ ভয়ংকৰ ৰূপ পুনৰবাৰ উদঙাই দিছে।
