ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

বাংলাদেশত বিভীষিকা: বিএনপি নেতাৰ ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ, তিনি কন্যাৰ কৰুণ মৃত্যু

বাংলাদেশত পুনৰ গা কৰি উঠিছে ৰাজনৈতিক হিংসাই। এইবাৰ লক্ষ্য কৰি লোৱা হ’ল লক্ষ্মীপুৰৰ এজন স্থানীয় বিএনপি নেতাক। শনিবাৰে পুৱতি নিশা লক্ষ্মীপুৰ সদৰ উপজিলাৰ অন্তৰ্গত বিএনপিৰ সহকাৰী সাংগঠনিক সম্পাদক বিলাল হোছেইনৰ বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। এই মৰ্মান্তিক ঘটনাত হোছেইনৰ তিনিগৰাকী কন্যা সন্তানে কৰুণ মৃত্যুক সাৱটি লয়।

প্ৰাপ্ত খবৰ অনুসৰি, নিশা প্ৰায় ১ বজাত দুৰ্বৃত্তৰ এটা দলে পৰিকল্পিতভাৱে বেলাল হোছেইনৰ বাসগৃহৰ দুয়োখন দুৱাৰ বাহিৰৰ পৰা তলা লগাই দিয়ে। ইয়াৰ পিছতে সমগ্ৰ ঘৰটোত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে। জুইৰ লেলিহান শিখাই মুহূৰ্ততে ঘৰটো আৱৰি ধৰাৰ ফলত পৰিয়ালটো ভিতৰতে আবদ্ধ হৈ পৰে।

ঘটনাটোত ৭ বছৰীয়া আয়েছা আক্তাৰে কোঠাৰ ভিতৰতে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায়। আনহাতে, গুৰুতৰভাৱে দগ্ধ হোৱা জ্যেষ্ঠ কন্যা ছালমা আক্তাৰ আৰু ছামিয়া আক্তাৰক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হোৱাৰ বাবে চিকিৎসালয়তে দুয়োৰে মৃত্যু ঘটে। ঘৰৰ মুৰব্বী বিলাল হোছেইনো বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। অৱশ্যে তেওঁৰ পত্নী আৰু দুই পুত্ৰ সন্তানে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ আঁৰত থকা দুৰ্বৃত্তৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। অন্তৱৰ্তীকালীন চৰকাৰৰ আমোলত আইন-শৃংখলাৰ অৱনতি ঘটা বুলি অভিযোগ উত্থাপন কৰি দলটোৱে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে।