দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত এগৰাকী যাত্ৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগত এয়াৰ ইণ্ডিয়া এক্সপ্রেসৰ এজন পাইলটক কৰ্তব্যৰ পৰা নিলম্বন কৰা হৈছে। স্পাইচজেটৰ যাত্ৰী অংকিত দেৱানে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
এয়াৰলাইন্স কৰ্তৃপক্ষই জনোৱা মতে, তদন্ত শেষ নোহোৱালৈকে অভিযুক্ত পাইলটজনক সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।
অংকিত দেৱানৰ মতে, তেওঁ পত্নী আৰু চাৰি মহীয়া সন্তানৰ সৈতে বিমানবন্দৰত থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। যিহেতু তেওঁলোকৰ লগত কেঁচুৱা আছিল, সেয়েহে বিমানবন্দৰৰ কৰ্মীসকলে তেওঁলোকক কৰ্মচাৰী আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে নিৰ্দিষ্ট ছিকিউৰিটি চেক লাইনটো ব্যৱহাৰ কৰিবলৈ দিছিল।
দেৱানৰ অভিযোগ অনুসৰি, সেই লাইনত থকাৰ সময়ত একাংশ বিমান কৰ্মচাৰীয়ে লাইন ভাঙি তেওঁলোকৰ আগেৰে যাবলৈ চেষ্টা কৰে। তেওঁ ইয়াৰ বিৰোধিতা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। সেই সময়ত একেটা লাইনতে থকা কেপ্তেইন বীৰেন্দ্ৰ নামৰ পাইলটজনে অংকিতক অশিক্ষিত বুলি উপলুঙা কৰে আৰু নিৰ্দেশনাৱলী পঢ়িব জানে নে নাই বুলি প্ৰশ্ন কৰে।
অংকিত দেৱানে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’-ত লিখিছে, “মোৰ সন্মুখত থকা একাংশ কৰ্মচাৰীয়ে লাইনত বিশৃংখলতা কৰিছিল। মই প্ৰশ্ন কৰাত কেপ্তেইন বীৰেন্দ্ৰই মোক অশিক্ষিত বুলি গালি পাৰে আৰু কয় যে মই পঢ়িব নোৱাৰো নেকি যে এই প্ৰৱেশ পথটো কেৱল কৰ্মচাৰীৰ বাবেহে।”
এই বাকযুদ্ধই তৎক্ষণাত হিংসাত্মক ৰূপ লয়। অংকিতৰ অভিযোগ যে পাইলটজনে তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰে, যাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হয় আৰু তেওঁৰ শৰীৰৰ পৰা তেজ নিৰ্গত হয়। তেওঁ আৰু কয় যে পাইলটজনৰ ছাৰ্টত লাগি থকা তেজৰ দাগবোৰো আচলতে অংকিতৰেই আছিল। যাত্ৰীজনে ছ’চিয়েল মিডিয়াত অভিযুক্ত পাইলটজনৰ ফটোও প্ৰকাশ কৰিছে।
এই অনাকাংক্ষিত ঘটনাই অংকিতৰ পাৰিবাৰিক ভ্ৰমণৰ আনন্দ সম্পূৰ্ণৰূপে ম্লান কৰি পেলায়। তেওঁ জনোৱা মতে, চকুৰ সন্মুখত দেউতাকক আক্ৰমণ কৰা দেখি তেওঁৰ কনমানি কন্যা সন্তানটি অত্যন্ত আতংকিত হৈ পৰে।
ঘটনাটো পোহৰলৈ অহাৰ পিছতে এয়াৰ ইণ্ডিয়া এক্সপ্রেছে এক বিবৃতি প্ৰকাশ কৰি দুখ প্ৰকাশ কৰিছে। তেওঁলোকে জনাইছে যে অভিযুক্ত কৰ্মচাৰীজনক তৎক্ষণাত দায়িত্বৰ পৰা আঁতৰোৱা হৈছে। ঘটনাৰ সময়ত তেওঁ যাত্ৰী হিচাপেহে ভ্ৰমণ কৰি আছিল।
আনহাতে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়েও এই ঘটনাক অত্যন্ত গুৰুত্বসহকাৰে লৈছে। মন্ত্ৰালয়ে সংশ্লিষ্ট এয়াৰলাইন্সক পাইলটজনক তৎক্ষণাত নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে আৰু BCAS তথা CISF-ৰ পৰা বিতং প্ৰতিবেদন বিচাৰিছে।
দিল্লী বিমানবন্দৰৰ দৰে উচ্চ নিৰাপত্তাৰ স্থানত এজন পাইলটৰ এনে আচৰণৰ বাবে যাত্ৰীৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।
