মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন চমুকৈ এমজিএনৰেগাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা বিকশিত ভাৰত – নিয়োগ আৰু জীৱিকাৰ নিশ্চিতকৰণ অভিযান (গ্ৰামীণ ) বা ভিবিজি ৰাম জি বিল, ২০২৫ক লৈ সংসদত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ মাজতে এক চৰকাৰী তথ্যই প্ৰকাশ কৰিছে যে শেহতীয়াকৈ ১৬.৩ লাখতকৈ অধিক শ্ৰমিকৰ নাম এমজিএনৰেগাৰ তালিকাৰ পৰা আঁতৰাই পেলোৱা হৈছে। নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, যোৱা ১৬ ডিচেম্বৰত লোকসভাত বিধেয়কখন উত্থাপন কৰাৰ মাত্ৰ এমাহ পূৰ্বে অৰ্থাৎ মাত্ৰ ৩৬ দিনৰ ভিতৰতে শ্ৰমিকৰ নাম কৰ্তনৰ এই বৃহৎ প্ৰক্ৰিয়াটো সংঘটিত হৈছিল। ১০ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰা এই তথ্যই গ্ৰাম্য শ্ৰমিক আৰু বিশেষজ্ঞসকলৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। তেওঁলোকে আশংকা প্ৰকাশ কৰিছে যে নতুন ব্যৱস্থাত শ্ৰমিকসকলে নিজৰ কামৰ অধিকাৰ হেৰুৱাব পাৰে।
লোকসভাত সমাজবাদী পাৰ্টীৰ সাংসদ লালজী ভাৰ্মা আৰু আনন্দ ভদোৰিয়াই সোধা এক লিখিত প্ৰশ্নৰ উত্তৰত গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী কমলেশ পাছৱানে এই পৰিসংখ্যা দাঙি ধৰে। চৰকাৰী পক্ষৰ পৰা দাবী কৰা হৈছে যে জবকাৰ্ড কৰ্তন কৰাটো এমজিএনৰেগাৰ নিয়মৰ অধীনত ৰাজ্যসমূহে গ্ৰহণ কৰা এক নিয়মীয়া কাৰ্যহে। মন্ত্ৰীগৰাকীয়ে বুজাই দিয়ে যে যিবোৰ জবকাৰ্ড ভুৱা বা ডুপ্লিকেট আছিল, অথবা যিসকল শ্ৰমিক স্থায়ীভাৱে আন ঠাইলৈ প্ৰব্ৰজন কৰিছে বা মৃত্যু হৈছে, তেনে শ্ৰমিকৰ নামহে কৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও কিছুমান পঞ্চায়তক চহৰীয়া এলেকা হিচাপে ঘোষণা কৰাৰ বাবেও নাম আঁতৰোৱা হৈছে। তদুপৰি চৰকাৰে স্পষ্ট কৰি দিছে যে ই-কেৱাইচিৰ দৰে ডিজিটেল প্ৰক্ৰিয়া এই নাম কৰ্তনৰ কাৰণ নহয়।
আনহাতে ইণ্ডিয়া মিত্ৰজোটৰ দলসমূহে এই যুক্তি মানি ল’বলৈ অমান্তি হৈছে। নতুন বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধী পক্ষই অভিযোগ কৰিছে যে চলিত বৰ্ষত প্ৰৱৰ্তন কৰা আধাৰ ভিত্তিক ই-কেৱাইচি পৰীক্ষণৰ বাবেহে ইমান বৃহৎ সংখ্যক শ্ৰমিক তালিকাৰ পৰা বাদ পৰিছে। বিৰোধীৰ মতে আচলতে কৰ্তন কৰা শ্ৰমিকৰ সংখ্যা প্ৰায় ২৭ লাখহে হ’ব যিটো ই-কেৱাইচিৰ কঠোৰ নিয়মৰ সৈতে পোনপটীয়াকৈ জড়িত। অৱশ্যে মন্ত্ৰী পাছৱানে কয় যে নৱেম্বৰ মাহলৈকে ৫৬ শতাংশতকৈ অধিক সক্ৰিয় শ্ৰমিকে ই-কেৱাইচি সম্পূৰ্ণ কৰিছে আৰু প্ৰায় ৯৯.৭ শতাংশ সক্ৰিয় অভিলেখ আধাৰৰ জৰিয়তে পৰীক্ষা কৰা হৈছে। উল্লেখ্য যে ২০০৫ চনত ইউ পি এ চৰকাৰে আৰম্ভ কৰা এই আঁচনিয়ে গ্ৰাম্য পৰিয়ালসমূহক বছৰি ১০০ দিনৰ নিশ্চিত কামৰ সুযোগ দিছিল যাৰ সম্পূৰ্ণ আৰ্থিক দায়িত্ব কেন্দ্ৰই বহন কৰিছিল।
চৰকাৰৰ মতে নতুন ভিবিজি ৰামজী বিধেয়কখনে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি গ্ৰাম্য বিকাশৰ এক নতুন কাঠামো তৈয়াৰ কৰিব। ইয়াত বছৰি ১২৫ দিনৰ কামৰ প্ৰস্তাৱ দিয়া হৈছে যদিও বিৰোধীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ দিশত আপত্তি দৰ্শাইছে। বিশেষকৈ মজুৰি প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অংশীদাৰিত্ব ৯০ শতাংশৰ পৰা ৬০ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ আৰু কৃষি কৰা ঋতুৰ ব্যস্ত সময়ত কাম বন্ধ কৰি দিয়াৰ যি ব্যৱস্থা কৰা হৈছে, তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। চৰকাৰে অৱশ্যে জনাইছে যে যোৱা পাঁচ বছৰত ৪৫.৭ নিযুত পুৰণি কাৰ্ড আঁতৰোৱাৰ বিপৰীতে ৬৫.৪ নিযুত নতুন কাৰ্ড প্ৰদান কৰা হৈছে। ইণ্ডিয়া মিত্ৰজোটৰ অভিযোগ যে চৰকাৰে কেৱল নাম সলনি কৰাৰ স্বাৰ্থত মহাত্মা গান্ধীৰ নাম মচি পেলাব খুজিছে আৰু আইনগত অধিকাৰক এক সাধাৰণ আঁচনিলৈ ৰূপান্তৰিত কৰি ৰাজ্যসমূহৰ ওপৰত আৰ্থিক বোজা জাপি দিছে। তীব্ৰ বিৰোধিতাৰ মাজতে অৱশেষত সংসদৰ দুয়োখন সদনে এই বিধেয়কখন গৃহীত কৰিছে।
