অসম তথা উত্তৰ-পূবৰ ঔদ্যোগিক উন্নয়ন, নিবনুৱা সমস্যা সমাধান, কৰ্মসংস্থাপন সৃষ্টিকে ধৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ ৰিপ’ৰ্ট কাৰ্ড যথেষ্ট বেয়া। যোৱা ১০ বছৰত অসমত ইটোৰ পিছত সিটোকৈ ৰাজহুৱা উদ্যোগ বন্ধ হৈছে। বিজেপিয়ে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগক লৈ ঢোল কোবালেও সেইটো কাগজ কল বন্ধ কৰিহে স্থাপন কৰা হৈছে। কাগজ কলটো চলাই ৰাখি আন এটা স্থানত সেইটো কৰিলেহে প্ৰকৃতাৰ্থত ঔদ্যোগিক উন্নয়ন হোৱা বুলি ক’ব পৰা গ’লহেতেন। নামৰূপ সাৰ কাৰখানাৰ ছেকেণ্ড ইউনিট ২০২০ চনত বন্ধ হৈ গৈছে। চতুৰ্থ ইউনিটটো বহুত আগতেই হৈ যাব লাগিছিল। ২০১৪ চন মানতেই কেন্দ্ৰ চৰকাৰে চতুৰ্থ ইউনিটক লৈ অসমবাসীক সপোন দেখুৱাইছিল। পিছে সেইটো এতিয়াহে আৰম্ভ কৰিবলৈ ওলাইছে। ইখনৰ পিছত সিখনকৈ আছাম টী কৰ্পৰেশ্যনৰ চাহ বাগান বিক্ৰী হৈ গ’ল। ৮০০০ চৰকাৰী স্কুল বন্ধ হৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত আজি সাংবাদিকৰে হোৱা বাৰ্তালাপত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে।
তেওঁ আৰু কয় যে অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ কেইজনমান মুষ্টিমেয় লোকৰহে জয়-জয় ময়-ময় অৱস্থা হৈছে। ”দিছপুৰৰ পৰা দিল্লীলৈ এইখন বিজেপি চৰকাৰৰ নীতি হ’ল থলুৱা উদ্যোগ বন্ধ কৰা, চৰকাৰী উদ্যোগ বন্ধ কৰা আৰু এটা বিশেষ কোম্পানীক গোটেই কামবোৰ গতাই দি মন’পলি সৃষ্টি কৰা। ফলত আৰ্থিকভাৱে আমাৰ ৰাজ্যখন আৰু দেশখন বাস্তৱ ক্ষেত্ৰখনত যিধৰণে আগবাঢ়ি যাব লাগিছিল তাৰ পৰা আমি বঞ্চিত হৈ আছো।’’-গগৈয়ে কয়। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি কেনেকুৱা সেয়া ভালদৰেই চিনি পাওঁ বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয়, ”আজি জুবিনদাৰ অনুপস্থিতিত অসমৰ ৰাইজে জুবিনদাই কৈ যোৱা বৰ অসমখনৰ কথা মনত পেলাইছে। কা আইনৰ বিৰুদ্ধে কৈ যোৱা কথাবোৰ মনত পেলাইছে। জুবিনদাই বিজেপি দল সম্পৰ্কত কৈ যোৱা কথাবোৰ মনত পেলাইছে। জুবিনদাই কৈ যোৱা এনে কথাবোৰ চৰ্চাত বাধা দিবলৈকে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ চৰিত্ৰ হনন কৰি বাকী কথাবোৰ তলত পৰি ৰোৱাকৈ ৰণকৌশল যুগুত কৰিছে।’’
জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে যিকোনো পৰ্যায়লৈ যাব পাৰে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে জুবিনদাৰ অনুৰাগীসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে জুবিনদাৰ পৰিয়ালৰ লোকসকলকো ৰাজনৈতিকভাৱে হেঁচা দিবলৈকো হিমন্ত বিশ্ব শৰ্মাই কুণ্ঠাবোধ নকৰে। জুবিনদাৰ ন্যায় বিচৰা বাবেই অজয় ফুকন, ভিক্টৰ দাসক জেললৈ পঠিয়ালে। প্ৰশ্ন কৰা বাবেই সাংবাদিককো জেললৈ পঠিয়াইছে, অন কেমেৰা চাকৰি খাই দিম বুলি সাংবাদিকক ভাবুকি দিছে। ছিংগাপুৰৰ আছাম এছ’চিয়েশ্যনত থকা হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দিষ্ট ঘনিষ্ঠ লোকসকলক কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। শ্যামকানু মহন্ত নেতৃত্বাধীন সংস্থাক বিদেশত অনুষ্ঠান পাতিবলৈ চৰকাৰে কিয় ধন দিছে বুলি প্ৰশ্ন কৰিলে সাংস্কৃতিক মন্ত্ৰণালয়, বিদেশ মন্ত্ৰণালয়কে ধৰি সকলো বিভাগেই নিমাত হৈ পৰে। আনহাতে, বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে। বাংলাদেশত এজন হিন্দু যুৱকক মৰিয়াই মাৰি জ্বলাই দি হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে গৌৰৱ গগৈয়ে।
মোদী চৰকাৰৰ বিদেশ নীতিৰ ভুলৰ বাবেই এসময়ৰ বন্ধু ৰাষ্ট্ৰখনত পুনৰ ভাৰত বিৰোধী শক্তিয়ে মূৰ দাঙি উঠিবলৈ পালে বুলিও অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
”আজি বিদেশ নীতিৰ জৰিয়তে আমি সমগ্ৰ বিশ্বৰ বাবে গণতন্ত্ৰৰ প্ৰতি, মানৱাধিকাৰৰ প্ৰতি এক আদৰ্শ সৃষ্টি কৰিব পাৰিব লাগিছিল। কিন্তু আমি তেনে একো পৰিৱেশ দেখাই নাই। ভূটান হওক, ম্যানমাৰ হওক, নেপাল হওক, মালদ্বীপ হওক বা শ্ৰীলংকাই হওক চুবুৰীয়া সকলো ৰাষ্ট্ৰই আমাৰ ওচৰৰ পৰা আঁতৰি গৈছে। এই দেশবোৰৰ ওপৰত আগতে ভাৰতৰ প্ৰভাৱ আছিল। আজি এই দেশবোৰৰ ওপৰত ভাৰতৰ একো প্ৰভাৱেই নাই।’’-গগৈয়ে কয়।
ইফালে, আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গগৈয়ে কয় যে ৰাইজক মজা দিয়াবোৰক এইবাৰ ৰাইজে মজা দিব। সেইবাবে কংগ্ৰেছ দল ৰাইজৰ সুখ-দুখৰ উমান ল’বলৈ ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ মাজলৈ আহিছে বুলিও কয় গগৈয়ে। ”অসমৰ নতুন প্ৰজন্মই বিচৰাৰ দৰে উচ্চ শিক্ষা, গাঁৱৰ মহিলাসকলে বিচৰাৰ দৰে ভাল আদৰ্শ পৰিৱেশ, গাঁওবোৰত মদৰ দোকান নাথাকিব, ড্ৰাগছৰ বেহা নাথাকিব। খেলুৱৈসকলে বিচৰাৰ দৰে খেলপথাৰ থাকিব। ৰাইজে বিচৰা এনেকুৱা এখন আদৰ্শ অসম গঢ়িবলৈ আমি কাম কৰিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈছো।’’-গগৈয়ে মন্তব্য কৰে।
মাজুলীৰ খহনীয়াৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে এই বিষয়টোত প্ৰধানমন্ত্ৰীয়ে চকু দিয়া উচিত। তেওঁ কয়, ”মনোমহন সিং ডাঙৰীয়াৰ যেতিয়া চৰকাৰ আছিল, তেতিয়া বিভিন্ন আন্তঃগাঁথনিৰ ক্ষেত্ৰত অসমক যথেষ্ট সহায় কৰিলে। বগীবিল দলং নিৰ্মাণৰ দৰে এটা বৃহৎ প্ৰকল্পক ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যাদা প্ৰদান কৰি নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আৰ্থিক সহায় কৰিলে। শিলচৰ-লামডিং ৰেলপথ সম্প্ৰসাৰণকো ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যাদা প্ৰদান কৰিলে। আজিৰ তাৰিখত নতুনকৈ কেন্দ্ৰ চৰকাৰে কি কৰিছে? বানপানী-গৰাখহনীয়াৰ বাবে পাবলগীয়া ধনবোৰো সময়মতে মোকলাই নিদিয়া হৈছে।’’
বৰ্তমানৰ কেন্দ্ৰ চৰকাৰে অসমৰ বান-গৰাখহনীয়া সমস্যা ৰোধৰ বাবে কিমান টকা মোকলাই দিছে আৰু বাকী ৰাজ্যবোৰক কিমান ধন মোকলাই দিছে সেই লৈ এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈকো দাবী জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইফালে, জলজীৱন আঁচনিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে আজিও ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত মাজুলী ব্লক কংগ্ৰেছে ‘নল আছে জল নাই’ শ্ল’গানেৰে মাজুলীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। আন আন জিলাতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ব্লক কংগ্ৰেছ কমিটিসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে। জাগীৰোডতো এই লৈ বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
