ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু পত্নী বুছৰা বিবিক দুৰ্নীতিৰ গোচৰত ১৭ বছৰৰ কাৰাদণ্ড

পাকিস্তানৰ এখন বিশেষ আদালতে দুৰ্নীতিৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুছৰা বিবিক ১৭ বছৰৰ কাৰাদণ্ড বিহিছে।  সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা এই খবৰ প্ৰকাশ পাইছে।

পাকিস্তানৰ আদালতে ইমৰাণ খান আৰু তেওঁৰ পত্নীক ৰাষ্ট্ৰীয় উপহাৰৰ সৈতে জড়িত টোছাখানা দুৰ্নীতিৰ গোচৰত শাস্তি প্ৰদান কৰে। ২০২১ চনত ছৌদি আৰব চৰকাৰৰ পৰা লাভ কৰা ৰাষ্ট্ৰীয় উপহাৰত জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল। সেই গোচৰত এই শাস্তি ঘোষণা কৰা হৈছে।

ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰত বিশেষ আদালতৰ ন্যায়াধীশ শ্বাহৰুখ আৰ্জুমণ্ডে এই ৰায় ঘোষণা কৰে। আদালতৰ নিৰ্দেশ অনুসৰি ইমৰাণ খান আৰু বুছৰা বিবিক পাকিস্তানী দণ্ডবিধিৰ ৪০৯ ধাৰাত ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে। এই ধাৰাটো অপৰাধমূলক আস্থা ভংগৰ সৈতে জড়িত।

তদুপৰি দুৰ্নীতি প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাত তেওঁলোকক আৰু ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। মুঠতে দুয়োকে ১৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আদালতে তেওঁলোকক ১ কোটি টকাকৈ জৰিমনাও আৰোপ কৰে।

২০২৩ চনৰ ৯ মে’ত ইমৰাণ খানক প্ৰথমবাৰৰ বাবে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) দলৰ প্ৰতিষ্ঠাপকক গ্ৰেপ্তাৰ কৰে নেশ্যনেল একাউন্টেলিটি ব্যুৰোৱে। সেই বছৰৰ আগষ্ট মাহত পুনৰ টোছাখানা গোচৰত গ্ৰেপ্তাৰ হৈছিল।

পাকিস্তান চৰকাৰৰ বিৰুদ্ধে কাৰাগাৰত থকা ইমৰাণক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। আনকি ৰাষ্ট্ৰসংঘইও এই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰি ইমৰাণ খানক মুক্তিৰ দাবী জনাইছে। সচেতন মহলৰ মতে এই ৰায়দানৰ পিছত ইমৰাণৰ প্ৰতি পাকিস্তান চৰকাৰৰ মনোভাৱ স্পষ্ট হৈ পৰিছে।

বিশ্লেষকৰ এটা অংশৰ মতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্বকাপ বিজয়ী ক্ৰিকেট অধিনায়কগৰাকীৰ বিৰুদ্ধে এই ৰায়দানে পাকিস্তানৰ ৰাজনীতিত এক নতুন আলোড়নৰ সৃষ্টি কৰিব পাৰে।