ছিৰিয়াত আকস্মিক আক্ৰমণ চলালে আমেৰিকান সেনাই। শুকুৰবাৰে নিশা আমেৰিকান সেনাই আইছিছৰ উগ্ৰপন্থী ঘাটিক লক্ষ্য কৰি লয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে এয়া যুদ্ধৰ ইংগিত নহয়। ই আছিল মাথোঁ প্ৰতিশোধমূলক পদক্ষেপ। আৰু ইয়াত সমৰ্থন আছে ছিৰিয়া চৰকাৰৰ।
উল্লেখ্য যে যোৱা সপ্তাহত ছিৰিয়াত কেইবাজনো আমেৰিকান লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁলোকৰ মৃতদেহ আমেৰিকা পোৱাৰ পিছতেই ট্ৰাম্পে প্ৰতিশোধৰ বাৰ্তা দিছিল।
তেওঁ কৈছিল যে ছিৰিয়াত উপস্থিত থকা সকলো হত্যাকাৰী সন্ত্ৰাসবাদীক শাস্তি দিব। শুকুৰবাৰৰ আক্ৰমণ সেই প্ৰতিশোধৰ অংশ বুলি কয় ট্ৰাম্পে। আইছিছৰ ঘাটি চিনাক্ত কৰি আকাশৰ পৰা গোলাবৰ্ষণ কৰা হয়। তেওঁলোকৰ অভিযান সফল হোৱা বুলি দাবী কৰিছে ট্ৰাম্পে। বহু ঘাটি ধ্বংস হৈছে। আমেৰিকাৰ এই আক্ৰমণত বহু উগ্ৰপন্থী নিহত হয়।
এই আক্ৰমণৰ পিছত পশ্চিম এছিয়াত পুনৰ যুদ্ধ আৰম্ভ হ’ব পাৰে নেকি? আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে অৱশ্যে সেই জল্পনা-কল্পনাক খাৰিজ কৰিছে। তেওঁৰ ভাষাত ‘চিৰিয়াত আইছিছ উগ্ৰপন্থী, তেওঁলোকৰ আন্তঃগাঁথনি, অস্ত্ৰ ঘাটি ইত্যাদি লক্ষ্য কৰি লোৱা হৈছিল। এই অভিযানৰ নাম ‘অপাৰেচন হকআই ষ্ট্ৰাইক’। অৱশ্যে এয়া যুদ্ধৰ আৰম্ভণি নহয়। এয়া প্ৰতিশোধ। আমি আমাৰ শত্ৰুক লক্ষ্য কৰি হত্যা কৰিছো। অনাগত দিনতো আমি তেনেকৈয়ে কৰি যাম।’
আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, ‘আমি ছিৰিয়াত আইছিছৰ শক্তিশালী ঘাটিবোৰত তীব্ৰভাৱে আক্ৰমণ কৰিছো। ছিৰিয়া ৰক্তস্নাত, তেওঁলোকৰ বহু সমস্যা আছে। কিন্তু যদি আইছিছক নিৰ্মূল কৰিব পৰা যায় তেন্তে এই দেশৰ ভৱিষ্যতো উজ্জ্বল। ছিৰিয়া চৰকাৰৰ মুৰব্বী এনে এজন ব্যক্তি যিয়ে দেশখনৰ গৌৰৱ ঘূৰাই আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে। তেওঁ আমেৰিকাৰ আক্ৰমণক সমৰ্থন কৰিছে।’
ছিৰিয়াকে ধৰি বিশ্বৰ সকলো প্ৰান্তৰ সন্ত্ৰাসবাদীক সতৰ্ক কৰি দি ট্ৰাম্পে কয় যে, ‘যদি আমেৰিকাৰ নাগৰিকক আক্ৰমণ কৰে, যদি আমেৰিকাৰ ক্ষতি কৰে, তেন্তে তোমালোক এনে পৰিণতিৰ সন্মুখীন হ’বা যিটো আগতে কেতিয়াও হোৱা নাছিল বা কল্পনা কৰিব নোৱাৰি।’
জানিব পৰা মতে, ছিৰিয়াৰ আক্ৰমণত আমেৰিকাৰ সেনাই এফ-১৫ আৰু এ-১০ যুদ্ধ বিমান ব্যৱহাৰ কৰিছিল। মধ্য ছিৰিয়াৰ কমেও ৭০টা স্থানক লক্ষ্য কৰি গোলাবৰ্ষণ কৰা হৈছে।
ইপিনে, ছিৰিয়া চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থকা বুলি প্ৰকাশ কৰিছে। ছিৰিয়াক সন্ত্ৰাসবাদী মুক্ত অঞ্চল হ’বলৈ দিয়া নহ’ব। বৰ্তমান ছিৰিয়াত কমেও ১০০০ আমেৰিকান সৈন্য আছে। আমেৰিকাৰ সেনাই দাবী কৰিছে যে কমেও এক ডজন সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা হৈছে।
