ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ঘৃণামূলক ভাষণৰ বাবে ১০ বছৰৰ কাৰাদণ্ড! বিজেপিৰ আপত্তি নাকচ কৰি বিধেয়ক গৃহীত কৰ্ণাটকত

বিজেপিৰ আপত্তি নাকচ কৰি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে বিধানসভাত এখন ডাঙৰ বিধেয়ক গৃহীত কৰে। শুকুৰবাৰে কৰ্ণাটকৰ সিদ্দাৰমাইয়া চৰকাৰে ঘৃণামূলক ভাষণ আৰু ঘৃণা অপৰাধ (প্ৰতিৰোধ) বিধেয়ক গৃহীত কৰে।

ইয়াৰ জৰিয়তে ৰাজ্যত অশান্তি বিয়পাবলৈ ঘৃণামূলক ভাষণ দিয়া ব্যক্তিক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। এই বিধেয়কখনৰ বিৰুদ্ধে কৰ্ণাটকৰ বিজেপি আৰু জেডিএছে প্ৰতিবাদত সৰৱ হৈছে। এই পদক্ষেপ গণতন্ত্ৰৰ কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰয়াস বুলি অভিযোগ উত্থাপন কৰিছে।

যোৱা ৪ ডিচেম্বৰত মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কেবিনেটত ঘৃণামূলক ভাষণ আৰু ঘৃণা অপৰাধ (প্ৰতিৰোধ) বিধেয়কত অনুমোদন জনায়। তাৰ পিছত ১০ ডিচেম্বৰত বিধানসভাত বিধেয়কখন দাখিল কৰা হয়। বৃহস্পতিবাৰে বিপুল সংখ্যাগৰিষ্ঠতাৰে বিধেয়কখন গৃহীত হয়।

শুকুৰবাৰে বিধানসভাত বিধেয়কখন দাখিল কৰাৰ সময়ত বিৰোধীৰ আপত্তি আওকান কৰি বিধেয়কখন গৃহীত কৰা হয়। এইবাৰ ৰাজ্যপালৰ অনুমোদন লাভ কৰাৰ পাছতেই এই বিধেয়কখন আইনত পৰিণত হ’ব৷ এই বিধেয়কখন আইনত পৰিণত হ’লে ঘৃণামূলক ভাষণৰ দোষী সাব্যস্ত হোৱা ব্যক্তিক সৰ্বাধিক ১০ বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

কিন্তু বিধেয়কখন গৃহীত হ’লেও বিজেপি আৰু এন ডি এৰ মিত্ৰজোঁট জেডিএছে বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে। তেওঁলোকৰ অভিযোগ যে কংগ্ৰেছ চৰকাৰে এই আইনৰ জৰিয়তে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে।

এই বিষয়ত সৰৱ হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা কৰ্ণাটকৰ সাংসদ প্ৰলহাদ যোশীয়ে। তেওঁ কয়, “এই বিধেয়কখন আচলতে মত প্ৰকাশৰ স্বাধীনতা হৰণ। চৰকাৰে এনে বিধেয়ক আনিছে কাৰণ বিৰোধীৰ সমালোচনা সহ্য কৰিব নোৱাৰে। কংগ্ৰেছ চৰকাৰে এই আইনখন বৃহৎ পৰিসৰত অপব্যৱহাৰ কৰিব।”

উল্লেখ্য যে ঘৃণামূলক ভাষণৰ অভিযোগ দেশত নতুন নহয়। দেশৰ বিভিন্ন প্ৰান্তত বহুবাৰ বিজেপিৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে। ২০২২ চনৰ দিল্লী দাংগাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে “দেশ কি গদ্দাৰো কো, গুলি মাৰো…” বুলি কোৱা শুনা গৈছিল।

শেহতীয়াকৈ নলীন কাটিল, অনন্ত কুমাৰ হেগড়েকে ধৰি কৰ্ণাটক বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ বিৰুদ্ধে সংখ্যালঘু লোকৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে আদালতেও ক্ষোভ উজাৰিছে।