ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

মৰ্মান্তিক! নগাঁৱৰ কামপুৰৰ ওচৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৮টা হাতী নিহত

অসমৰ হোজাই জিলাত শনিবাৰে পুৱা সংঘটিত হয় এক ৰে’ল দুৰ্ঘটনা। ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৮টা হাতী নিহত হোৱাৰ লগতে আৰু এটা হাতী আহত হয়।

সংঘৰ্ষৰ তীব্ৰতা ইমানেই বেছি আছিল যে ৰে’লখনৰ ইঞ্জিনকে ধৰি পাঁচটা ডবা ৰেলপথৰ পৰা ওলাই যায়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং শাখাৰ সংমণ্ডল প্ৰবন্ধকে জনোৱা মতে, যমুনামুখ আৰু কামপুৰ ষ্টেচনৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা।

শনিবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় বিভাগীয় পৰিচালকগৰাকী। কৰ্তৃপক্ষই জনোৱা মতে, এই দুৰ্ঘটনাত কোনো ৰে’ল যাত্ৰী আহত হোৱা নাই। সকলো সুস্থ। ৰে’লখন এতিয়া আপ লাইনত চলি আছে।

নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেৰ (এনএফআৰ) মুখপাত্ৰই জনোৱা মতে, এই কাণ্ডত পাঁচটা ডবা আৰু ৰে’লখনৰ ইঞ্জিন ৰেলপথৰ পৰা ওলাই যায় যদিও যাত্ৰী কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।

মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, নতুন দিল্লী অভিমুখী ৰে’লখনে পুৱতি নিশা প্ৰায় ২.১৭ বজাত দুৰ্ঘটনাটোত পতিত হয়।

ক্ষতিগ্ৰস্ত যমুনামুখ–কামপুৰ অংশৰ মাজেৰে পাৰ হ’বলগীয়া ৰে’লসমূহ আপ লাইনৰ মাজেৰে ডাইভাৰ্ট কৰা হৈছে আৰু পুনৰুদ্ধাৰৰ কাম চলি আছে।

ছাইৰাং-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছে মিজোৰামৰ চাইৰাং (আইজলৰ ওচৰত)ৰ পৰা আনন্দ বিহাৰ টাৰ্মিনেললৈ (দিল্লী) চলাচল কৰে।