ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

অৰুণাচলৰ ভয়ংকৰ পথ দুৰ্ঘটনা : ২০ শ্ৰমিকৰ প্ৰাণ কাঢ়ি নিয়া ট্ৰাকখনৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

যোৱা ৮ ডিচেম্বৰৰ নিশা অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা। ২০ জনকৈ শ্ৰমিকৰ প্ৰাণ কাঢ়ি নিয়া সেই ট্ৰাকখনৰ স্বত্বাধিকাৰী ভূষণ কুমাৰ যাদৱক আৰক্ষীয়ে বিহাৰৰ চাপৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

মালবাহী গাড়ীত অবৈধভাৱে যাত্ৰী কঢ়িওৱা, অপৰাধমূলক গাফিলতি আৰু মটৰ গাড়ী আইন উলংঘাৰ অভিযোগত যাদৱক গ্ৰেপ্তাৰ কৰা হৈছে।

এই ঘটনাক লৈ বৰ্তমানলৈকে মুঠ ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে মানৱ সৰবৰাহ আৰু গাফিলতিৰ অভিযোগত আন দুজনক আটক কৰা হৈছিল।

দুৰ্ঘটনাৰ দুদিন পিছত একমাত্ৰ জীৱিত যাত্ৰী বুধেশ্বৰ দীপৰ জৰিয়তে ঘটনাটো পোহৰলৈ আহে। ইয়াৰ পিছতে NDRF, ভাৰতীয় সেনা আৰু স্থানীয় প্ৰশাসনে চলোৱা চাৰিদিনীয়া অভিযানত তিনিচুকীয়া জিলাৰ ২০ জন শ্ৰমিকৰ মৃতদেহ দ-খাৱৈৰ পৰা উদ্ধাৰ কৰে।

উল্লেখ্য যে, শ্ৰমিকসকলক লৈ যোৱা ট্ৰাকখন পাহাৰীয়া পথৰ পৰা খাৱৈত বাগৰি পৰাৰ ফলত এই মৰ্মান্তিক ঘটনাটো ঘটিছিল। প্ৰশাসনে জনোৱা মতে, ভৱিষ্যতে এনে গাফিলতি ৰোধ কৰিবলৈ তদন্ত প্ৰক্ৰিয়া অধিক কঠোৰ কৰা হৈছে।