ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

কাইলৈৰ পৰা কংগ্ৰেছৰ গণসংযোগ যাত্ৰা : নিৰ্বাচনী ইস্তাহাৰৰ বাবে অসমবাসীৰ পৰামৰ্শ ল’ব দলৰ নেতাসকলে

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ২০ ডিচেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰিব এক গণসংযোগ যাত্ৰা, যাৰ জৰিয়তে অসমৰ সকলো অঞ্চলত নাগৰিক, অংশীদাৰ আৰু দলীয় কৰ্মীৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰা হ’ব। এই যাত্ৰা কংগ্ৰেছৰ জনকেন্দ্ৰিক অভিযান ‘ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’-ৰ অংশ। যাৰ উদ্দেশ্য হৈছে ৰাজ্যজুৰি পৰামৰ্শ প্ৰক্ৰিয়াৰ জৰিয়তে ৰাইজৰ প্ৰত্যক্ষ অংশগ্ৰহণেৰে দলৰ ইস্তাহাৰ প্ৰস্তুত কৰা।

এই যাত্ৰাৰ অংশ হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল, বিধায়ক, সাংসদ আৰু দলীয় কৰ্মকৰ্তাসকলৰ সহযোগত, ৰাজ্যজুৰি গ্ৰাম্যাঞ্চলৰ সকলো লোকৰ সৈতে সংযোগ স্থাপন কৰিব। কৃষক, শ্ৰমিক, ছাত্ৰ-ছাত্ৰী, ক্ষুদ্ৰ ব্যৱসায়ী, উদ্যোগপতি, মহিলা, বুদ্ধিজীৱী, সামাজিক সংগঠন আৰু সমাজৰ নেতাসকলক একেলগে সংযুক্ত কৰি “নতুন অসম”ৰ বাবে এটা যৌথ ৰূপৰেখা প্ৰস্তুত কৰাই এই যাত্ৰাৰ লক্ষ্য।

এই অভিযান পাঁচটা দলৰ দ্বাৰা চলোৱা হ’ব । এই উদ্দেশ্যে মুঠ পাঁচখন বাছ প্ৰস্তুত কৰি ৰখা হৈছে। প্ৰতিটো দলক এখনকৈ বাছৰ দ্বাৰা ভৌগোলিকভাৱে উপযোগী পথ নিৰ্ধাৰণ কৰি দায়িত্ব দিয়া হৈছে, যাতে উজনি অসম, মধ্য অসম, বৰাক উপত্যকা, বডোলেণ্ড, পাহাৰীয়া জিলা আৰু নামনি অসমকে ধৰি সমগ্ৰ ৰাজ্যত ভালদৰে অন্তৰ্ভুক্ত কৰা যায়। এই উদ্দেশ্যে পাঁচখন বাচ সাজু কৰি ৰখা হৈছে। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ এক সমন্বয় দলেও ক্ষেত্ৰীয় কাৰ্যসূচীসমূহত নিৰীক্ষণ আৰু সহায় আগবঢ়াব। প্ৰতিটো দলে প্ৰতিদিনে এখনকৈ জিলা আৰু প্ৰতিখন জিলাত একেলগে এদিনৰ বাবে সময় ধাৰ্য কৰি কাম কৰিব।

‘ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’ অভিযানটো ৬ ডিচেম্বৰত ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল, যাৰ জৰিয়তে দলৰ ইস্তাহাৰ পৰামৰ্শ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি হয়।

বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ APCCয়ে [www.natunaxom.com](http://www.natunaxom.com) নামৰ এক বিশেষ ডিজিটেল প্লেটফৰ্মো আৰম্ভ কৰিছে, যাৰ জৰিয়তে নাগৰিকে অনলাইনযোগে নিজৰ মতামত দাখিল কৰিব পাৰিব। ৱেবছাইটটো উদ্বোধন কৰি

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “প্ৰথম পদক্ষেপ হিচাপে আমি অসমৰ উচ্চ শিক্ষাব্যৱস্থাৰ বিষয়ে পৰামৰ্শ আৰু দিশনিৰ্দেশ বিচাৰিছোঁ, কিয়নো ই মানৱ সম্পদ বিকাশৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মোৰ কথোপকথনে দেখুৱাইছে যে গুণগত মান উন্নত কৰা, গৱেষণা আৰু উদ্ভাৱন শক্তিশালী কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ এতিয়াও বহু কাম বাকী আছে।”

একে সময়তে, দলটোৱে ডিচেম্বৰ ৬ৰ পৰা পর্যায়ক্ৰমে জিলাসমূহত “আকাংক্ষা বাকচ” স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। বজাৰ, চাহ বাগিচাৰ লাইন, চাহৰ দোকান, বাছ আস্থান আদিৰ দৰে জনসমাগম থকা স্থানত  ৪,০০০ৰো অধিক বাকচ স্থাপনৰ লক্ষ্য ৰখা হৈছে।

ৰাইজৰ অংশগ্ৰহণৰ আহ্বান জনাই APCCৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ জনতাক ৰাজ্যৰ ভৱিষ্যৎ গঢ়াত অংশীদাৰ হ’বলৈ অনুৰোধ জনায়।“আমি এনে এখন ৰাজ্যৰ কল্পনা কৰিছোঁ, য’ত কেৱল এটা শ্ৰেণীৰ নহয়, সকলোৰে আকাংক্ষা প্ৰতিফলিত হ’ব। ডিজিটেল যুগত সকলো মানুহক শাৰীৰিকভাৱে লগ পোৱা সম্ভৱ নহয়, সেয়েহে এই প্লেটফৰ্মে আমাক সকলোৰে সৈতে সংযোগ স্থাপন কৰাৰ সুযোগ দিয়ে। আমি অসমৰ কৃষক, শ্ৰমিক, ছাত্ৰ-ছাত্ৰী, সৰু ব্যৱসায়ী, উদ্যোগপতি, মহিলা, বুদ্ধিজীৱী আৰু সামাজিক সংগঠনসমূহৰ কথা শুনিব বিচাৰোঁ আৰু তেওঁলোকৰ অভিজ্ঞতাৰ আধাৰত নতুন অসমৰ বাবে এটা যৌথ ৰূপৰেখা প্ৰস্তুত কৰিব বিচাৰোঁ,” তেওঁ কয়।