ডিচেম্বৰত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত PM SHRI বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে আয়োজিত তিনিদিনীয়া ‘ইন’ভেশ্যন ডিজাইন এণ্ড এণ্ট্ৰপ্ৰিনিউৰশ্বিপ’ বুটকেম্পৰ সফল সামৰণি ঘটে। অসমৰ শিক্ষা খণ্ডৰ বাবে এই বুটকেম্প এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ ১৯০ জনতকৈও অধিক নিষ্ঠাবান শিক্ষক আৰু অধ্যক্ষই এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ক কাৰ্যকৰী কৰি শিক্ষাৰ্থীৰ মাজত মুখস্থ বিদ্যাৰ পৰিৱৰ্তে কৌতুহল আৰু সৃষ্টিশীল সমস্যা সমাধানৰ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে এই বুটকেম্পৰ আয়োজন কৰা হৈছিল।
এই অনুষ্ঠানটো স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ (DoSEL), AICTE, শিক্ষা মন্ত্ৰালয়ৰ ইন’ভেশ্যন চেল (MIC), আৰু NCERT-ৰ যুটীয়া প্ৰচেষ্টাত তথা ওৱাধৱানী ফাউণ্ডেচনৰ সহযোগত আয়োজন কৰা হয়। চৰকাৰ, শিক্ষানুষ্ঠান আৰু উদ্যোগ খণ্ডৰ এই সহযোগিতাৰে আৰম্ভ হোৱা এই বুটকেম্পে দেশজুৰি ৯,০০০-ৰো অধিক অংশগ্ৰহণকাৰীক সামৰি এক স্থায়ী শৈক্ষিক পৰিৱৰ্তন অনাৰ লক্ষ্য ৰাখিছে। গুৱাহাটীৰ এই আঞ্চলিক শাখাৰ নেতৃত্ব দিয়ে শিক্ষা মন্ত্ৰালয়ৰ ইন’ভেশ্যন চেলৰ ন’ডেল চেন্টাৰ হেড নন্দজিৎ ৰাভা আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজীৰ ডিন ড° এছ. ৰবাৰ্ট ৰবিয়ে। বৰ্তমানলৈকে SIATP, SIC, DTI, KAPILA আৰু NPPIS ৰ দৰে বিশেষ কাৰ্যসূচীৰ জৰিয়তে দেশজুৰি ৯১,০০০-ৰো অধিক শিক্ষক আৰু ১.১৮ লাখ ছাত্ৰ-ছাত্ৰীক সংযোগ কৰা হৈছে।

বুধবাৰে অনুষ্ঠিত ৰাজ্যিক উদ্বোধনীত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদৰ সচিব নৰনাৰায়ণ নাথ আৰু শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি যশোদা ৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকে। বুটকেম্পৰ অন্তিম দিনটোৰ বিষয়বস্তু আছিল “Launch Sprint: Build, Test, Fund & Grow Your Idea,” য’ত উদ্ভাৱনীমূলক ধাৰণাসমূহক কেনেকৈ বাস্তৱত ৰূপায়ণ কৰিব পাৰি সেই বিষয়ে গুৰুত্ব দিয়া হয়। অংশগ্ৰহণকাৰীসকলে ‘বিজিনেছ মডেল কেনভাছ’ আৰু বিত্তীয় সাক্ষৰতাৰ ব্যৱহাৰিক প্ৰশিক্ষণ লাভ কৰে। লগতে, শিক্ষাৰ্থীৰ ষ্টাৰ্ট-আপৰ বাবে উপলব্ধ অনুদান আৰু পুঁজিৰ বিষয়েও আলোচনা কৰা হয়। ওৱাধৱানী ফাউণ্ডেচনৰ বিশেষজ্ঞ বক্তা শ্ৰীবৎসন আৰু ড০° ভাৱনা বৰদিয়াই এই অনুষ্ঠানসমূহ পৰিচালনা কৰে।

সামৰণি অনুষ্ঠানত শিক্ষকসকলে লাভ কৰা জ্ঞান আৰু আত্মবিশ্বাসেৰে ভৱিষ্যতৰ প্ৰত্যাহ্বান নেওচিব পৰা এক দক্ষ নৱপ্ৰজন্ম গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে।

