চৌদি আৰৱ চৰকাৰে ভিক্ষা কৰাৰ অভিযোগত শেহতীয়াকৈ ৫৬ হাজাৰ পাকিস্তানী নাগৰিকক তেওঁলোকৰ দেশলৈ ওভোতাই পঠিয়াইছে। পশ্চিম এছিয়াৰ দেশসমূহত পাকিস্তানী ভিক্ষাৰীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
শেহতীয়া এক চৰকাৰী তথ্য অনুসৰি, কেৱল চৌদি আৰৱতেই নহয়, বৰঞ্চ সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই) আৰু আন কেইবাখনো দেশত পাকিস্তানী নাগৰিকৰ দ্বাৰা সংঘটিত এনে কাৰ্যই এক মাফিয়া চক্ৰৰ ৰূপ লৈছে। ২০২৩ চনত প্ৰকাশিত এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত দাবী কৰা হৈছিল যে বিদেশত গ্ৰেপ্তাৰ হোৱা ভিক্ষাৰীসকলৰ প্ৰায় ৯০ শতাংশই হ‘ল পাকিস্তানৰ নাগৰিক। বিশেষকৈ মক্কাৰ পবিত্ৰ মছজিদৰ চৌহদত ধৰা পৰা পকেট চুৰ আৰু ভিক্ষাৰীসকলৰ গৰিষ্ঠসংখ্যকেই পাকিস্তানী বুলি প্ৰমাণিত হৈছে।
পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেচন এজেন্সীয়ে (এফআইএ) সদৰী কৰা মতে, এনে সংগঠিত ভিক্ষাৰী চক্ৰবোৰে উমৰাহ বা পৰ্যটন ভিছাৰ অপব্যৱহাৰ কৰি বিদেশলৈ ৰাওনা হয়। এই সমস্যা প্ৰতিৰোধ কৰিবলৈ পাকিস্তান চৰকাৰে ২০২২ চনৰ পৰা কঠোৰ নীতি অৱলম্বন কৰিছে। এফআইএ-ৰ তথ্য অনুসৰি, অকল ২০২৫ চনতে ৬৬,১৫৪ জন সন্দেহযুক্ত যাত্ৰীক বিমান বন্দৰতে বাধা দি বিমানৰ পৰা নমাই দিয়া হৈছে।
এই পৰিস্থিতিৰ বাবে পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। সংযুক্ত আৰব আমিৰশ্বাহীয়ে ইতিমধ্যে পাকিস্তানী নাগৰিকৰ বাবে ভিছা প্ৰদানৰ নিয়ম যথেষ্ট কঠোৰ কৰিছে। পাকিস্তানীসকলে তাত অপৰাধমূলক কাম-কাজ আৰু ভিক্ষাৰ দৰে কাৰ্যত লিপ্ত হোৱাৰ বাবেই যোৱা মাহত ইউএই-য়ে অধিকাংশ পাকিস্তানীৰ বাবে ভিছা প্ৰদান বন্ধ কৰি দিছে।
পাকিস্তান চৰকাৰে ইতিমধ্যে এখন দেশীয় যাতায়ত নিষেধাজ্ঞাৰ তালিকা (ন‘ ফ্লাই লিষ্ট) প্ৰস্তুত কৰিছে যদিও এতিয়াও হাজাৰ হাজাৰ লোক ভিক্ষা কৰাৰ বাবে বহিঃৰাষ্ট্ৰলৈ যোৱাৰ চেষ্টা চলাই আছে। চৌদি আৰৱ আৰু ইউএই চৰকাৰে পাকিস্তানক এই বুলিও সতৰ্ক কৰি দিছে যে যদিহে এই সমস্যাৰ সমাধান নহয়, তেন্তে ভৱিষ্যতে পাকিস্তানৰ হাজ আৰু উমৰাহ যাত্ৰীসকলৰ বাবেও নিয়ম অধিক কঠিন কৰা হ‘ব।
বৰ্তমান চৌদি আৰৱৰ ৫৬ হাজাৰ লোকক বহিষ্কাৰ কৰাৰ এই ঘটনাই এতিয়া পাকিস্তানৰ বাবে এক ডাঙৰ কূটনৈতিক আৰু সামাজিক সংকট হিচাপে থিয় দিছে।
