চোৰেহে বুজে চোৰৰ মোল। কথাটো যেন একেবাৰে খাপ খাই পৰে। আন এজন ঋণ পৰিশোধ নকৰি পলাতক ললিত মোদীয়ে ঋণ পৰিশোধ নকৰা প্ৰৱঞ্চক বিজয় মালিয়াৰ ৭০ সংখ্যক জন্মদিনৰ পূৰ্বে লণ্ডনত এক আড়ম্বৰপূৰ্ণ পাৰ্টি আয়োজন কৰিলে। একেটা ফ্ৰেমত দুয়োৰে এখন ছবিও ভাইৰেল হৈছে।
আমন্ত্ৰিত অতিথিসকলৰ ভিতৰত আছিল ফটোগ্ৰাফাৰ জিম ৰাইডেল। তেওঁ নিজৰ এক্স হেণ্ডেলত ললিত আৰু বিজয়ৰ ছবি পোষ্ট কৰে। তেওঁ লিখিছে, ‘বিজয় মালিয়াৰ ৭০ সংখ্যক জন্মদিনৰ পূৰ্বে ললিত মোদীয়ে তেওঁৰ ঘৰত এক চমকপ্ৰদ পাৰ্টি আয়োজন কৰিছিল। তাৰ বাবে ধন্যবাদ।’
আনহাতে, ললিত মোদীয়েও এই টুইটত প্ৰতিক্ৰিয়া জনায়। তেওঁ লিখিছে, ‘বন্ধু বিজয়ৰ জন্মদিনৰ আগতে মোৰ ঘৰত পাৰ্টি আয়োজন কৰিছিলোঁ। উপস্থিত থকা সকলোকে ধন্যবাদ।’
কেইমাহমানৰ আগতেও লণ্ডনত অনুষ্ঠিত হোৱা ‘গ্রীষ্মকালীন পাৰ্টি’ত দেখা গৈছিল দেউলিয়া দুজনক৷ সেইবাৰো ললিতেই পাৰ্টিৰ আয়োজন কৰিছিল। তাৰ ভিডিঅ’টোও তেওঁ নিজেই শ্বেয়াৰ কৰিছিল। ললিত আৰু বিজয়ক একেলগে একেলগে গান গোৱাও দেখা গৈছিল। তেতিয়াৰ পৰাই প্ৰশ্ন উত্থাপন হৈছে, মুক্তভাৱে ঘূৰি ফুৰা ‘পলাতক’ দুজনক কিয় দেশলৈ ঘূৰাই আনি কিয় বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হোৱা নাই?
উল্লেখ্য যে বিজয় মালিয়াৰ বিৰুদ্ধে ৯ হাজাৰ কোটিৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কেইবাটাও বেংকক প্ৰতাৰণা কৰাৰ অভিযোগ আছে। তেওঁক ধৰিবলৈ হাহাকাৰ কৰি ফুৰিছে দেশৰ তদন্তকাৰী সংস্থাবোৰ। অৱশ্যে সুস্বাস্থ্যৰে ব্ৰিটেইনত ঘূৰি ফুৰিছে মালিয়া। তেওঁ স্পষ্টভাৱে দাবী কৰিছে যে তেওঁ চুৰি কৰা নাছিল।
আনহাতে, ললিতৰ ভাৰতীয় বজাৰত হাজাৰ কোটি টকাৰ ঋণ আছে। আৰ্থিক জালিয়াতিৰ গোচৰত আইনী জটিলতাৰ পৰা হাত সাৰিবলৈ দেশ এৰি পলাই গৈছিল আই পি এলৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে। ইডিকে ধৰি কেইবাটাও ভাৰতীয় তদন্তকাৰী সংস্থাই তেওঁৰ তদন্ত চলাই আছে। কিন্তু দেউলিয়া দুজন যেন সকলো নিয়মৰ উৰ্দ্ধত। সাৱটা-সাৱটি কৰি আনন্দৰে দিন পাৰ কৰিছে দুই প্ৰৱঞ্চকে।
