ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

মুখ্যমন্ত্ৰীৰ ভয়-ভাবুকিলৈ মই কেয়াৰ নকৰো : গৌৰৱ গগৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ ওভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। গৃহ সমষ্টি যোৰহাটত আজি সাংবাদিকৰে হোৱা এক বাৰ্তালাপত গগৈয়ে কয়, ”মুখ্যমন্ত্ৰীৰ ভয়-ভাবুকিলৈ মই কেয়াৰ নকৰো। তেওঁ এইকেইদিন যি ভাবুকি দিয়ে দি থাকক। ৰাইজেও মুখ্যমন্ত্ৰীৰ কথালৈ এতিয়া কেৰেপ নকৰে।’’

মুখ্যমন্ত্ৰীয়ে কোৱা অপ্ৰয়োজনীয় কথা আৰু ভাবুকিসূচক কথাবোৰ শুনিলে ৰাইজে জুবিন গাৰ্গে কোৱা সেই বিশেষ শব্দকেইটা ব্যৱহাৰ কৰে বুলিও গগৈয়ে কটাক্ষ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিৰ ৰাজনীতি আৰু বেছিদিন নচলে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে এই ৪ মাহ সময়তেই তেওঁ যি কৰে কৰি থাকক। ‘৪ মাহত যেতিয়া তেওঁৰ ক্ষমতা যাব তেতিয়া ৰাইজৰ মাজত থাকিব লাগিব।’- গগৈয়ে স্পষ্ট কৰি দিয়ে।

আনহাতে, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বিট সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে গগৈয়ে। ৰাজ্যখনৰ অভিজ্ঞতাৰে পৰিপুষ্ট অধিবক্তাসকলৰ মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে উক্ত চাৰ্জশ্বিটখনক যথেষ্ট দুৰ্বল চাৰ্জশ্বিট বুলি মন্তব্য কৰে। তেওঁ কয়, ”এই চাৰ্জশ্বিট হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ শ্যামকানু মহন্তক ৰেহাই দিবলৈ যুগুত কৰা এক ৰণকৌশল। আৰু বহুকেইজন মূল খলনায়কৰ নাম চাৰ্জশ্বিটত অন্তৰ্ভুক্ত হ’ব লাগিছিল যদিও সেই নামবোৰ অন্তৰ্ভুক্ত হোৱা নাই।’’

এনেবোৰ কাৰণতে জুবিন গাৰ্গে যে ন্যায় পাব সেই লৈ ৰাজ্যবাসীৰ মনত উদয় হোৱা সন্দেহ আজিও দূৰ হোৱা নাই বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।