ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

বন্দে মাতৰম – বিতৰ্কৰ প্ৰয়োজন কত?‎

এই বছৰ আমাৰ ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ ৰচনাৰ ১৫০ বছৰ সম্পূৰ্ণ হ’ল। সেই উপলক্ষে ‎সংসদত মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ বিতৰ্ক অনুষ্ঠিত হৈছে। উক্ত বিতৰ্কত দেশৰ ‎প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে বন্দে মাতৰম আচলতে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত এটি ‎দীঘলীয়া কবিতা যাৰ প্ৰথম কেইশাৰীমান ৰাষ্ট্ৰীয় সংগীত হিচাপে বাচি লোৱা হৈছিল। তেওঁৰ মতে ‎এই কাম কৰা হৈছিল মুছলিম লীগক তোষামোদ কৰাৰ কাৰণে আৰু ইয়াৰ ফলত আমাৰ ৰাষ্ট্ৰীয় ‎সংগীত আৰু সেই সংগীতৰ ৰচক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ক উচিত সন্মান প্ৰদান কৰা হোৱা নাছিল। ‎সেই বিতৰ্কৰ আঁত ধৰি কিছু গুৰুত্বপূৰ্ণ কথা সাধাৰণ জনগণৰ মাজত আকৌ আলোচ্য হৈ উঠিছে।

বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত বন্দে মাতৰম কবিতা প্ৰথম প্ৰকাশিত হৈছিল বংগৰ সাহিত্যালোচনী ‎বংগদৰ্শনত ১৮৭৫ চনৰ ৮ নৱেম্বৰত। সেই সময়ত সেই কবিতা আজিৰ ভাৰতৰ জাতীয় সংগীত ‎ৰূপে যি দুটা পেৰাগ্ৰাফ গোৱা হয়, সেইখিনিয়ে আছিল। সাত বছৰ পিছত তেওঁৰ উপন্যাস ‎আনন্দমঠ প্ৰকাশিত হয় ১৮৮২ চনত। তাতে এই কবিতাৰ লগত আৰু চাৰিটা স্টাঞ্জা যোগ কৰি ‎দিয়া হয়। পিছে বহুতৰে মতে এই নতুন স্টাঞ্জাবোৰ সেই সন্ন্যাসী বিদ্ৰোহৰ প্ৰেক্ষাপটৰ লগত মিলাই ‎দিয়া হয় আৰু উপন্যাসৰ কাহিনীৰ ধাৰাৰ লগত মিলাই ৰচনা কৰা হয়। এই কবিতা ফাকিৰ সুৰ ‎দি ১৮৯৬ চনত কংগ্ৰেছৰ অধিবেশনত বন্দে মাতৰমৰ প্ৰথম দুটা স্টাঞ্জাক কবিগুৰু ৰবীন্দ্ৰনাথ ‎ঠাকুৰে গীত ৰূপে পৰিবেশন কৰে। কিন্তু তেওঁৰ মতে তেওঁ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় জীয়াই থাকোঁতে ‎এই কবিতাক গীতৰ ৰূপ দিছিল।

১৯০৫ চনত বংগ বিভাজনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলন আৰু স্বদেশী আন্দোলনত এই গীতটো ‎প্ৰতিবাদৰ হুংকাৰ হৈ উঠে। উল্লেখযোগ্য যে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ মূল কবিতাত সাত কোটি ‎জনতাৰ কথা কোৱা হৈছে। ১৮৭১ চনৰ জনগণনা মতে বংগ, বিহাৰ, ওড়িষ্যা আৰু অসমৰ ‎জনসংখ্যা আছিল ৭ কোটি। গতিকে ক’ব পাৰি যে এই গীতটো অবিভক্ত বংগক লৈহে লিখা হৈছিল। ‎পিছে ১৯০৫ চনৰ আন্দোলনত কবিগুৰু ৰবীন্দ্ৰনাথৰ ভতিজী সৰলা দেৱী চৌধুৰানীয়ে এই সাত ‎কোটিক ৩০ কোটি কৰে, সেয়া ১৯০১ চনৰ জনগণনা মতে ভাৰতৰ জনসংখ্যা আছিল। সকলো ‎ভাৰতবাসীক একত্ৰিত কৰাৰ বাবে তেওঁ এইখিনি পৰিবৰ্তন কৰিছিল। ১৯০৫ চনৰ ৰাখীৰ দিনাখন ‎হিন্দু-মুছলমানে এজনে আনজনক ৰাখী বান্ধি বন্দে মাতৰম বুলি কৈছিল। আৰু এই আন্দোলনক ‎নেতৃত্ব দিছিল স্বয়ং কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। সেই একে বছৰতে এই গীতটো তামিল ভাষালৈ ‎অনুবাদিত হৈছিল কাৰণ এই গীতটো ব্ৰিটিছৰ বিৰুদ্ধে হুংকাৰ হৈ উঠিছিল।

কিন্তু ১৯৩০ চনৰ ভাৰতবৰ্ষ সাম্প্ৰদায়িক ৰাজনীতিৰ কবলত পৰিছিল। মুছলীম লীগৰ নেতৃত্বই ‎দেশক ধৰ্মৰ ভিত্তিত বিভাজিত কৰিবলৈ উঠি পৰি লাগিছিল। ১৯৩৭ চনৰ কলিকতাৰ কংগ্ৰেছ ‎অধিবেশন পতাৰ দায়িত্বত আছিল নেতাজী সুভাষ চন্দ্ৰ বসু। সেই সময়ত নেতাজীয়ে পণ্ডিত ‎নেহৰুৰ লগত বন্দে মাতৰমৰ বিষয়ে আলোচনা কৰিছিল। পত্ৰৰ জৰিয়তে হোৱা কথোপকথনৰ মতে ‎পণ্ডিত নেহৰুৱে স্পষ্ট কৰে যে ১৯৩০ৰ দশকত বন্দে মাতৰমক লৈ হোৱা বিতৰ্ক সাম্প্ৰদায়িক শক্তিৰ ‎ৰচিত। আৰু দুয়োজনেই বন্দে মাতৰমৰ বিষয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতামত লোৱাৰ ‎পৃষ্ঠপোষকতা কৰিলে।

ইয়াৰ পিছত কবিগুৰুৱে হেনো নেহৰুলৈ লিখা এটা চিঠিত স্পষ্ট কৰি দিছিল যে বন্দে মাতৰমৰ প্ৰথম ‎দুই স্টাঞ্জাত দেশপ্ৰেমৰ যি শক্তিশালী ভাৱনা আছে আৰু যেনেকৈ প্ৰথম কেই শাৰীত দেশমাতৃৰ ‎যশস্যাৰ বৰ্ণনা দিয়া হৈছে, তেওঁ সেই দুই স্টাঞ্জাক বাকী কবিতাৰ পৰা পৃথক কৰি চাব পাৰে। ‎ৰাষ্ট্ৰীয় গীতটোৱে যাতে সকলোকে সম্প্ৰীতি আৰু সমন্বয়ৰ সেতুঁৰে একত্ৰিত কৰিব পাৰে, তালৈ লক্ষ্য ‎ৰাখি তেওঁ প্ৰথম দুটা স্টাঞ্জাৰ ব্যৱহাৰৰ পৃষ্ঠপোষকতা কৰিছিল। এই স্থিতি কবিগুৰু ৰবীন্দ্ৰনাথ ‎ঠাকুৰৰ আছিল, কোনো ৰাজনৈতিক নেতাৰ নহয়।

ঠিক একেদৰে আমাৰ ৰাষ্ট্ৰীয় গীত ‘জন গণ মন’ এক দীঘলীয়া কবিতাৰ প্ৰথম ফালৰ অংশ। আৰু ‎এই গীতৰ বাচনিতো কবিগুৰুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ১৯৩৭ চনৰ ২৮ অক্টোবৰত ‎অনুষ্ঠিত কংগ্ৰেছ দলৰ কাৰ্য্যবাহী সমিতিৰ বৈঠকত বন্দে মাতৰমৰ প্ৰথম দুটা স্টাঞ্জাক ৰাষ্ট্ৰীয় গীত ‎বুলি ঘোষণা কৰা হয়। এই বৈঠকত উপস্থিত আছিল মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ‎আচাৰ্য্য নৰেন্দ্ৰ দেৱ, চৰ্দাৰ পেটেল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। এওঁলোকৰ সমৰ্থনযোগে এই সিদ্ধান্ত ‎লোৱা হয়। স্বাধীনতাৰ পিছত ১৯৫০ চনত যেতিয়া ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত সংবিধান সভাত ‎একে সিদ্ধান্ত লোৱা হয় তেতিয়া তাতে পূৰ্বৰ কংগ্ৰেছ নেতাৰ উপৰিও উপস্থিত আছিল বাবাসাহেব বি ‎আৰ অম্বেদকাৰ আৰু জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি শ্যামাপ্ৰসাদ মুখাৰ্জী। তেওঁলোকেও তেতিয়া ‎বিৰোধ কৰা নাছিল।

বন্দে মাতৰম সকলো ভাৰতবাসীৰ প্ৰতিবাদৰ ধ্বনি। কনিষ্ঠতম শ্বহীদ খুদিৰাম বসু এই গীত ‎আওৰাই ফাঁচীৰ চৌকাঠত উঠিছিল, ৰাম প্ৰসাদ বিছমিল, আশ্বফাকুল্লাহ খানে এই গীত ওঁঠত লৈ ‎দেশ মাতৃৰ নামত মৃত্যুক সাৱটি লৈছিল। সাম্প্ৰতিক সময়ত কিছুসংখ্যক ব্যক্তিয়ে এই সংগীতক লৈ ‎অদৰকাৰী বিতৰ্ক কৰিলেও এই সংগীতৰ প্ৰতি সন্মান জনাবলৈ কোনেও কুণ্ঠাবোধ নকৰে আৰু কৰা ‎উচিতো নহয়।

কিন্তু পশ্চিম বংগৰ নিৰ্বাচনৰ ঠিক আগে আগে এই বিষয়টোক লৈ কৰা বিতৰ্কই বহুতৰে মনত প্ৰশ্ন ‎উত্থাপন কৰিছে যে ইয়াক নিৰ্বাচনৰ প্ৰেক্ষাপটত চোৱা উচিত নে? আন একাংশই উনুকিয়াই দিছে ‎যে আচলতে আলোচনা হ’ব লাগিছিল বন্দে মাতৰমত উল্লেখিত দেশমাতৃৰ বিশ্লেষণৰ ওপৰত; ‎আমাৰ শস্যৰে ভৰপূৰ সেউজ দেশখন প্ৰদূষণৰ ভয়ংকৰ কবলত, আমি কৃষকক তেওঁলোকৰ প্ৰাপ্য ‎অৰ্থনৈতিক লাভ আৰু সন্মান এটাও দিব পৰা নাই, আজিও সমাজ ব্যৱস্থা, অপৰাধে নাৰীক ‎পিছুৱাই ৰাখিছে। স্বাধীনতাৰ সাতটা দশকৰ পিছতো দেশৰ একাংশ মানুহৰ মৌলিক ‎প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰিবলৈ আমি সক্ষম হোৱা নাই। তেনে ক্ষেত্ৰত আমাৰ নিৰ্বাচিত সাংসদে ‎নৱপ্ৰজন্ম মুখামুখি হোৱা সমস্যাৰ ওপৰত আলোচনা কৰি দেশক সমৃদ্ধশালী কৰা উচিত নে এনে ‎এক সংগীত যাৰ স্থিতিলৈ কোনো বিতৰ্ক নাই, সেই সংগীতৰ গইনালৈ বিভাজনমূলক বিতৰ্কত ব্যস্ত ‎হোৱা উচিত?‎