ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

বন্দে মাতৰম – বিতৰ্কৰ প্ৰয়োজন কত?‎

এই বছৰ আমাৰ ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ ৰচনাৰ ১৫০ বছৰ সম্পূৰ্ণ হ’ল। সেই উপলক্ষে সংসদত মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ বিতৰ্ক অনুষ্ঠিত হৈছে। উক্ত বিতৰ্কত দেশৰ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে বন্দে মাতৰম আচলতে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত এটি দীঘলীয়া কবিতা যাৰ প্ৰথম কেইশাৰীমান ৰাষ্ট্ৰীয় সংগীত হিচাপে বাচি লোৱা হৈছিল। তেওঁৰ মতে এই কাম কৰা হৈছিল মুছলিম লীগক তোষামোদ কৰাৰ কাৰণে আৰু ইয়াৰ ফলত আমাৰ ৰাষ্ট্ৰীয় সংগীত আৰু সেই সংগীতৰ ৰচক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ক উচিত সন্মান প্ৰদান কৰা হোৱা নাছিল। সেই বিতৰ্কৰ আঁত ধৰি কিছু গুৰুত্বপূৰ্ণ কথা সাধাৰণ জনগণৰ মাজত আকৌ আলোচ্য হৈ উঠিছে।

বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত বন্দে মাতৰম কবিতা প্ৰথম প্ৰকাশিত হৈছিল বংগৰ সাহিত্যালোচনী বংগদৰ্শনত ১৮৭৫ চনৰ ৮ নৱেম্বৰত। সেই সময়ত সেই কবিতা আজিৰ ভাৰতৰ জাতীয় সংগীত ৰূপে যি দুটা পেৰাগ্ৰাফ গোৱা হয়, সেইখিনিয়ে আছিল। সাত বছৰ পিছত তেওঁৰ উপন্যাস আনন্দমঠ প্ৰকাশিত হয় ১৮৮২ চনত। তাতে এই কবিতাৰ লগত আৰু চাৰিটা স্টাঞ্জা যোগ কৰি দিয়া হয়। পিছে বহুতৰে মতে এই নতুন স্টাঞ্জাবোৰ সেই সন্ন্যাসী বিদ্ৰোহৰ প্ৰেক্ষাপটৰ লগত মিলাই দিয়া হয় আৰু উপন্যাসৰ কাহিনীৰ ধাৰাৰ লগত মিলাই ৰচনা কৰা হয়। এই কবিতা ফাকিৰ সুৰ দি ১৮৯৬ চনত কংগ্ৰেছৰ অধিবেশনত বন্দে মাতৰমৰ প্ৰথম দুটা স্টাঞ্জাক কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰূপে পৰিবেশন কৰে। কিন্তু তেওঁৰ মতে তেওঁ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় জীয়াই থাকোঁতে এই কবিতাক গীতৰ ৰূপ দিছিল।

১৯০৫ চনত বংগ বিভাজনৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলন আৰু স্বদেশী আন্দোলনত এই গীতটো প্ৰতিবাদৰ হুংকাৰ হৈ উঠে। উল্লেখযোগ্য যে বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ মূল কবিতাত সাত কোটি জনতাৰ কথা কোৱা হৈছে। ১৮৭১ চনৰ জনগণনা মতে বংগ, বিহাৰ, ওড়িষ্যা আৰু অসমৰ জনসংখ্যা আছিল ৭ কোটি। গতিকে ক’ব পাৰি যে এই গীতটো অবিভক্ত বংগক লৈহে লিখা হৈছিল। পিছে ১৯০৫ চনৰ আন্দোলনত কবিগুৰু ৰবীন্দ্ৰনাথৰ ভতিজী সৰলা দেৱী চৌধুৰানীয়ে এই সাত কোটিক ৩০ কোটি কৰে, সেয়া ১৯০১ চনৰ জনগণনা মতে ভাৰতৰ জনসংখ্যা আছিল। সকলো ভাৰতবাসীক একত্ৰিত কৰাৰ বাবে তেওঁ এইখিনি পৰিবৰ্তন কৰিছিল। ১৯০৫ চনৰ ৰাখীৰ দিনাখন হিন্দু-মুছলমানে এজনে আনজনক ৰাখী বান্ধি বন্দে মাতৰম বুলি কৈছিল। আৰু এই আন্দোলনক নেতৃত্ব দিছিল স্বয়ং কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। সেই একে বছৰতে এই গীতটো তামিল ভাষালৈ অনুবাদিত হৈছিল কাৰণ এই গীতটো ব্ৰিটিছৰ বিৰুদ্ধে হুংকাৰ হৈ উঠিছিল।

কিন্তু ১৯৩০ চনৰ ভাৰতবৰ্ষ সাম্প্ৰদায়িক ৰাজনীতিৰ কবলত পৰিছিল। মুছলীম লীগৰ নেতৃত্বই দেশক ধৰ্মৰ ভিত্তিত বিভাজিত কৰিবলৈ উঠি পৰি লাগিছিল। ১৯৩৭ চনৰ কলিকতাৰ কংগ্ৰেছ অধিবেশন পতাৰ দায়িত্বত আছিল নেতাজী সুভাষ চন্দ্ৰ বসু। সেই সময়ত নেতাজীয়ে পণ্ডিত নেহৰুৰ লগত বন্দে মাতৰমৰ বিষয়ে আলোচনা কৰিছিল। পত্ৰৰ জৰিয়তে হোৱা কথোপকথনৰ মতে পণ্ডিত নেহৰুৱে স্পষ্ট কৰে যে ১৯৩০ৰ দশকত বন্দে মাতৰমক লৈ হোৱা বিতৰ্ক সাম্প্ৰদায়িক শক্তিৰ ৰচিত। আৰু দুয়োজনেই বন্দে মাতৰমৰ বিষয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতামত লোৱাৰ পৃষ্ঠপোষকতা কৰিলে।

ইয়াৰ পিছত কবিগুৰুৱে হেনো নেহৰুলৈ লিখা এটা চিঠিত স্পষ্ট কৰি দিছিল যে বন্দে মাতৰমৰ প্ৰথম দুই স্টাঞ্জাত দেশপ্ৰেমৰ যি শক্তিশালী ভাৱনা আছে আৰু যেনেকৈ প্ৰথম কেই শাৰীত দেশমাতৃৰ যশস্যাৰ বৰ্ণনা দিয়া হৈছে, তেওঁ সেই দুই স্টাঞ্জাক বাকী কবিতাৰ পৰা পৃথক কৰি চাব পাৰে। ৰাষ্ট্ৰীয় গীতটোৱে যাতে সকলোকে সম্প্ৰীতি আৰু সমন্বয়ৰ সেতুঁৰে একত্ৰিত কৰিব পাৰে, তালৈ লক্ষ্য ৰাখি তেওঁ প্ৰথম দুটা স্টাঞ্জাৰ ব্যৱহাৰৰ পৃষ্ঠপোষকতা কৰিছিল। এই স্থিতি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আছিল, কোনো ৰাজনৈতিক নেতাৰ নহয়।

ঠিক একেদৰে আমাৰ ৰাষ্ট্ৰীয় গীত ‘জন গণ মন’ এক দীঘলীয়া কবিতাৰ প্ৰথম ফালৰ অংশ। আৰু এই গীতৰ বাচনিতো কবিগুৰুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ১৯৩৭ চনৰ ২৮ অক্টোবৰত অনুষ্ঠিত কংগ্ৰেছ দলৰ কাৰ্য্যবাহী সমিতিৰ বৈঠকত বন্দে মাতৰমৰ প্ৰথম দুটা স্টাঞ্জাক ৰাষ্ট্ৰীয় গীত বুলি ঘোষণা কৰা হয়। এই বৈঠকত উপস্থিত আছিল মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, আচাৰ্য্য নৰেন্দ্ৰ দেৱ, চৰ্দাৰ পেটেল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। এওঁলোকৰ সমৰ্থনযোগে এই সিদ্ধান্ত লোৱা হয়। স্বাধীনতাৰ পিছত ১৯৫০ চনত যেতিয়া ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত সংবিধান সভাত একে সিদ্ধান্ত লোৱা হয় তেতিয়া তাতে পূৰ্বৰ কংগ্ৰেছ নেতাৰ উপৰিও উপস্থিত আছিল বাবাসাহেব বি আৰ অম্বেদকাৰ আৰু জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি শ্যামাপ্ৰসাদ মুখাৰ্জী। তেওঁলোকেও তেতিয়া বিৰোধ কৰা নাছিল।

বন্দে মাতৰম সকলো ভাৰতবাসীৰ প্ৰতিবাদৰ ধ্বনি। কনিষ্ঠতম শ্বহীদ খুদিৰাম বসু এই গীত আওৰাই ফাঁচীৰ চৌকাঠত উঠিছিল, ৰাম প্ৰসাদ বিছমিল, আশ্বফাকুল্লাহ খানে এই গীত ওঁঠত লৈ দেশ মাতৃৰ নামত মৃত্যুক সাৱটি লৈছিল। সাম্প্ৰতিক সময়ত কিছুসংখ্যক ব্যক্তিয়ে এই সংগীতক লৈ অদৰকাৰী বিতৰ্ক কৰিলেও এই সংগীতৰ প্ৰতি সন্মান জনাবলৈ কোনেও কুণ্ঠাবোধ নকৰে আৰু কৰা উচিতো নহয়।

কিন্তু পশ্চিম বংগৰ নিৰ্বাচনৰ ঠিক আগে আগে এই বিষয়টোক লৈ কৰা বিতৰ্কই বহুতৰে মনত প্ৰশ্ন ‎উত্থাপন কৰিছে যে ইয়াক নিৰ্বাচনৰ প্ৰেক্ষাপটত চোৱা উচিত নে? আন একাংশই উনুকিয়াই দিছে ‎যে আচলতে আলোচনা হ’ব লাগিছিল বন্দে মাতৰমত উল্লেখিত দেশমাতৃৰ বিশ্লেষণৰ ওপৰত; ‎আমাৰ শস্যৰে ভৰপূৰ সেউজ দেশখন প্ৰদূষণৰ ভয়ংকৰ কবলত, আমি কৃষকক তেওঁলোকৰ প্ৰাপ্য ‎অৰ্থনৈতিক লাভ আৰু সন্মান এটাও দিব পৰা নাই, আজিও সমাজ ব্যৱস্থা, অপৰাধে নাৰীক ‎পিছুৱাই ৰাখিছে। স্বাধীনতাৰ সাতটা দশকৰ পিছতো দেশৰ একাংশ মানুহৰ মৌলিক ‎প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰিবলৈ আমি সক্ষম হোৱা নাই। তেনে ক্ষেত্ৰত আমাৰ নিৰ্বাচিত সাংসদে ‎নৱপ্ৰজন্ম মুখামুখি হোৱা সমস্যাৰ ওপৰত আলোচনা কৰি দেশক সমৃদ্ধশালী কৰা উচিত নে এনে ‎এক সংগীত যাৰ স্থিতিলৈ কোনো বিতৰ্ক নাই, সেই সংগীতৰ গইনালৈ বিভাজনমূলক বিতৰ্কত ব্যস্ত ‎হোৱা উচিত?‎