ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ড’নাল্ড ট্ৰাম্পৰ অসহিষ্ণুতা! হোৱাইট হাউছৰ নতুন ফলকত বাইডেন আৰু ওবামাক তীব্ৰ কটাক্ষ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ পূৰ্বৰ ডেম’ক্ৰেটিক দলৰ প্ৰতি থকা বিদ্বেষৰ বিষয়ে কোনো লুকঢাক ৰখা নাই। এইবাৰ তেওঁ সেই শত্ৰুতাক এক নতুন মাত্ৰালৈ লৈ গৈছে। হোয়াইট হাউছত কিছুমান অগতানুগতিক ফলক (প্লাক) স্থাপন কৰা হৈছে, যিয়ে প্ৰাক্তন নেতাসকলৰ প্ৰতি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দীৰ্ঘদিনীয়া ক্ষোভৰ প্ৰতিফলন ঘটাইছে।

ইয়াৰ পূৰ্বে ৰিপাব্লিকান দলৰ ৭৯ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে অ’ভেল অফিচৰ বাহিৰত প্ৰাক্তন ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতিৰ গেলেৰী তৈয়াৰ কৰি আলোড়নৰ সৃষ্টি কৰিছিল। তাত তেওঁ জো বাইডেনৰ ছবিৰ সলনি ‘অটোপেন’ (স্বয়ংক্ৰিয় কলম) স্থাপন কৰিছিল।

ট্ৰাম্পে দাবী কৰে যে জানুৱাৰী মাহত ৮২ বছৰ বয়সত অৱসৰ লোৱা বাইডেনে  ইমানেই বাৰ্দ্ধক্যজনিত সমস্যাত ভুগিছিল যে তেওঁৰ নামত কি চহী কৰা হৈছে সেয়া তেওঁ নিজেই নাজানিছিল। অটোপেন ব্যৱহাৰ কৰি ট্ৰাম্পে মূলতঃ  সেই বিষয়টোক ব্যংগ কৰিছে।

বুধবাৰে (১৭ ডিচেম্বৰ) হোৱাইট হাউছৰ ৱেষ্ট কলনেডত প্ৰৱেশৰ অনুমতি পোৱা সাংবাদিকসকলে প্ৰাক্তন ৰাষ্ট্ৰপতিসকলৰ প্ৰতিকৃতিৰ তলত নতুন বৰ্ণনাত্মক ফলক লক্ষ্য কৰে। তাত বাইডেন আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক লৈ অত্যন্ত নেতিবাচক মন্তব্য কৰা হৈছে।

আমেৰিকাৰ ইতিহাসৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি ওবামাৰ বৰ্ণনাত তেওঁক “আমেৰিকাৰ ইতিহাসৰ অন্যতম বিভাজনকাৰী ৰাজনৈতিক ব্যক্তি” বুলি উল্লেখ কৰা হৈছে।

ইয়াত তেওঁৰ নামৰ মাজৰ অংশ “হুছেইন”ও ব্যৱহাৰ কৰা হৈছে, যিটো নাম ট্ৰাম্পে ওবামাৰ জন্মস্থানৰ বিষয়ে ষড়যন্ত্ৰমূলক তত্ত্ব প্ৰচাৰ কৰাৰ সময়ত প্ৰায়ে ব্যৱহাৰ কৰিছিল।

আনহাতে, জো বাইডেনক “আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ নিকৃষ্ট ৰাষ্ট্ৰপতি” বুলি অভিহিত কৰা হৈছে। ২০২০ চনৰ নিৰ্বাচন সন্দৰ্ভত ট্ৰাম্পৰ দীৰ্ঘদিনীয়া আৰু বিতৰ্কিত দাবীও পুনৰবাৰ উল্লেখ কৰা হৈছে এই ফলকখনত যে তেওঁৰ নিৰ্বাচনী জয় “চুৰি” কৰা হৈছিল।

কিন্তু বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ নিজৰ বায়’ বা পৰিচিতিটো আশা কৰা মতে অতি উজ্জ্বলভাৱে উপস্থাপন কৰা হৈছে। ইয়াত দাবী কৰা হৈছে যে তেওঁ মাত্ৰ আঠ মাহত আঠখন যুদ্ধৰ অন্ত পেলাইছে। যদিও এই তথ্যৰ সত্যতা প্ৰশ্নবোধক। লগতে তেওঁ আমেৰিকালৈ কেইবা ট্ৰিলিয়ন ডলাৰৰ অবিশ্বাস্য পৰিমাণৰ বিনিয়োগ আনিছে বুলিও কোৱা হৈছে।

জানুৱাৰী মাহত ট্ৰাম্প পুনৰ ক্ষমতালৈ অহাৰ পিছত হোৱাইট হাউছৰ এইটোৱেই হৈছে শেহতীয়া পৰিৱৰ্তন। ইয়াৰ পূৰ্বে ৰিয়েল এষ্টেট টাইকুনজনে সমগ্ৰ ইষ্ট উইং ভাঙি এটা বিশাল বলৰুম নিৰ্মাণ কৰিছিল।

অভাল অফিচকে ধৰি আন কোঠাবোৰতো তেওঁ বহুত সোণ সংযোজন কৰিছে। আনকি তেওঁ পৰম্পৰা ভংগ কৰি কাৰ্যকালৰ মাজভাগতে নিজৰ প্ৰতিকৃতি ওলোমাই থৈছিল, য’ত কাৰ্যকাল শেষ হোৱাৰ পিছতহে ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতি প্ৰদৰ্শন কৰাৰ নিয়ম।