ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীয়ে নিৰ্ধাৰিত সীমাতকৈ অধিক টালি-টোপোলা নিলে এতিয়াৰে পৰা অতিৰিক্ত মাচুল ভৰিব লাগিব। বুধবাৰে লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই কথা স্পষ্টকৈ ঘোষণা কৰে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
তেওঁ জনোৱা মতে, ৰেলৰ নিয়ম অনুসৰি প্ৰতিটো শ্ৰেণীৰ যাত্ৰীৰ বাবে বিনামূলীয়াকৈ সামগ্ৰী কঢ়িওৱাৰ এখন নিৰ্দিষ্ট তালিকা আছে। এই সীমা অতিক্ৰম কৰিলেই অতিৰিক্ত ধন আদায় দিব লাগিব।
সাংসদ ভেমিৰেড্ডি প্রভাকৰ ৰেড্ডীয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত ৰেলমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। উল্লেখ্য যে, বিমানবন্দৰৰ দৰেই ৰে’লযাত্ৰীৰ বাবেও লাগেজ সন্দৰ্ভত কঠোৰ নিয়ম প্ৰণয়ন কৰা হ’ব নেকি বুলি সাংসদগৰাকীয়ে জানিব বিচাৰিছিল।
ৰেলমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, যাত্ৰীসকলে ৰেলৰ ডবাৰ ভিতৰত লগত নিব পৰা সামগ্ৰীৰ ওজন শ্ৰেণী অনুসৰি ভিন্ন ভিন্ন।
| ৰেলৰ শ্ৰেণী | বিনামূলীয়া সীমা (Free Allowance) | সৰ্বোচ্চ অনুমতি (মাচুলসহ) |
| এচি ফাৰ্ষ্ট ক্লাছ | ৭০ কেজি | ১৫০ কেজি |
| ফাৰ্ষ্ট ক্লাছ / এচি ২ টায়াৰ | ৫০ কেজি | ১০০ কেজি |
| এচি ৩ টায়াৰ / চেয়াৰ কাৰ | ৪০ কেজি | ৪০ কেজি |
| স্লিপাৰ ক্লাছ | ৪০ কেজি | ৮০ কেজি |
| ছেকেণ্ড ক্লাছ | ৩৫ কেজি | ৭০ কেজি |
অশ্বিনী বৈষ্ণৱে স্পষ্ট কৰি দিয়ে যে যাত্ৰীসকলে বিচাৰিলে বিনামূলীয়া সীমাতকৈ অধিক সামগ্ৰী নিব পাৰিব, কিন্তু সেয়া কোনো কাৰণতে সৰ্বোচ্চ সীমা অতিক্ৰম কৰিব নোৱাৰিব। এই অতিৰিক্ত সামগ্ৰীৰ বাবে যাত্ৰীয়ে সাধাৰণ লাগেজ হাৰতকৈ ১.৫ গুণ অধিক মাচুল ভৰিব লাগিব।
তদুপৰি, ব্যৱসায়িক কামত ব্যৱহৃত কোনো সামগ্ৰী ব্যক্তিগত লাগেজ হিচাপে ডবাৰ ভিতৰত নিয়াটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, এয়া কোনো নতুন নিয়ম নহয়, বৰঞ্চ ৰে’লৰ পূৰ্বৰ নীতিকে পুনৰবাৰ স্পষ্ট কৰি দিয়া হৈছে।
