এখন চিনেমাৰ নতুন গান মুকলি অনুষ্ঠানত হাৰাশাস্তিৰ বলি হৈছে জনপ্ৰিয় অভিনেত্ৰী নিধি আগৰৱাল। এটা ভাইৰেল ভিডিঅ’ত অভিনেত্ৰীগৰাকীক শতাধিক অনুৰাগীয়ে ঘেৰি ৰখা দেখা গৈছে। ভিৰৰ মাজত প্ৰায় অসহায় দেখা গ’ল নিধিক।
কালি (বুধবাৰে) হায়দৰাবাদৰ এটা শ্বপিং মলত নিধি-প্ৰভাস অভিনীত চিনেমা ‘দ্য ৰাজা চাব’ ছবিৰ গান মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। নিধি তাত যোগ দিবলৈ গৈছিল।
অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন হয় যদিও ঘৰলৈ উভতি যোৱাৰ পথত অভিনেত্ৰীগৰাকীয়ে চৰম অস্বস্তিত পৰে। ভাইৰেল ভিডিঅ’টোত সেয়া দেখা গৈছে।
শ্বপিং মলৰ পৰা ওলাই আহি থাকোঁতে নিধিক বহুত অনুৰাগীয়ে ঘেৰি ধৰে। সকলোৱে ছেলফি তুলিবলৈ ঠেলা-হেঁচা লগায়। যাৰ বাবে নিধি অস্বস্তিত পৰে।
মানুহৰ ভিৰত অভিনেত্ৰীগৰাকী প্ৰায় চেপা খাই সোমাই পৰে। কিছুমানে তেওঁৰ কাপোৰত ধৰি টনাটনি কৰাও দেখা যায়। তেওঁৰ দেহৰক্ষীয়ে কেনেবাকৈ নিধিক গাড়ীৰ ওচৰলৈ টানি লৈ গ’ল। গাড়ীত বহি নিধি একেবাৰে কন্দনামুৱা হৈ পৰে।
বিষয়টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নিধিৰ অনুৰাগী আৰু নেটিজেনে ক্ষোভ প্ৰকাশ কৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে অভিনেত্ৰীগৰাকীয়ে মুখ খোলা দেখা পোৱা নাই। কোনো অভিযোগো দাখিল কৰা হোৱা নাই।
