ডিব্ৰুগড় জিলাৰ নামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ চলা প্ৰস্তুতিৰ মাজতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ দেখা গৈছে। অভিযোগ অনুসৰি, প্ৰধানমন্ত্ৰীৰ সভাস্থলী আৰু হেলিপেড তথা পথ নিৰ্মাণৰ নামত প্ৰশাসনে হাপজান অঞ্চলৰ উৰ্বৰ খেতিপথাৰ স্থায়ীভাৱে নষ্ট কৰিছে।
১২.৭ লাখ মেট্ৰিক টনৰ নতুন প্ৰকল্প উল্লেখযোগ্য যে ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাত ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে হাপজানত অনুষ্ঠিত হ’বলগীয়া সভাৰ বাবে বৰ্তমান যুদ্ধকালীন প্ৰস্তুতি চলি আছে। কিন্তু স্থানীয় কৃষকৰ অভিযোগ যে সভা আয়োজনৰ সিদ্ধান্ত লওঁতে প্ৰশাসনে সমূহ ৰাইজৰ সৈতে আলোচনা নকৰি কেৱল কিছু নিৰ্বাচিত একাংশ লোকৰ সৈতেহে বৈঠক পাতিছিল।
প্ৰতিশ্ৰুতি ভংগৰ অভিযোগ ৰাইজে জনোৱা মতে, প্ৰশাসনে প্ৰাথমিকভাৱে পথাৰৰ কোনো স্থায়ী ক্ষতি নকৰাকৈ সভা অনুষ্ঠিত কৰাৰ আৰু পিছলৈ মাটিখিনি খেতিৰ উপযোগী কৰি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। লগতে বিঘাই প্ৰতি ৩০ হাজাৰ টকা ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস দিয়া হৈছিল। সেই বিশ্বাসতে কৃষকসকলে পথাৰৰ আধা পকা ধান কাটিবলৈ বাধ্য হ’লেও, এতিয়ালৈকে কোনো লোকে ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
স্থায়ী ক্ষতিৰ আশংকাত কৃষক বৰ্তমান পথাৰৰ উৰ্বৰ মাটি কাটি শিল-বালি ভৰাই পকী পথ আৰু হেলিপেড নিৰ্মাণ কৰাৰ ফলত ভৱিষ্যতে সেই ভূমিত পুনৰ খেতি কৰাটো সম্ভৱ নহ’ব বুলি কৃষকসকলে আশংকা প্ৰকাশ কৰিছে। বুধবাৰে সভাস্থলীত উপস্থিত হোৱা উচ্চপদস্থ বিষয়াসকলৰ আগত ৰাইজে নিজৰ ক্ষোভ উজাৰে। তেঁওলোকে কয় যে, “যি পথাৰে আমাৰ খাদ্যৰ যোগান ধৰে, সেই পথাৰ আজি ধ্বংস কৰি দিয়া হৈছে। আমাক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰা হৈছে।” প্ৰাপ্য ক্ষতিপূৰণ আৰু পথাৰ পুনৰুদ্ধাৰৰ দাবীত এতিয়া আন্দোলনৰ হুংকাৰ দিছে ।
