ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

১৫০০ জনসংখ্যা থকা গাঁৱত তিনি মাহত ২৭,০০০ৰো অধিক জন্মৰ পঞ্জীয়ন! ক’ত সংঘটিত হৈছে এই কাণ্ড?

মহাৰাষ্ট্ৰৰ এখন সৰু গাঁৱত সংঘটিত এক অস্বাভাৱিক ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ ১৫০০ জনীয়া জনসংখ্যাৰ এখন গাঁৱত মাত্ৰ তিনি মাহৰ ভিতৰতে ২৭,০০০ ৰো অধিক জন্মৰ পঞ্জীয়ন হোৱা ঘটনাই এক বৃহৎ চাইবাৰ জালিয়াতি আৰু জন্মৰ প্ৰমাণপত্ৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিছে।

যৱতমল জিলাৰ অৰ্ণী তহচিলৰ অন্তৰ্গত শেন্দুৰুছানী গাঁও পঞ্চায়তত এই ঘটনা সংঘটিত হৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত চৰকাৰে চলোৱা জন্ম-মৃত্যু পঞ্জীয়নৰ এক বিশেষ সত্য নিৰূপণ অভিযানৰ সময়ত এই বৃহৎ অনিয়ম ধৰা পৰে। তথ্য অনুসৰি, এই সময়ছোৱাত গাঁওখনত মুঠ ২৭,৩৯৭ টা জন্মৰ পঞ্জীয়ন কৰা হৈছে, যিটো গাঁওখনৰ প্ৰকৃত জনসংখ্যাৰ তুলনাত বহুত বেছি।

প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে অসামৰিক পঞ্জীয়ন ব্যৱস্থা চমুকৈ চি আৰ এছৰ আইডি হেক বা অপব্যৱহাৰ কৰি এই কাম কৰা হৈছে। আচৰিত কথাটো হ’ল যে শেন্দুৰুছানী গাঁও পঞ্চায়তৰ লগইন আইডিটো মুম্বাইৰ পৰা ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে এক বৃহৎ পৰিকল্পিত চাইবাৰ অপৰাধী চক্ৰ এই ঘটনাৰ লগত জড়িত হৈ আছে।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে জিলা স্বাস্থ্য বিষয়াগৰাকীয়ে যৱতমল নগৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মন্দৰ পাটকীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ এখন তদন্ত কমিটি গঠন কৰি দিছে। এই কমিটিয়ে কৰা অনুসন্ধানত নিশ্চিত হৈছে যে এই ২৭,৩৯৭ টা জন্ম আৰু ৭ টা মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণৰূপে ভুৱা আৰু গাঁও পঞ্চায়তৰ ভৌগোলিক পৰিসীমাৰ বাহিৰৰ।

এই কেলেংকাৰীৰ সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতা কিৰিট সোমায়াই বুধবাৰে গাঁওখন পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে এই ভুৱা পঞ্জীয়নসমূহৰ ৯৯ শতাংশই পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ লোকৰ নামত কৰা হৈছে। তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছৰ সৈতে আলোচনা কৰি সকলো ভুৱা প্ৰমাণপত্ৰ শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে।

বৰ্তমান আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই ভুৱা জন্মৰ প্ৰমাণপত্ৰসমূহ কিবা দেশবিৰোধী কাৰ্যকলাপ, চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰা নে পৰিচয় জালিয়াতিৰ বাবে ব্যৱহাৰ কৰা হৈছিল, সেই দিশত এতিয়া অনুসন্ধান চলি আছে।