ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ষ্টেচু অৱ ইউনিটিৰ খনিকৰ তথা দেশৰ বৰেণ্য ভাস্কৰ্য শিল্পী ৰাম সুতাৰৰ বিয়োগ

গুজৰাটত অৱস্থিত বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি ষ্টেচু অৱ ইউনিটিৰ আৰ্হি প্ৰস্তুত কৰা দেশৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম সুতাৰ আৰু নাই। বুধবাৰে (১৭ ডিচেম্বৰ, ২০২৫) গভীৰ নিশা নয়ডাস্থিত নিজ বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ।

পুত্ৰ অনিল সুতাৰে সংবাদ মাধ্যমক জনোৱা মতে, বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে তেওঁ কিছুদিনৰ পৰা চিকিৎসাধীন হৈ আছিল। বৃহস্পতিবাৰে পুৱা এক শোকবাৰ্তাত অনিল সুতাৰে কয় যে ‘গভীৰ শোকেৰে আমি জনাওঁ যে ১৭ ডিচেম্বৰৰ মাজনিশা আমাৰ বাসগৃহত মোৰ পিতৃ শ্ৰী ৰাম ভাঞ্জী সুতাৰৰ মৃত্যু হৈছে।’

উল্লেখ্য যে ১৯২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত বৰ্তমানৰ মহাৰাষ্ট্ৰৰ ধূলে জিলাৰ গণ্ডুৰ গাঁৱৰ এটা সাধাৰণ পৰিয়ালত ৰাম সুতাৰৰ জন্ম হৈছিল। শৈশৱৰ পৰাই তেওঁ মাটিৰ পুতলা আৰু ভাস্কৰ্য নিৰ্মাণৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত আছিল। পৰৱৰ্তী সময়ত তেওঁ মুম্বাইৰ বিখ্যাত জে জে স্কুল অৱ আৰ্ট এণ্ড আৰ্কিটেকচাৰত শিক্ষা গ্ৰহণ কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰাম সুতাৰৰ অন্যতম শ্ৰেষ্ঠ কীৰ্তি হৈছে গুজৰাটৰ নৰ্মদা নদীৰ পাৰত স্থাপিত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৮২ মিটাৰ উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি ষ্টেচু অৱ ইউনিটি। ইয়াৰ উপৰিও সংসদ চৌহদত ধ্যানমগ্ন অৱস্থাত থকা মহাত্মা গান্ধীৰ মূৰ্তি আৰু অশ্বাৰোহী ছাত্ৰপতি শিৱাজী মহাৰাজৰ সুউচ্চ প্ৰতিমূৰ্তি তেওঁৰ অনুপম সৃষ্টিৰ নিদৰ্শন।

শিল্পকলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৯৯ চনত পদ্মশ্ৰী আৰু ২০১৬ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছিল। শেহতীয়াকৈ তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান মহাৰাষ্ট্ৰ ভূষণ বঁটাও লাভ কৰিছিল। অসমৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তিৰ নিৰ্মাণৰ সৈতেও তেওঁ জড়িত আছিল। তেওঁৰ বিয়োগত দেশৰ শিল্প জগতত এক বিৰাট শূন্যতাৰ সৃষ্টি হৈছে।