প্ৰায় তিনি দশক ধৰি আমেৰিকাত বাস কৰা ভাৰতীয় মূলৰ ৬০ বছৰীয়া বাবলী কৌৰক গ্ৰীণ কাৰ্ডৰ সাক্ষাৎকাৰৰ অন্তিম পৰ্যায়ত আমেৰিকাৰ প্ৰব্ৰজন বিভাগে আটক কৰে। ১৯৯৪ চনৰ পৰাই আমেৰিকাত বাস কৰা বাবলীয়ে গ্ৰীণ কাৰ্ডৰ আবেদন প্ৰক্ৰিয়াৰ অংশ হিচাপে বায়’মেট্ৰিক স্কেনৰ বাবে আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (ICE) কাৰ্যালয়লৈ গৈছিল। যোৱা ১ ডিচেম্বৰত সাক্ষাৎকাৰৰ সময়তে ফেডাৰেল এজেণ্টে বাবলীক আটক কৰে। বাবলীৰ কন্যা জ্যোতিয়ে এই সমগ্ৰ বিষয়টো পোহৰলৈ আনিছে।
লং বিচৰ এটা স্থানীয় মানৱ অধিকাৰ সংস্থাই সূত্ৰক জনোৱা মতে, বাবলীৰ এগৰাকী কন্যা আমেৰিকাৰ নাগৰিক আৰু স্বামীও গ্ৰীণ কাৰ্ডধাৰী। ডাঙৰ ছোৱালীৰ নাগৰিকত্বৰ তথ্যৰ আধাৰতে বাবলীয়ে গ্ৰীণ কাৰ্ডৰ বাবে আবেদন কৰিছিল। জ্যোতিয়ে জনোৱা মতে, ১ ডিচেম্বৰত আইচিইৰ কাৰ্যালয়ৰ ফ্ৰন্ট ডেস্কত থকা অৱস্থাতে কেইবাজনো ফেডাৰেল এজেণ্টে তাত প্ৰৱেশ কৰে। অভিযোগ অনুসৰি, বাবলীক এজেণ্ট উপস্থিত থকা এটা কোঠালৈ মাতি নি তাতেই আটক কৰা হয়।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰব্ৰজন নীতি সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। তেওঁ ইতিমধ্যে অবৈধ অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালভাৱে তেওঁৰ লক্ষ্য এতিয়া বৈধ প্ৰব্ৰজন হ্ৰাস কৰাৰ দিশলৈও ধাৱমান হৈছে, যিটো বিষয়ত বৰ্তমান তীব্ৰ বিতৰ্ক চলি আছে। এনে এক সন্ধিক্ষণতে ভাৰতীয় মূলৰ মহিলাগৰাকীক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মন কৰিবলগীয়া যে, গ্ৰীণ কাৰ্ড লটাৰী (Diversity Visa Program)ৰ তালিকাৰ পৰা ভাৰতৰ নাম বাদ পৰাৰ বাবে দেশখনৰ জনসাধাৰণ ইতিমধ্যে হেঁচাত পৰিছে। ভাৰতৰ পৰা আমেৰিকালৈ প্ৰব্ৰজন কৰিব বিচৰাসকলৰ বাবে এই মুহূৰ্তত অতি সীমিত বিকল্পহে বাকী আছে। বিশেষজ্ঞসকলৰ মতে, ট্ৰাম্পৰ কাৰ্যকালত প্ৰব্ৰজন সম্পৰ্কীয় কঠোৰ নীতিৰ বাবে বৈধভাবে বসবাস কৰাৰ সুযোগো ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে।
