ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

‘নৰ্থইষ্ট নাও’ৰ অষ্টম প্ৰতিষ্ঠা দিৱসত বিশিষ্ট অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰ : গভীৰ সংকটত ভাৰতীয় গণৰাজ্য

ৰাজ্যৰ আগশাৰীৰ ডিজিটেল সংবাদ মাধ্যম ‘নৰ্থ-ইষ্ট নাও’ৰ অষ্টম প্ৰতিষ্ঠান দিৱসত উপস্থিত থাকে বিশিষ্ট অৰ্থনীতিবিদ তথা ৰাজনৈতিক বিশ্লেষক পৰাকলা প্ৰভাকৰ। প্ৰভাকৰে “আমাৰ গণৰাজ্য সংকটত নেকি?” শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে। এই বক্তৃতাত প্ৰভাকৰে কয় যে ভাৰতীয় গণৰাজ্য সংকটৰ দিশে আগবঢ়া নাই, বৰঞ্চ ই সংকটৰ মাজত সোমাই পৰিছে

প্ৰভাকৰে “আমাৰ গণৰাজ্য সংকটত নেকি?” বিষয়টো সম্পৰ্কে কয় যে হয়, গণৰাজ্য সংকটত পৰিছে। যদি অতি সোনকালে আমি প্ৰতিকাৰৰ ব্যৱস্থা নলও তেন্তে বহু পলম হৈ যাব।

‘নৰ্থইষ্ট নাও’ৰ বৰ্ষপূৰ্তি উপলক্ষে প্ৰভাকৰে অভিনন্দন জনোৱাৰ লগতে সংবাদ মাধ্যমটোৰ সত্য আৰু নিৰপেক্ষ স্থিতিক প্ৰসংশা কৰে। বক্তৃতাৰ মাজতে তেওঁ কয় যে তেওঁ নিমন্ত্ৰণৰ বাবে কোনো চিন্তা কৰা নাছিল, তেওঁক নিমন্ত্ৰণ জনোৱাৰ বাবে নৰ্থ-ইষ্ট নাওৰ বাবেহে চিন্তা কৰিছিল।

তেওঁ কয়, “দেশৰ পৰিৱেশ শাসক আৰু ক্ষমতাশালী সকলৰ আগত সত্য কোৱাৰ বাবে অনুকূল নহয়।”

প্ৰভাকৰে কয় যে গণৰাজ্যৰ এই সংকট পৃথক নহয়। গণৰাজ্যৰ লগতে ভাৰতৰ অৰ্থনীতি, সমাজ, ৰাজনীতি আৰু সংস্কৃতিও সংকটত আছে। এই সকলোবোৰ মিলাই আমাৰ গণৰাজ্য আজি সংকটত।

বিগত প্ৰায় দুবছৰ ধৰি চলি থকা মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ এখন ৰাজ্যৰ মানুহৰ যন্ত্ৰণাৰ প্ৰতি আন ৰাজ্যৰ নাগৰিকৰ উদাসীনতাই দেশৰ ৰাজনৈতিক অৱস্থাৰ পতনক প্ৰতিফলিত কৰে। তেওঁ মন্তব্য কৰে যে মণিপুৰ ভাৰতৰ ৰাজনৈতিক কল্পনাৰ অংশ নহয়। ইয়াক তেওঁ গণৰাজ্যৰ সংকটৰ এক স্পষ্ট উদাহৰণ বুলি অভিহিত কৰে।

ইয়াৰ উপৰিও তেওঁ উচ্চ ন্যায়ালয়ৰ ভিতৰত ভাৰতৰ মুখ্য ন্যায়াধীশৰ ওপৰত হোৱা আক্ৰমণ, ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা, গ্ৰাম্য দুৰ্দশা আৰু ভাৰতীয় মুদ্ৰা মূল্যৰ ধাৰাবাহিক পতনৰ দৰে ঘটনাসমূহৰ প্ৰতি জনসাধাৰণৰ উদাসীনতাৰ কথা উল্লেখ কৰে। তেওঁ কয়, “যেতিয়া টকাৰ মূল্যই নতুন নিম্নগামী স্তৰ স্পৰ্শ কৰে আৰু নিবনুৱা সমস্যা বৃদ্ধি পায়, তেতিয়া আমি সেইবোৰৰ বিষয়ে একো কথাই নাপাতো।”

নিৰ্বাচনী প্ৰক্ৰিয়া সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি প্ৰভাকৰে কয় যে গণতান্ত্ৰিক নীতিসমূহ ওলোটা কৰা হৈছে। কেইবাখনো ৰাজ্যত ভোটাৰ তালিকা সংশোধনৰ কথা উল্লেখ কৰি তেওঁ কয়, “আগতে ভোটাৰসকলে চৰকাৰ নিৰ্ণয় কৰিছিল। আজি চৰকাৰে ভোটাৰক নিৰ্ণয় কৰে।”

চলিত সমস্যা সমূহক আওকাণ কৰি লোকসভাত ‘বন্দে মাতৰম’ সম্পৰ্কে হোৱা দীঘলীয়া আলোচনাক সমালোচনা কৰি প্ৰভাকৰে কয় যে ইও গণৰাজ্য সংকটৰ আন এক উদাহৰণ।

তেওঁ কয় যে গণতন্ত্ৰক লাহে লাহে হত্যা কৰা হৈছে। তেওঁ লগতে কয় যে চেলিব্ৰিটি ইভেণ্ট, চমকপ্ৰদ অনুষ্ঠান আৰু কৃত্ৰিম বিতৰ্কৰ জৰিয়তে জনসাধাৰণৰ মনোযোগ আঁতৰাই ৰখা হয়, আনহাতে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক ক্ৰমান্বয়ে দুৰ্বল কৰি তোলা হয়।

তেওঁ আঙুলিয়াই দিয়ে যে বৰ্তমানৰ শাসকীয় দলটোৰ কেবিনেটত দেশৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়ৰ কোনো প্ৰতিনিধিত্ব নাই।

তেওঁ সতৰ্ক কৰি দি কয়, “যেতিয়া ৰাজনৈতিক সংখ্যাগৰিষ্ঠতাক ধৰ্মীয় সংখ্যাগৰিষ্ঠতালৈ সলনি কৰা হয়, তেতিয়া গণতন্ত্ৰ অন্তঃসাৰশূন্য হৈ পৰে।” তেওঁ লগতে কয় যে এনে সংখ্যাগৰিষ্ঠতা স্থায়ী আৰু ইয়াক গণতান্ত্ৰিকভাৱে ওফৰাব নোৱাৰি।

বক্তৃতাৰ সামৰণিত প্ৰভাকৰে কয় যে বৰ্তমানৰ সংকট নিশাৰ ভিতৰতে হোৱা নাই, ই দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ ফল।

তেওঁ কয় যে ” গণতন্ত্ৰক হত্যা কৰিব খোজা অশুভ শক্তি চিৰদিনৰ বাবে নোহোৱা হৈ নাযায়। ইয়াক বাৰে বাৰে প্ৰতিৰোধ কৰিব লাগিব।”

নাগৰিকসকলক কেৱল দৰ্শক হৈ নাথাকিবলৈ আহ্বান জনাই প্ৰভাকৰে কয় যে কেৱল নিৰন্তৰ আৰু সামূহিক কাৰ্যইহে গণৰাজ্যৰ ক্ষয় ৰোধ কৰাত সহায় কৰিব পাৰিব। উপস্থিত ৰাইজক সোঁৱৰাই দি তেওঁ কয়, “আমি ইতিমধ্যে সংকটৰ মাজত আছো। আত্মসন্তুষ্টি লৈ নাথাকিব।”

দিছপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমীৰ বীণা চৌধুৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানটোত প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, কবি-সাহিত্যিক হৰেকৃষ্ণ ডেকা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, শিক্ষাবিদ অপূৰ্ব কুমাৰ বৰুৱা, অধ্যাপক অখিল ৰঞ্জন দত্ত, লেখক ময়ূৰ বৰাকে ধৰি বহু গণ্যমান্য ব্যক্তি, সাংবাদিক আৰু শিক্ষাৰ্থী উপস্থিত থাকে।