আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এতিয়া ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ২০২১ চনত হোৱা এক ঘটনাক কেন্দ্ৰ কৰি তেওঁ সংস্থাটোৰ বিৰুদ্ধে ১০ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰ তৰিছে।
সোমবাৰে মিয়ামিৰ ফেডাৰেল আদালতত ট্ৰাম্পে দাখিল কৰা এই গোচৰটোত অভিযোগ কৰা হৈছে যে ২০২১ চনৰ ৬ ডিচেম্বৰত কেপিটেল হিলত সংঘটিত আক্ৰমণত বিবিচি-য়ে ট্ৰাম্পক দোষী বুলি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ ভাষণৰ সম্পাদিত ক্লিপ দেখুৱাই জনসাধাৰণৰ মাজত এক ভুৱা ধাৰণা সৃষ্টি কৰা হৈছিল বুলি গোচৰত উল্লেখ আছে।
অভিযোগ অনুসৰি, বিবিচি-য়ে ট্ৰাম্পৰ ভাষণৰ ভিডিঅ’টোত ব্যাপক সম্পাদনা কৰিছিল। ট্ৰাম্পে নিজৰ সমৰ্থকসকলক কেপিটেল হিলত মাৰ্চ কৰিবলৈ কোৱা আৰু ‘ফাইট লাইক হেল‘ বুলি কৰা মন্তব্য প্ৰদৰ্শন কৰা হৈছিল। কিন্তু একেটা ভাষণতে তেওঁ ৰাইজক শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ কৰা আহ্বানক বিবিচি-য়ে ইচ্ছাকৃতভাৱে বাদ দিয়ে। এইদৰে সংবাদ সংস্থাটোৱে তেওঁক কেপিটেল হিলত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ প্ৰৰোচক হিচাপে চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বুলি ট্ৰাম্পে দাবী কৰিছে। ইয়াৰ ফলত জনসাধাৰণৰ দৃষ্টিত তেওঁৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ অভিযোগ কৰে।
এনে ঘটনা ৰোধৰ বাবে ফ্ল’ৰিডাত প্ৰণয়ন কৰা বিশেষ আইনৰ অধীনত, আমেৰিকাত প্ৰতাৰণামূলক আৰু অন্যায় বাণিজ্যিক পদ্ধতি এক গুৰুতৰ অপৰাধ। মানহানিৰ উপৰিও ট্ৰাম্পে সেই আইনৰ অধীনতো অভিযোগ দাখিল কৰিছে। এই গোচৰৰ দুটা ক্ষেত্ৰত বিবিচিৰ পৰা মুঠ ১০ কোটি ডলাৰ ক্ষতিপূৰণৰ দাবী জনাইছে ট্ৰাম্পে।
ইফালে বিবিচি-য়ে এই ভিডিঅ’টোৰ বাবে ইতিমধ্যে ক্ষমা বিচাৰিছে। তেওঁলোকে স্বীকাৰ কৰিছিল যে সেয়া তেওঁলোকৰ ভুল সিদ্ধান্ত আছিল আৰু সেইদিনা ট্ৰাম্পৰ ভাষণ ভুলকৈ উপস্থাপন কৰা হৈছিল। একে সময়তে বিবিচি-য়ে দাবী কৰিছে যে তেওঁলোকৰ বিৰুদ্ধে লোৱা আইনী ব্যৱস্থা ভিত্তিহীন। ইয়াৰ উত্তৰত ট্ৰাম্পে দাবী কৰে যে বিবিচি-য়ে তেওঁলোকৰ এই কাৰ্যৰ বাবে প্ৰকৃত অনুশোচনা প্ৰকাশ কৰা নাই আৰু দীৰ্ঘদিন ধৰি ৰাজনৈতিক উদ্দেশ্যত ট্ৰাম্পক লৈ ভুৱা বাতৰি প্ৰচাৰ কৰি আহিছে।
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ২০২১ চনত তেওঁৰ সমৰ্থকসকলে কেপিটেল হিলত আক্ৰমণ চলাইছিল। এই আক্ৰমণত ইন্ধন যোগোৱাৰ অভিযোগ ট্ৰাম্পৰ ওপৰত উত্থাপিত হৈছিল। সেই কথাৰ ইংগিত দি বিবিচি-য়ে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পৰ ভাষণকে ধৰি এখন তথ্যচিত্ৰ মুকলি কৰিছিল, যিয়ে বিতৰ্কৰ সূত্ৰপাত কৰিছিল। সেই বিষয়তে ট্ৰাম্পে এতিয়া গোচৰ তৰিছে।
