ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ড্ৰোন আক্ৰমণ চলাই ৰাছিয়াৰ চাবমেৰিন ক্ষতিগ্ৰস্ত কৰা বুলি দাবী কৰিছে ইউক্ৰেইনে

ইউক্ৰেইনে ড্ৰ’ন ব্যৱহাৰ কৰি ৰাছিয়াৰ এখন চাবমেৰিনত আক্ৰমণ কৰা বুলি দাবী কৰিছে। ছাবমেৰিনখন আছিল ৰাছিয়াৰ ন’ভ’ৰ’ছিস্ক বন্দৰত।

ইউক্ৰেইনৰ আভ্যন্তৰীণ চোৰাংচোৱা সংস্থা (এছ বি ইউ)য়ে জনোৱা মতে, এই আক্ৰমণত ছাবমেৰিনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। এই খবৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল।

সোমবাৰে (১৫ ডিচেম্বৰ) এছ বি ইউয়ে এক বিবৃতিত কয় যে, “ইতিহাসত প্ৰথমবাৰৰ বাবে মেৰিন বেবী ড্ৰ’ন ব্যৱহাৰ কৰি ছাবমেৰিনত আক্ৰমণ কৰা হৈছে।”

তেওঁলোকে দাবী কৰিছে যে এই কিলো শ্ৰেণীৰ ডুবন্ত জাহাজখন অচল কৰি পেলোৱা হৈছে। এছ বি ইউয়ে লগতে কয় যে এই চাবমেৰিনখনত চাৰিটা কেলিবাৰ ক্ৰুজ মিছাইল লঞ্চাৰ আছে, যিবোৰৰ সহায়ত ইউক্ৰেইনৰ ভূখণ্ডত আক্ৰমণ কৰা হৈছিল।

ইউক্ৰেইনৰ এই দাবীৰ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰাছিয়াই। দুয়োখন দেশৰ যুদ্ধৰ অন্ত পেলাবলৈ জাৰ্মানীৰ বাৰ্লিনত গুৰুত্বপূৰ্ণ আলোচনা চলি থকাৰ সময়তে ইউক্ৰেইনে ৰাছিয়াৰ নৌসেনাৰ চাবমেৰিনত আক্ৰমণৰ তথ্য দিছে। আলোচনাৰ মাজতে সংঘটিত হোৱা এই আক্ৰমণেৰে ইউক্ৰেইনে বাৰ্তা দিব বিচাৰিছে যে তেওঁলোকে এতিয়াও ৰাছিয়াৰ যথেষ্ট ক্ষতিসাধন কৰিবলৈ সক্ষম।

ইপিনে, ৰাছিয়াই ইউক্ৰেইনৰ জাপ’ৰিজিয়া অঞ্চলৰ আন এখন গাঁও দখল কৰা বুলি দাবী কৰিছে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি হুলীয়াইপলৰ পৰা প্ৰায় ৯ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত ভাৰভাৰিভকা গাঁওখন বাহিনীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।

হুলিয়াইপল দক্ষিণ-পূবৰ এটা মূল আগশাৰীৰ অঞ্চল। ইয়াৰ পূৰ্বে ১ ডিচেম্বৰত সামৰিক কমাণ্ড পোষ্ট ভ্ৰমণৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিভিন্ন কমাণ্ডাৰে পৰিস্থিতি সম্পৰ্কে অৱগত কৰে। সেই সময়ত পূব সামৰিক জিলাৰ অধিনায়ক আন্দ্ৰেই ইভানভে দাবী কৰিছিল যে ৰাছিয়াৰ বাহিনীয়ে হুলিয়াইপল গাঁৱত প্ৰৱেশ কৰি ইয়াৰ বাহিৰৰ অঞ্চলত অৱস্থান কৰিছে।

অৱশ্যে ইউক্ৰেইনে এই দাবী দুদিন পিছত অস্বীকাৰ কৰে। ইউক্ৰেইনৰ সামৰিক মুখপাত্ৰ ভ্লাডিস্লাভ ভোলোশ্বিনে টেলিভিছনত দিয়া ভাষণত কয় যে ৰাছিয়াৰ সৈন্যই হুলিয়াইপললৈ যোগাযোগ আৰু যোগানৰ পথ বিচ্ছিন্ন কৰি চহৰখন ঘেৰি ৰাখিবলৈ চেষ্টা কৰিছে।

ইপিনে, ইউক্ৰেইনৰ জেনেৰেল ষ্টাফে এক বিবৃতিত কয় যে তেওঁলোকৰ সৈন্যই হুলিয়াইপল চহৰকে ধৰি তিনিটা বসতিস্থলৰ দিশে হুলিয়াইপল ফ্ৰণ্টত ৰাছিয়াৰ বাহিনীৰ ১৯টা আক্ৰমণ প্ৰতিহত কৰিছে। অৱশ্যে বিবৃতিটোত ভাৰভাৰিভকাৰ কথা উল্লেখ কৰা হোৱা নাই।