অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। বণ্ডি বিচত অনুষ্ঠিত হৈ থকা ইহুদী হানুকাহ উৎসৱৰ সময়তে এই ঘটনা ঘটে। প্ৰাথমিক তথ্য অনুসৰি, এই আক্ৰমণত অন্তত ১০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৬০ জন লোক আহত হৈছে। ঘটনাৰ পিছতে দুজন লোকক আৰক্ষীয়ে জিম্মাত লৈছে বুলি জানিব পৰা গৈছে।
নিউ চাউথ ৱেলছ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, নিহতসকলৰ ভিতৰত ৯ জন সাধাৰণ নাগৰিক আৰু এজন সন্দেহযুক্ত বন্দুকধাৰী অন্তৰ্ভুক্ত। আহতসকলক তৎকালীনভাৱে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে বণ্ডি বিচত সূৰ্যাস্তৰ সময়ত আৰম্ভ হোৱা ইহুদী হানুকাহ উৎসৱৰ প্ৰথম দিনাৰ অনুষ্ঠানক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছিল। ঘটনাস্থলীত শ শ লোক উপস্থিত থকাৰ সময়তে সন্ধিয়া প্ৰায় ৬:৩০ বজাত (স্থানীয় সময় অনুসৰি) আক্ৰমণকাৰীয়ে গুলীচালনা আৰম্ভ কৰে।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ঘটনাটোক “অত্যন্ত দুখজনক আৰু হৃদয়বিদাৰক” বুলি অভিহিত কৰি নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ কয়, আৰক্ষী আৰু জৰুৰীকালীন সেৱাসমূহে ঘটনাস্থলীত উদ্ধাৰ আৰু জীৱন ৰক্ষাৰ কাম অব্যাহত ৰাখিছে।
ঘটনাৰ পিছতে বণ্ডি বিচ আৰু ইয়াৰ আশে-পাশে অঞ্চলত নিৰাপত্তা কটকটীয়া কৰা হৈছে। নিউ চাউথ ৱেলছ আৰক্ষীয়ে জনসাধাৰণক সেই অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে তদন্ত অব্যাহত থকা বুলি সদৰী কৰিছে।
স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা ভিডিঅ’ আৰু প্ৰতিবেদন অনুসৰি, গুলীচালনাৰ পিছত বহু লোক ৰাস্তাত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা দেখা গৈছে। এজন স্থানীয় সাক্ষীয়ে কয় যে, “মই কমেও ১০ জন লোকক মাটিত পৰি থকা দেখিছিলোঁ, সকলোফালে আতংক আৰু চিঞৰ-বাখৰ আছিল।”
উল্লেখ্য যে ইয়াৰ প্ৰায় ১১ বছৰ পূৰ্বে ছিডনীৰ লিণ্ডট কেফেতো এক ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত দীঘলীয়া পণবন্দী পৰিস্থিতিৰ অন্তত কেইবাজনৰ মৃত্যু হৈছিল। শেহতীয়া এই ঘটনাই পুনৰবাৰ অষ্ট্ৰেলিয়াত নিৰাপত্তা ব্যৱস্থা আৰু সন্ত্ৰাসবাদী ভাবুকিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
