ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

শক্তিখণ্ডক পুঁজিপতিৰ হাতত গটাই দিয়াৰ ষড়যন্ত্ৰ; অভাৱনীয়ভাৱে বৃদ্ধি পাব বিদ্যুৎ মাচুল

দেশৰ শক্তিখণ্ডক পুঁজিপতিৰ হাতত গটাই দিবলৈ ষড়যন্ত্ৰ চলাইছে কেন্দ্ৰীয় চৰকাৰে। গুৰুতৰ অভিযোগ তুলিছে সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাই। সন্থাৰ মতে, বিদ্যুৎ আইন ২০০৩-ৰ প্ৰস্তাৱিত সংশোধনী গৃহীত হ’লে শক্তিখণ্ড সম্পূৰ্ণৰূপে পুঁজিপতিৰ নিয়ন্ত্ৰণলৈ যাব আৰু বিদ্যুৎ মাচুল অভাৱনীয়ভাৱে বৃদ্ধি পাব।

এই সন্দৰ্ভত সন্থাৰ আহ্বায়ক অজয় আচাৰ্য আৰু হিল্লোল ভট্টাচাৰ্যই কয় যে, বিদ্যুৎ এতিয়া এটা জনসেৱাৰ ক্ষেত্ৰ নহৈ ধীৰে ধীৰে লাভজনক পণ্যত পৰিণত হৈছে। ১৪ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎ (সংশোধনী) বিধেয়ক ২০২৫ৰ খচৰা প্ৰকাশ কৰি কেৱল কৰ্প’ৰেট আৰু ব্যৱসায়ী সংগঠনৰ পৰা মতামত বিচাৰিছে যদিও দেশৰ কোটি কোটি উপভোক্তা বা বিদ্যুৎ কৰ্মচাৰী সংগঠনৰ পৰা কোনো মতামত বিচৰা হোৱা নাই।

ভট্টাচাৰ্যই কয় যে ২০১৮ চনৰ পৰা কমেও পাঁচবাৰ এই বিধেয়কখন সংসদত গৃহীত কৰাবলৈ চেষ্টা কৰা হৈছিল, কিন্তু প্ৰতিবাৰেই জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদৰ বাবে চৰকাৰ পিছুৱাই যাবলৈ বাধ্য হৈছে। এতিয়া পুনৰ নতুনকৈ বিলখন উত্থাপনৰ প্ৰস্তুতি চলি আছে।

সন্থাই অভিযোগ কৰে যে জনসাধাৰণৰ টকাৰে গঢ়ি উঠা বিদ্যুৎ বিতৰণ ব্যৱস্থাত ব্যক্তিগত কোম্পানীৰ প্ৰৱেশ সহজ কৰিবলৈ এই বিলখন আনা হৈছে। একেটা অঞ্চলতে একাধিক কোম্পানীক বিদ্যুৎ বিতৰণৰ অনুমতি দিয়াৰ ব্যৱস্থা কৰা হ’ব আৰু চৰকাৰী নেটৱৰ্ক ব্যৱহাৰ কৰিয়েই আদানি, আম্বানী, টাটা, টৰেণ্টো আদি ব্যক্তিগত কোম্পানীয়ে বিদ্যুৎ যোগান ধৰিব পাৰিব।

তেওঁলোকে কয় যে নেটৱৰ্ক উন্নীতকৰণৰ সমস্ত খৰচ চৰকাৰী কোম্পানীয়ে বহন কৰিব, কিন্তু মুনাফা লাভ কৰিব ব্যক্তিগত কোম্পানীয়ে। ইয়াৰ ফলত চৰকাৰী বিতৰণ কোম্পানীসমূহ আৰ্থিকভাৱে ৰুগ্ন হ’ব আৰু গ্ৰামাঞ্চলৰ বিদ্যুৎ যোগান অৱহেলিত হোৱাৰ আশংকা বৃদ্ধি পাব।

সন্থাৰ মতে, তথাকথিত প্ৰতিযোগিতাৰ নামত ব্যক্তিগত কোম্পানীয়ে ঘনবসতিপূৰ্ণ চহৰাঞ্চল বাচি ল’ব আৰু প্ৰথমতে কম মাচুল দি গ্ৰাহক আকৰ্ষণ কৰিব। পৰৱৰ্তী সময়ত মাচুল বৃদ্ধি হোৱাটো অনিবাৰ্য হ’ব। আনহাতে, একেটা নেটৱৰ্ক একাধিক কোম্পানীয়ে ব্যৱহাৰ কৰিলে যোগানৰ গুণগত মানো হ্ৰাস পাব।

প্ৰিপেইড স্মাৰ্ট মিটাৰ সন্দৰ্ভত সন্থাই কয় যে ই বিতৰণ ব্যৱস্থাৰ বেচৰকাৰীকৰণৰ পথ প্ৰসস্ত কৰাৰ এক অস্ত্ৰ। স্মাৰ্ট মিটাৰৰ ফলত ব্যক্তিগত কোম্পানীৰ খৰচ কমিব যদিও হাজাৰ হাজাৰ কৰ্মচাৰী চাকৰি হেৰুৱাবলগীয়া হ’ব।

তেওঁলোকে আৰু কয় যে প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে ক্ৰছ ছাবছিডি ব্যৱস্থা বিলুপ্ত কৰাৰ চেষ্টা চলিছে। ঘৰুৱা, কৃষি আৰু ক্ষুদ্ৰ উদ্যোগৰ উপভোক্তাৰ বাবে ক্ৰছ ছাবছিডি অত্যাৱশ্যক। এই ব্যৱস্থা উঠাই দিলে সাধাৰণ মানুহৰ বিদ্যুৎ খৰচ বহুগুণে বৃদ্ধি পাব।

উল্লেখ্য যে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসম এতিয়াও পৰনিৰ্ভৰশীল। বৰ্তমান পিক আৱাৰত ৰাজ্যখনৰ বিদ্যুৎ চাহিদা ২,৮০৯.২৭ মেগাৱাট আৰু অফ-পিক আৱাৰত ২,১১৬.৯৭ মেগাৱাট। কিন্তু অসমৰ নিজা উৎপাদন ক্ষমতা মাত্ৰ ৪১৯.৮৬ মেগাৱাট।

২০১৬-১৭ চনৰ পৰা এতিয়ালৈ বিদ্যুতৰ চাহিদা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে যদিও উৎপাদন সেই অনুপাতে বৃদ্ধি হোৱা নাই। এনে পৰিস্থিতিত শক্তিখণ্ড বেচৰকাৰীকৰণ হ’লে অসমৰ দৰে ৰাজ্যৰ উপভোক্তাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব বুলি সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাই আশংকা প্ৰকাশ কৰিছে।