ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

মুছলমান হোৱাই কাল হ’ল: গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে এজন ব্যৱসায়ীয়ে

বিহাৰত পুনৰ পোহৰলৈ আহিছে মব্ লিঞ্চিংৰ ঘটনা। নৱাদা জিলাত এজন বস্ত্ৰ ব্যৱসায়ীক ধৰ্মীয় পৰিচয় নিশ্চিত কৰাৰ পিছত জনতাই নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাই ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পোৱা মব্ লিঞ্চিংৰ দৰে হিংসাত্মক ঘটনাই আইন-শৃংখলাৰ পৰিস্থিতিক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

নৱাদা জিলাত এই ৪০ বছৰীয়া এজন ব্যক্তিক ৰাইজে প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাই নতুন গৃহমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি নিহত লোকজনৰ নাম মহম্মদ আথাৰ হুছেইন। ৫ ডিচেম্বৰত তেওঁক নৱাদা জিলাৰ ৰোহ থানা এলেকাত একাংশ লোকে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল আৰু শুকুৰবাৰে নিশা তেওঁৰ মৃত্যু হয়। তেওঁ নালন্দা জিলাৰ লহেৰী থানা এলেকাৰ গগণ্ডিহ গাঁৱৰ বাসিন্দা আছিল।

মৃত্যুৰ পূৰ্বে হুছেইনে অভিযোগ কৰিছিল যে তেওঁৰ ধৰ্মীয় পৰিচয়ৰ বাবেই তেওঁক লক্ষ্য কৰি লোৱা হৈছে। ঘটনাৰ পিছতে তেওঁক বিহাৰশ্বৰীফ সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু শুকুৰবাৰে নিশা তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ লোকে জনোৱা মতে, হুছেইনে নিকটৱৰ্তী নৱাদা জিলাৰ গ্ৰাম্য অঞ্চলত কাপোৰ বিক্ৰী কৰিছিল।

তেওঁৰ ওপৰত হোৱা অত্যাচাৰৰ বৰ্ণনা কৰি হুছেইনে কৈছিল যে চাৰি-পাঁচজনীয়া এটা দলে তেওঁক বলপূৰ্বকভাৱে ৰখাই তেওঁৰ পকেটত তালাচী চলাই, টানি টানি এটা কোঠালৈ লৈ গৈছিল আৰু তেওঁৰ ধৰ্মীয় পৰিচয় প্ৰকাশ কৰিবলৈ বাধ্য কৰাইছিল।

হুছেইনে উল্লেখ কৰা অনুসৰি আন একাংশই তেওঁৰ শৰীৰত পেট্ৰল ঢালি তেওঁক জ্বলাই দিবলৈও চেষ্টা কৰিছিল। তাৰ আগতে আক্ৰমণকাৰীয়ে তেওঁৰ ভৰি, আঙুলি, আৰু কাণত আঘাত কৰিছিল।

হুছেইনে পৰিয়াল পোহপাল দিবলৈ ৰোহ আৰু নৱাদাৰ আশে-পাশে থকা অঞ্চলত কাপোৰ বিক্ৰী কৰিছিল।

সংবাদ মাধ্যমৰ আগত হুছেইনৰ পত্নী শ্ববনম পাৰবীনে কয় যে, “তেওঁ পৰিয়ালটোৰ একমাত্ৰ জীৱিকাৰ উৎস আছিল। বিগত ২০ বছৰ ধৰি তেওঁ এই কাম কৰি আহিছিল, কিন্তু তেওঁ কেতিয়াও কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল। কি ভুল হৈছিল আৰু কিয় তেওঁক লক্ষ্য কৰি লোৱা হৈছিল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰিব লাগে।”

উল্লেখ্য যে শ্ববনম পাৰবীনে নাম উল্লেখ কৰা ১০জন অভিযুক্তৰ লগতে আন ১৫জন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিছে। এতিয়ালৈকে আৰক্ষীয়ে চাৰিজন অভিযুক্ত (সোণু কুমাৰ, ৰঞ্জন কুমাৰ, শচীন কুমাৰ, আৰু শ্ৰী কুমাৰ)ক গ্ৰেপ্তাৰ কৰিছে। ৰোহ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন কুমাৰে জনোৱা অনুসৰি, বাকী অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত আছে।

ঘটনাৰ পিছতে এফআইআৰ ৰুজু হোৱাৰ লগতে তদন্ত অব্যাহত থকা বুলি সদৰী কৰিছে। তেওঁ মৃতকৰ পৰিয়ালক আশ্বাস দি কয় যে, “আমি এই কাণ্ডক অতি গুৰুত্বসহকাৰে লৈছোঁ আৰু অভিযুক্তক ৰেহাই দিয়া নহ’ব। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

স্মৰ্তৱ্য যে কেৱল ২০২৫ চনত জিলাখনত ফেব্ৰুৱাৰী মাহত দুজন যুৱক গণপ্ৰহাৰৰ সন্মুখীন হৈছিল আৰু আগষ্ট মাহত ডাইনীৰ অভিযোগত বৃদ্ধ দম্পতীক আক্ৰমণ কৰাকে ধৰি কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে।