বলীউডৰ জনপ্ৰিয় পৰিচালক তথা প্ৰযোজক কৰণ জোহৰে শেহতীয়াকৈ তেওঁৰ নতুন চেহেৰাৰে সকলোকে আচৰিত কৰি তুলিছে। ৫৩ বছৰ বয়সত তেওঁৰ চেহেৰাৰ এই পৰিৱৰ্তন দেখি ছ’চিয়েল মিডিয়াত বহু চৰ্চা আৰম্ভ হৈছে। কোনোবাই প্ৰশংসা কৰিছে, আকৌ কোনোবাই ইমান কম সময়ৰ ভিতৰত তেওঁ কেনেকৈ ওজন কমাবলৈ সক্ষম হ’ল সেই লৈ প্ৰশ্ন কৰিছে। এইবাৰ কৰণৰ এই পৰিৱৰ্তনৰ আচল ৰহস্য ফাদিল কৰিলে এগৰাকী পুষ্টিবিদে।
জানিব পৰা মতে, কৰণে যোৱা সাত মাহ ধৰি ‘ওমেড’ (OMAD), অৰ্থাৎ দিনটোত মাত্ৰ এবাৰ খোৱাৰ নিয়ম মানি চলিছে। ভাৰতীয় পুষ্টিবিদ আৰু স্বাস্থ্য প্ৰশিক্ষক প্ৰিয়ংকা টি-য়ে তেওঁৰ ইনষ্টাগ্ৰাম ভিডিঅ’ত কয় যে কৰণ জোহৰে দিনে প্ৰায় ২৩ ঘণ্টা উপবাসে আছিল। তেওঁ কেৱল এটা নিৰ্দিষ্ট সময়তহে এবাৰ খাইছিল। বাকী সময়ত পানী, ব্লেক কফি বা চাহৰ বাহিৰে আন একো খোৱা নাছিল।
এই ‘ওমেড ডায়েট’-এ কেনেকৈ কাম কৰে? প্ৰিয়ংকাৰ ব্যাখ্যা অনুসৰি, দীৰ্ঘদিন ধৰি একো নোখোৱাৰ ফলত শৰীৰে বাহিৰৰ পৰা খাদ্য নোপোৱাত শৰীৰত জমা হোৱা চৰ্বি শক্তিলৈ ৰূপান্তৰিত হৈ ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰে। ফলত চৰ্বি সোনকালে কমি যায় আৰু ওজন কমিবলৈ ধৰে। কৰণৰ আগৰ আৰু পিছৰ ছবি চালেই এই পৰিৱৰ্তন স্পষ্ট হৈ পৰে।
কিন্তু পুষ্টিবিদে সতৰ্ক কৰি দিছে যে এই ডায়েট যিমান কাৰ্যকৰী, সিমানেই কঠিন আৰু বিপদজনক। ২৩ ঘণ্টা নোখোৱাকৈ থকা মানে শৰীৰক প্ৰচণ্ড চাপৰ মাজত ৰখা। প্ৰিয়ংকাৰ মতে, “এইটো সকলোৰে বাবে সম্ভৱ নহয়। ইয়াৰ ফলত শৰীৰে হৰমনৰ ভাৰসাম্য হেৰুৱাব পাৰে, পেশী কমি যোৱাৰ সম্ভাৱনা থাকে, আৰু শক্তি হ্ৰাস হ’ব পাৰে। বহু লোকৰ ক্ষেত্ৰত মূৰ ঘূৰোৱা বা দুৰ্বলতাও দেখা দিব পাৰে।”
তেওঁ লগতে কয় যে ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ড দেখি কেতিয়াও এনে ডায়েট আৰম্ভ কৰা উচিত নহয়। কৰণ জোহৰে তেওঁৰ ব্যক্তিগত স্বাস্থ্যৰ পৰিস্থিতি বুজি বিশেষজ্ঞৰ তত্ত্বাৱধানত এইটো কৰিছিল। গতিকে সকলোৱে যদি তেওঁৰ দৰে ওজন কমোৱাৰ আশাত ‘ওমেড ডায়েট’ কৰিবলৈ আৰম্ভ কৰে, তেন্তে ই বিপদজনক হ’ব পাৰে।
প্ৰিয়ংকাই বিকল্প হিচাপে পৰামৰ্শ দিছে যে – দিনটোত তিনিবাৰ স্বাস্থ্যকৰ খাদ্য খাব লাগে, খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগে, প্ৰ’টিন, ফাইবাৰ আৰু স্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্য খাব লাগে আৰু খোৱাৰ এটা নিৰ্দিষ্ট ৰুটিন মানি চলিব লাগে। এই পদ্ধতিসমূহে দীঘলীয়া সময়ৰ বাবে নিৰাপদে ওজন কমোৱাত সহায় কৰে।
কৰণৰ এই পৰিৱৰ্তনে নিঃসন্দেহে অনুপ্ৰেৰণা যোগায়। কিন্তু পুষ্টিবিদসকলৰ মতে, ‘ওমেড’ কোনো যাদুকৰী ফৰ্মুলা নহয়, এইটো অতি কঠিন আৰু সকলোৰে শৰীৰৰ বাবে উপযোগীও নহয়। সেয়েহে, এনে ধৰণৰ উপবাস আৰম্ভ কৰাৰ আগতে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।
