ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিট আদালতত দাখিল কৰিলে এছ আই টিয়ে

দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল। শুকুৰবাৰে (১২ ডিচেম্বৰ) কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট।

শুকুৰবাৰে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)য়ে আদালতত দাখিল কৰে জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট।

চাৰিটাকৈ ট্ৰাংকত চিআইডি কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল প্ৰায় ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীটৰ কপি।

ইপিনে, আজিয়েই অন্ত পৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ নেতৃত্বত গঠিত ন্যায়িক তদন্ত আয়োগে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজহুৱা সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া।

তাৰ মাজতে অসম আৰক্ষীৰ চিআইডিয়ে জুবিন গাৰ্গ মৃত্যু ঘটনাৰ ১৮/২৫ নম্বৰৰ গোচৰটোৰ চার্জশ্বীট আদালতত দাখিল কৰিলে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া এছ.আই.টি.য়ে শুকুৰবাৰে আদালতত চার্জশ্বীট দাখিল কৰিলে যদিও এই চার্জশ্বীট ৰাজহুৱা কৰা নহ’ব।

অভিযুক্তৰ অধিবক্তাই আদালতত চার্জশ্বীটৰ ক’পি বিচাৰি আবেদন কৰিব পাৰিব যদিও চাৰ্জশ্বীট প্ৰদান কৰা-নকৰাটো নিৰ্ভৰ কৰিব সম্পূৰ্ণৰূপে আদালতৰ ওপৰত।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নৰ্থইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ ডিএছপি সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহ-গায়িকা অমৃতপ্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷

তদন্তকাৰী দলে চার্জশ্বীটত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি প্ৰায় ৩০০গৰাকী লোকৰ সাক্ষ্য অন্তর্ভুক্ত কৰিছে। এই নথিত ফৰেনছিক প্ৰমাণ, ছিংগাপুৰৰ আৰক্ষী আৰু চিকিৎসা কৰ্তৃপক্ষৰ আংশিক প্রতিবেদন, অসমৰ চিকিৎসকৰ আৰু চিকিৎসা কৰ্তৃপক্ষৰ আংশিক প্রতিবেদন আৰু ফেষ্টিভেলটোত উপস্থিত থকা আন লোকৰো সাক্ষ্য আছে।

ইপিনে, চাৰ্জশ্বীট দাখিল কৰা দিনটোত সোনাপুৰৰ জুবিনৰ সমাধিত গুণমুগ্ধৰ ভিৰ পৰিলক্ষিত হৈছে। জুবিনৰ ন্যায় বিচাৰি অনুৰাগীয়ে প্ৰাৰ্থনা জনোৱৰ লগতে দোষীয়ে যাতে কোনো কাৰণতে সাৰি নাযায় তাৰ বাবেও দাবী জনায়।