ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

অপমান! ইউনুছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি পদত্যাগ কৰিব বিচাৰিছে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিব বুলি মন্তব্য কৰিছে। সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এই দাবী কৰা বুলি জানিব পৰা গৈছে।

এই সাক্ষাৎকাৰত ছাহাবুদ্দিনে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। বৰ্তমানৰ অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰৰ দিনত তেওঁ ‘অপমানিত’ আৰু ‘একাষৰীয়া’ বুলিও কয়। সেইবাবেই তেওঁ পদত্যাগ কৰিব বিচাৰিছে।

ছাহাবুদ্দিন বাংলাদেশৰ ৰাষ্ট্ৰপতি। ক্ষমতাৰ পিনৰ পৰা তেওঁ সেনাবাহিনীৰ সৰ্বোচ্চ অধিনায়ক। কিন্তু বাংলাদেশৰ সংবিধানত এই পদৰ বিশেষ ক্ষমতা নাই। বাস্তৱত দেশ চলোৱাৰ ক্ষমতা প্ৰধানমন্ত্ৰী আৰু কেবিনেটৰ ওপৰত।

কিন্তু ২০২৪ চনৰ আন্দোলনৰ পিছত এতিয়া সেই দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উৎখাত কৰা হৈছে। তেওঁ ভাৰতত আশ্ৰয় লৈছে। এনে পৰিস্থিতিত সংবিধানৰ একমাত্ৰ চৰকাৰী অধিকাৰী হ’ল ৰাষ্ট্ৰপতি। অৱশ্যে ইউনুছৰ কাৰ্যকালত তেওঁৰো কোনো ক্ষমতাই নাথাকিল।

দৰাচলতে ২০২৩ চনত ছাহাবুদ্দিন ক্ষমতালৈ আহিছিল। তেওঁ আৱামি লীগৰ মনোনীত প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি হৈছিল। অৱশ্যে বাংলাদেশত আগন্তুক নিৰ্বাচনত অৱামী লীগে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব বুলি কোৱা হৈছে। এনে পৰিস্থিতিত ৰাষ্ট্ৰপতি হিচাপে তেওঁ বহুত একাষৰীয়া হৈ পৰিছে। সেইবাবেই তেওঁ পদত্যাগ কৰাৰ অভিপ্ৰায় প্ৰকাশ কৰিছে।

ঢাকাৰ ৰাষ্ট্ৰপতিৰ বাসগৃহৰ পৰা দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, ‘মই এৰিব বিচাৰো, মই ওলাই যাব বিচাৰো।’ অৱশ্যে ভোটদানৰ আগলৈকে তেওঁ এই পদত থাকিব বুলি স্পষ্ট কৰি দিয়ে। তেওঁ কয়, ‘মই নিৰ্বাচন নোহোৱালৈকে থাকিম। মই কাৰ্যভাৰত আছো, কাৰণ ই এক সাংবিধানিক কৰ্তব্য।’

এই সাক্ষাৎকাৰত ছাহাবুদ্দিনে মহম্মদ ইউনুছৰ ফালে আঙুলি টোৱালে। ছাহাবুদ্দিনে কয় যে এই চৰকাৰৰ কাৰ্যকালত তেওঁ একাষৰীয়া হৈ পৰিছে। যোৱা ৭ মাহ ধৰি তেওঁ ইউনুছক লগ পোৱা নাই। আনকি প্ৰেছ বিভাগকো আঁতৰাই নিয়া হৈছে। তদুপৰি তেওঁৰ ছবি বিশ্বৰ বিভিন্ন দেশৰ দূতাবাসৰ পৰা আঁতৰাই দিয়া হৈছে।

তেওঁ কয়, ‘সকলো উচ্চায়ুক্ত আৰু দূতাবাসত ৰাষ্ট্ৰপতিৰ ছবি আছিল। ৰাতিটোৰ ভিতৰতে সেয়া আঁতৰাই পেলোৱা হ’ল… ইয়াৰ বাবে মই নিজকে অপমানিত অনুভৱ কৰিছো।’

তেওঁ ইউনুছকো এই বিষয়টো সুধিছিল। অৱশ্যে কোনো উত্তৰ নাহিল। বৰঞ্চ তেওঁৰ বক্তব্যক নীৰৱ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলিও তেওঁ কয়। অৱশ্যে এই বিষয়ত এতিয়ালৈকে চৰকাৰৰ কোনেও মুখ খোলা নাই।