‘ৰুটি নাই যদি কি হ’ল? কেক খাওক!’ ফৰাচী সম্ৰাট ষোড়শ লুইৰ পত্নী ৰাণী মেৰী এণ্টোৱানেটে ফৰাচী বিপ্লৱৰ প্ৰাকক্ষণত দুখীয়া আৰু অনাহাৰে থকা প্ৰজাসকলক এই কথা কৈছিল। আজিকালি মোডী চৰকাৰৰ ইজনৰ পিছত সিজন মন্ত্ৰীৰ আচৰণেও সেই কথাষাৰ মনত পেলাই দিয়ে।
ইয়াৰ উত্তম উদাহৰণ হ’ল কেন্দ্ৰই প্ৰদূষণ হ্ৰাস কৰাত বা পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাত ব্যৰ্থ হোৱা। তথাপিও কেন্দ্ৰীয় মন্ত্ৰীসকলে দেশবাসীক প্ৰদূষণহীন বিদেশী গাড়ী কিনিবলৈ পৰামৰ্শ দিছে! একমাত্ৰ কাৰণ ইন্ধন সস্তা হ’ব।
অথচ সেই কোভিড সময়ছোৱাৰ পৰা মোডী চৰকাৰে এতিয়াও ৮০ কোটি দেশবাসীক বিনামূলীয়া ৰেচন দিব লগা হৈছে। তেওঁলোকৰ বাবে বিদেশী গাড়ী… ফটা বিচনাত পৰি থাকি লাখ লাখ টকাৰ সপোন মাথোঁ!
শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰদূষণমুক্ত আৰু প্ৰায় ৮৫ শতাংশ ইথানলত চলাব পৰা টয়োটা ইনোভা হাইক্ৰছ ফ্লেক্স ফিউৱেল গাড়ীত উঠিছিল। কিয়নো ইন্ধনৰ খৰচ খুব কম। সেই গাড়ীখনৰ দাম কমেও ৩৫ লাখ টকা হ’বলৈ গৈ আছে। গডকাৰীয়ে কৈছিল যে অনাগত দিনত ভাৰতত আৰু অধিক এনে গাড়ী মুকলি কৰিব লাগে।
বৃহস্পতিবাৰে মোডী চৰকাৰৰ নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও সেই সুৰতেই কথা ক’লে। তেওঁ নিজেই এখন উজ্জ্বল নীলা, অত্যাধুনিক হাইড্ৰজেন ফিউৱেল চেল ইলেক্ট্ৰিক গাড়ী চলাই সংসদ ভৱনলৈ আহিছিল। আৰু সেই বিলাসী বাহনখনৰ পৰা নামি তেওঁ ঘোষণা কৰিলে, ‘এই গাড়ীখনৰ নাম টয়োটা মিৰাই। জাপানী ভাষাত মিৰাই শব্দৰ অৰ্থ ভৱিষ্যত। এই প্ৰদূষণমুক্ত আধুনিক গাড়ীখনেই হৈছে আগন্তুক পৃথিৱীৰ ভৱিষ্যত।’
প্ৰলহাদ যোশী কেৱল নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ মন্ত্ৰী নেকি? কোনোপধ্যে নহয়। তেওঁৰ দায়িত্বত আছে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ মন্ত্ৰালয় খাদ্য আৰু গ্ৰাহক সামগ্ৰীৰ বিপণন। এই মন্ত্ৰালয়ে গৰিব কল্যাণ যোজনা চলায়। অৰ্থাৎ মোডী চৰকাৰৰ বহু প্ৰচাৰিত ৮০ কোটি দৰিদ্ৰ লোকক বিনামূলীয়া চাউল আৰু ঘেঁহু প্ৰদান।
প্ৰধানমন্ত্ৰী মোদীয়ে বিগত এবছৰ ধৰি কৈ আহিছে যে ২৫ কোটি দৰিদ্ৰ লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠি আহিছে। কিন্তু চৰকাৰে কোৱা নাই যে সেই ৮০ কোটি দেশবাসীক এতিয়াও কিয় বিনামূলীয়া ৰেচন দিয়া হৈছে? এই সংখ্যাও ২৫ কোটি হ্ৰাস হোৱাৰ কথা!
এনে মন্ত্ৰালয়ৰ মন্ত্ৰীয়ে প্ৰশংসা কৰি দেশৰ ভৱিষ্যত বুলি কোৱা হাইড্ৰজেন গাড়ীখনৰ দাম কিমান? জনা যায় যে ইয়াৰ এক্স শ্ব’ৰুমৰ মূল্য ৬০ৰ পৰা ৭০ লাখ টকা। বৃহস্পতিবাৰে টয়োটাই নেশ্যনেল ইনষ্টিটিউট অৱ ছ’লাৰ এনাৰ্জীৰ সৈতে চুক্তি স্বাক্ষৰ কৰে। কোম্পানীটোৰ মিৰাই গাড়ীখনভাৰতৰ বতৰ, ধূলি, যান-জঁট, পথ ইত্যাদিৰ লগত কিমান সামঞ্জস্যপূৰ্ণ সেই বিষয়ে এতিয়া পৰীক্ষা কৰা হ’ব। তাৰ পিছত আনুষ্ঠানিকভাৱে বিক্ৰী আৰম্ভ হ’ব।
গাড়ীখন সংসদ ভৱনলৈ লৈ যোৱা প্ৰহ্লাদ যোশীয়ে উল্লেখ কৰিছে যে হাইড্ৰজেন গাড়ী ভাৰতৰ বাবে আদৰ্শ। অৰ্থাৎ সকলোৱে কিনিব লাগে! প্ৰদূষণ বাঢ়িছে কি হ’ল? পেট্ৰল আৰু ডিজেল ইমান দাম কি হ’ল? ৪০ বা ৭০ লাখ টকীয়া বিকল্প ইন্ধনযুক্ত গাড়ী কিনিলেই হ’ল!
ঠিক যেন মেৰী এণ্টোৱানেট চিনড্ৰম!
