ভাগ্যৰ চকৰি ঘূৰাই টছত জয়লাভ কৰে সূৰ্যকুমাৰ যাদৱে। কিন্তু সেইটোৱেও মেচখনত জয়ী কৰাব নোৱাৰিলে। অথলে গ’ল তিলক ভাৰ্মাৰ যুঁজ । দক্ষিণ আফ্ৰিকাৰ দুৰন্ত ছন্দত ওচৰত হাৰ মানিলে টিম ইণ্ডিয়াই।
বৃহস্পতিবাৰে মুলানপুৰত অনুষ্ঠিত দ্বিতীয় টি-২০ত জয়লাভ কৰি মাৰ্কৰাম আৰু তেওঁৰ দলটোৱে শৃংখলাটোত সমতা স্থাপন কৰে।
প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰি ভাৰতৰ হাতত ১০১ ৰানত পৰাস্ত হয়। বৃহস্পতিবাৰে মাৰ্কৰামৰ দৰেই সূৰ্য্যইও টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ ‘সাহসী’ সিদ্ধান্ত লয়।
ফ্লেট উইকেটত নিয়ৰৰ কথা ভাবি তেওঁ প্ৰথমে দক্ষিণ আফ্ৰিকাক বেটিং কৰিবলৈ পঠিয়াইছিল। কিন্তু কোনো লাভ নহ’ল। ইয়াৰ বিপৰীতে কুইণ্টন ডি কককে ধৰি প্ৰটিয়াৰ বেটাৰসকলে ভাৰতীয় পেচাৰৰ বল ইটোৰ পিছত সিটোকৈ বাউণ্ডেৰীৰ বাহিৰলৈ পঠিয়াই থাকে।
দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ ডি ককে ৪৬টা বলত ৯০ ৰান সংগ্ৰহ কৰি চমকপ্ৰদ ইনিংছ খেলিছিল। হেণ্ড্ৰিক্স ৮ ৰানত আউট হৈছিল যদিও অধিনায়কে দায়িত্ব লয়। ফেৰেইৰা আৰু মিলাৰে ক্ৰমে ৩০ আৰু ২০ ৰানত অপৰাজিত হৈ থাকে। বুমৰাহ আৰু অৰ্শদীপৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই দক্ষিণ আফ্ৰিকাই ৰানৰ পাহাৰত উপনীত হয়।
খেলখনত ৪ অভাৰত ৪৫ ৰান দিয়ে বুমৰাহ। অকল অৰ্শদীপেই এটা অভাৰত ৭টা ৱাইড বল কৰে। চাৰি অভাৰত ৫৪ ৰান দিয়ে! প্ৰটিয়া বেটছমেনৰ আক্ৰমণৰ সন্মুখত অলপ ঢাল হিচাপে থিয় দিলে অক্ষৰ পেটেল। অক্ষৰে ৩ অভাৰত ২৭ ৰানত এটা উইকেট দখল কৰে। বৰুণে ২৯ ৰানত ২ টা উইকেট দখল কৰে। অৱশ্যে তেতিয়ালৈকে দক্ষিণ আফ্ৰিকাই ২০০ ৰানৰ সীমা অতিক্ৰম কৰিছিল।
সেই ৰান অনুসৰণত ভাৰতে সংগ্ৰাম কৰিবলগীয়া হৈছিল। বলাৰসকলৰ দৰে বেটছমেনসকলেও বহু হতাশ কৰে। আকৌ এবাৰ ব্যৰ্থ অধিনায়ক সূৰ্য্যকুমাৰ (৫) আৰু শুভমন গিল (৫)। অহা বছৰ টি-২০ বিশ্বকাপত যি দুগৰাকী তাৰকাৰ ওপৰত নিৰ্বাচকসকলে আটাইতকৈ বেছি আস্থা প্ৰকাশ কৰিছে, তেওঁলোকৰ দুৰ্বল ফৰ্মৰ বাবে ড্ৰেছিং ৰুমত চিন্তা বঢ়াটোৱে স্বাভাৱিক।
শেষৰখন খেলত উজলি উঠা হাৰ্দিক পাণ্ডিয়াইও এই খেলখনত ২০ ৰানত ক্ৰীজ এৰি থৈ যায়। ভাৰতৰ বেটিং ব্যৰ্থতাৰ মাজতে তিলক ভাৰ্মা আছিল একমাত্ৰ আশাৰ কিৰণ। ৬২ ৰান কৰি তেওঁ দলটোক ঘূৰাই আনিবলৈ চেষ্টা কৰে। কিন্তু একেৰাহে টেইল এণ্ডাৰৰ পতনৰ বাবে ৫টা বল বাকী থকা অৱস্থাতে খেলখন শেষ হয়।
দক্ষিণ আফ্ৰিকাৰ হৈ বাৰ্টমেনে অকলে ৪ টা উইকেট দখল কৰে। এই জয়েৰে ডি কক বাহিনীয়ে শৃংখলাটোক সমতালৈ আনিলে আৰু টি-২০ যুঁজখন আৰু অধিক আকৰ্ষণীয় কৰি তুলিলে।
সংক্ষিপ্ত স্কোৰঃ
দক্ষিণ আফ্ৰিকা: ২১৩/৪ (ডি কক-৯০, ফেৰেইৰা-৩০*, বৰুণ-২৯/৪)
ভাৰতঃ ১৬২/১০ (তিলক-৬২, জিতেশ-২৭, বাৰ্টমেন-২৪/৪)
দক্ষিণ আফ্ৰিকাই ৫১ ৰানত জয়লাভ কৰে
