ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

অৰুণাচলত ভয়াৱহ পথ দুৰ্ঘটনা : দ খাৱৈত ট্ৰাক বাগৰি অসমৰ ২১ জন শ্ৰমিকৰ মৃত্যু

যোৱা ৭ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ হায়ুলিয়াং-চাগলাগাম পথত এখন ট্ৰাক দ খাৱৈত বাগৰি পৰাৰ ফলত অসমৰ প্ৰায় ২১ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

বুধবাৰে নিশা আৰক্ষীয়ে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰে আৰু লগে লগে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে পুৱাৰ পৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

জানিব পৰা মতে, শ্ৰমিক কঢ়িয়াই নিয়া ট্ৰাকখন প্ৰায় ১০০০ ফুট তলৰ দ খাৱৈত বাগৰি পৰে। এই শ্ৰমিকসকলক অৰুণাচল প্ৰদেশৰ এটা নিৰ্মাণস্থলীলে লৈ যোৱা হৈছিল বুলি খবৰ পোৱা গৈছে।

দুৰ্ঘটনাত পতিত হোৱা শ্ৰমিকসকলৰ ভিতৰত ১৯ জনক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু তেওঁলোক সকলোৱেই তিনিচুকীয়া জিলাৰ গেলাপুখুৰী চাহ বাগিচাৰ বাসিন্দা।

চিনাক্ত কৰা শ্ৰমিকসকলৰ নাম হৈছেবুদ্ধেশ্বৰ দীপ, ৰাহুল কুমাৰ, সমীৰ দীপ, জুন কুমাৰ, পংকজ মাংকি, অজয় মাংকি, বিজয় কুমাৰ, অভয় ভূমিজ, ৰোহিত মাংকি, বীৰেন্দ্ৰ কুমাৰ, আগৰ তাঁতী, ধীৰেন চেতিয়া, ৰজনী নাগ, দীপ গোৱালা, ৰামচাবক সোনাৰ, সনাতন নাগ, সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জোনাস মুণ্ডা।

সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ১৪ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক মায়াংক কুমাৰে নিশ্চিত কৰিছে যে শ্ৰমিকসকল তিনিচুকীয়া জিলাৰ আছিল আৰু তেওঁলোক অৰুণাচল প্ৰদেশলৈ এটা হোষ্টেল নিৰ্মাণৰ কামত গৈছিল।

আনহাতে, উপায়ুক্ত স্বপ্নিল পালে কয়, “পুৱা প্ৰায় ১১ বজাত আমি খবৰ পাওঁ যে আঞ্জাও জিলাত এখন বাহন দ খাৱৈত পৰিছে। সেই অনুসৰি আমি সত্যতা নিৰূপণৰ বাবে আঞ্জাও আৰু তেজুৰ উপায়ুক্তৰ সৈতে যোগাযোগ কৰোঁ।”

তেওঁ লগতে কয়, “আঞ্জাও আৰু তেজু উভয় জিলাৰ উপায়ুক্তই জানিবলৈ দিছে যে উদ্ধাৰকাৰী দলে এতিয়ালৈকে ১৪ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু এজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাত পতিত আন ৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।”