ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

প’ষ্ট মেলনৰ অনুষ্ঠানত বিদেশী মহিলাক হাৰাশাস্তিৰ অভিযোগ: গুৱাহাটী আৰক্ষীৰ স্পষ্টীকৰণ

গুৱাহাটীৰ খানাপাৰাত সোমবাৰে অনুষ্ঠিত হৈ যোৱা প‘ষ্ট মেলনৰ সংগীতানুষ্ঠানত এগৰাকী বিদেশী পৰ্যটকে হাৰাশাস্তি পোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বুধবাৰে মহানগৰ আৰক্ষীয়ে এখন সংবাদমেল সম্বোধন কৰে।

আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি বিষয়টো সন্দৰ্ভত কথা স্পষ্টভাৱা কয় যে, “আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাইছোঁ, য’ত এগৰাকী মহিলাই প’ষ্ট মেলনৰ কনচাৰ্টৰ সময়ত তেওঁৰ লগত হাৰাশাস্তি হোৱা বুলি অভিযোগ কৰিছে। প’ষ্ট মেলনৰ কনচাৰ্টৰ দিনা আমাৰ যথেষ্ট সংখ্যক আৰক্ষী নিয়োজিত হৈ আছিল। লগতে বুক মাই শ্ব’ লাইভৰ সুৰক্ষা কৰ্মীও আছিল। যেতিয়া আমি গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিলোঁ, তেতিয়া দেখিলো যে সেইদিনা আমাৰ আৰক্ষীয়ে কোনো অভিযোগ পোৱা নাই।”

“বুক মাই শ্ব’ৰ লগত কথা পাতোতেও তেওঁলোকেও কোনো অভিযোগ পোৱা নাই বুলি জনাইছে। আমি গোটেই অনুষ্ঠানটো সুন্দৰকৈ পৰিকল্পনা কৰিছিলোঁ আৰু ক’ৰবাত কিবা অসুবিধা হ’লে লগে লগে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উদ্যোগ লোৱা হৈছিল। কিন্তু আমি সেই সময়ত কোনো অভিযোগ পোৱা নাছিলো।”

যুটীয়া আৰক্ষী আয়ুক্ত জৈনে লগতে কয় যে, অভিযোগ দেখাৰ পিছত তেওঁলোকে দুয়োগৰাকী যুৱতীৰ টুইটাৰ হেণ্ডেলত গৈ এই সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰা হৈছে। “কিন্তু এতিয়ালৈকে কোনো ধৰণৰ উত্তৰ পোৱা নাই। আমি ক’ব বিচাৰোঁ যে কিবা থাকিলে আমাৰ লগত যোগাযোগ কৰক। মোৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰিব। মহিলাৰ সুৰক্ষাৰ বাবে অসম আৰক্ষী সদায় তৎপৰ।”

‘ষ্ট মেলনৰ সংগীতানুষ্ঠানৰ দিনা হাৰাশাস্তি পোৱা বুলি সামাজিক মাধ্যমত এগৰাকী বিদেশী মহিলাই অভিযোগ কৰাৰ পিছত মহানগৰ আৰক্ষীয়ে বিষয়টোকগুৰুত্ব সহকাৰে লৈছে। অৱশ্যে, এতিয়ালৈকে অভিযোগকাৰী মহিলাগৰাকীয়ে আৰক্ষীক আনুষ্ঠানিকভাৱে কোনো অভিযোগ দিয়া নাই বা যোগাযোগো কৰা নাই। আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে কিবা অভিযোগ থাকিলে তেওঁলোক সহায় কৰাৰ বাবে সাজু আছে।