ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

শীতকালীন অধিৱেশন মাজতে ৰাহুল গান্ধীৰ জাৰ্মানী ভ্ৰমণক কটাক্ষ বিজেপিৰ; প্ৰিয়ংকা গান্ধীৰ প্ৰত্যুত্তৰ

বিদেশ ভ্ৰমণত পুনৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে এইবাৰ তেওঁ জাৰ্মানীলৈ গৈছে। এই ভ্ৰমণক লৈ বিজেপিয়ে কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ দিছে ভগ্নী প্ৰিয়ংকা গান্ধীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো বিদেশ ভ্ৰমণৰ বিষয় উত্থাপন কৰিছে।

জানিব পৰা মতে, ১৫ ডিচেম্বৰত ৰাহুল গান্ধীয়ে জাৰ্মানীৰ বাৰ্লিনলৈ ৰাওনা হব আৰু ২০ ডিচেম্বৰলৈকে তাত থাকিব। সংসদৰ শীতকালীন অধিৱেশন ১৯ ডিচেম্বৰলৈকে চলিব। কংগ্ৰেছৰ সূত্ৰ অনুসৰি, এই ভ্ৰমণকালত ৰাহুলে জাৰ্মানীৰ বিভিন্ন চৰকাৰী বিষয়াক সাক্ষাৎ কৰাৰ লগতে তাত থকা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলকো লগ পোৱাৰ সম্ভাৱনা আছে।

বিজেপিৰ কটাক্ষৰ প্ৰত্যুত্তৰ দি সংসদৰ বাহিৰত সাংবাদিকৰ আগত প্ৰিয়ংকা গান্ধীয়ে কয়, “মোদীজীয়ে বেছিভাগ সময় দেশৰ বাহিৰত কটায়। তেওঁলোকে কিয় বিৰোধী নেতাৰ ভ্ৰমণৰ বিষয়ে ইমান কথা কৈছে?”

ৰাহুলৰ ঘনিষ্ঠ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়েও এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি কয় যে, “ৰাহুল গান্ধীৰ প্ৰশ্নৰ কোনো উত্তৰ বিজেপিৰ হাতত নাই। সেইবাবেই তেওঁলোকে তেওঁৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিছে।”