ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

১১-১৩ ডিচেম্বৰলৈ মেঘালয়ৰ নংপোৰ সমীপত উমচিয়াং-উমচা নৈৰ পাৰত ‘ছিণ্টৰ ফেষ্টিভেল ২০২৫’ৰ আয়োজন

মেঘালয়ৰ ৰি-ভই জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূর্ণ অৰণ্যাসংলগ্ন ছিণ্টৰ বুলিয়া গাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘ছিণ্টৰ ফেষ্টিভেল ২০২৫’। অহা ১১ৰ পৰা ১৩ ডিচেম্বৰলৈ চলিবলগীয়া এই তিনিদিনীয়া উৎসৱত সংগীত, কলা, খেল, পৰ্যটন, পৰিৱেশ সংৰক্ষণ আৰু গ্রামীণ উদ্যমিতাৰ এক অপূৰ্ব সমাহাৰ দেখা পোৱাৰ আশা কৰা হৈছে।

ৰংজেং ৱেলফেয়াৰ ফাউণ্ডেশ্যনে আয়োজন কৰা উৎসৱৰ মুখ্য কেন্দ্ৰস্থল হ’ব উমচিয়াং আৰু উমচা নদীৰ সংযোগস্থলীৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ। নংপোৰ পৰা ২৫ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ৬০ কিলোমিটাৰ (ডেৰ ঘণ্টাৰ বাট) দূৰৈত অৱস্থিত ৬৫টা পৰিয়ালৰ এই খাচি গাঁৱখন এইবাৰ পৰিণত হ’ব ইক’–পৰ্যটনকেন্দ্ৰ হিচাপে। দেশ–বিদেশৰ ২০০তকৈ অধিক পৰ্যটকে ইয়াতে প্ৰায় তিনিটা নিশা কটাব। উৎসৱত প্ৰতিদিনে এক হাজাৰতকৈ অধিক দৰ্শকৰ উপস্থিতি আশা কৰা হৈছে।

উৎসৱত মেঘালয়, অসম আৰু নাগালেণ্ডৰ ২৫টাতকৈ অধিক শিল্পীৰ দলে সংগীত পৰিৱেশন কৰিব। সংগীত–নৃত্যৰ সৈতে থাকিব স্থানীয় হস্তশিল্পৰ প্ৰদৰ্শনী, বনফায়াৰ সমাৰোহ, নদী ভ্ৰমণ, অৰণ্য অভিযান, ফল–বাগিচা পৰিদৰ্শন আৰু জলপ্ৰপাত দৰ্শন। গাঁৱৰ দলসমূহৰ মাজত ফুটবল প্ৰতিযোগিতা, ধনুখেল, মৎস্য আহৰণ আৰু আন বহু প্ৰকৃতি–ভিত্তিক ক্ৰীড়া আয়োজিত হ’ব। উৎসৱৰ বিশেষ আকৰ্ষণ হ’ব ‘ছিণ্টৰ আৰ্ট ৰেচিডেন্সি’, য’ত উত্তৰ–পূৰ্বাঞ্চলৰ কেবাগৰাকী প্ৰসিদ্ধ শিল্পীয়ে গাঁৱৰ জীৱনধাৰা, পৰিৱেশ আৰু পৰম্পৰাগত খাচি নক্সাৰ প্ৰেৰণাত অনন্য শিল্পকৰ্ম সৃষ্টি কৰিব। উৎসৱৰ পিছত এই সৃষ্টি–সমূহ দিল্লী, মুম্বাই, বাংগালুৰু, কলকাতা, গুৱাহাটী আদি চহৰত প্ৰদৰ্শিত হ’ব।

১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব ‘ছিণ্টৰ এক্সেলেন্স বঁটা’ প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত কিংবদন্তী শিল্পী লু মাজাও, ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচিত্ৰ নিৰ্মাতা বিশ্বজিত বৰা আৰু খ্যাতনামা নগা শিল্পী ছেইয়েইভিনুও চুজ’ক ‘ছিণ্টৰ এক্সেলেন্স বঁটা’ প্ৰদান কৰা হ’ব। আনহাতে, উত্তৰ–পূৰ্বাঞ্চলৰ উদ্যোগিক ক্ষেত্ৰখনৰ বিকাশত বিশেষ অৱদান আগবঢ়াই অহা নেডফি আৰু সমাজসেৱা–শিক্ষাক্ষেত্ৰত দীৰ্ঘদিনীয়া ভূমিকাৰ বাবে ৰটাৰী ক্লাব অফ গুৱাহাটীকো সন্মানিত কৰা হ’ব।

লাভ–লোকচানৰ ধাৰণাৰ পৰা আঁতৰি থকা এই উৎসৱ হৈছে এক লাভবিহীন উদ্যোগ। ইয়াৰ মুখ্য উদ্দেশ্য হ’ল গাঁৱৰ কৃষক–শিল্পীক অৰ্থনৈতিকভাৱে শক্তিশালী কৰা, স্থানীয় সম্প্ৰদায়ক পৰ্যটন–ব্যৱস্থাপনাৰ কেন্দ্ৰবিন্দুত আনিবলৈ সহায় কৰা, সাংস্কৃতিক ঐতিহ্য লিপিবদ্ধ–সংৰক্ষণ কৰা আৰু স্থায়ী পৰ্যটনৰ উৎকৃষ্ট আদৰ্শ স্থাপন কৰা। খাদ্য পৰিৱেশন, ইক’–তম্বু, পৰ্যটক পৰিচালনা, পথপ্ৰদৰ্শন, লজিস্টিক আদি সকলো ব্যৱস্থা গাঁৱৰ লোকেই পৰিচালনা কৰিব যাতে অৰ্থনৈতিক লাভ পোনপটীয়াকৈ তেওঁলোকৰ হাতলৈ যায়।

ৰংজেং ৱেলফে’ৰ ফাউণ্ডেশ্যনৰ মুখপাত্ৰই এই সন্দৰ্ভত কয়, “ছিণ্টৰ উৎসৱ কেৱল এক উৎসৱ নহয়; এয়া হৈছে এক সামূহিক স্বপ্ন য’ত পৰিৱেশ, সংস্কৃতি আৰু সম্প্ৰদায় একেলগে আগবাঢ়ি যাব। ছিণ্টৰক এক জীয়াই থকা সংস্কৃতিকেন্দ্ৰ আৰু পৰিৱেশ–বান্ধৱ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাটো আমাৰ মুখ্য লক্ষ্য।”

সংগীত, কলা আৰু প্ৰকৃতিৰ ৰঙত ৰাঙলী হৈ উঠিবলগীয়া তিনিদিনীয়া এই উৎসৱক লৈ পৰ্যটক, সংস্কৃতি–অনুৰাগী আৰু অভিযানপ্ৰেমীসকলৰ মাজত ইতিমধ্যে ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। ছিণ্টৰ বুলিয়া গাঁওখনলৈ এই উৎসৱে সমৃদ্ধিৰ ন-বতৰা লৈ আহিব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে।