ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

বংগৰ বাবৰি মছজিদৰ বাবে ধন সংগ্ৰহ: ২৪ ঘণ্টাত সংগ্ৰহ ৩ কোটিৰো অধিক ধন

পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাৰ বেলডাঙাত নিৰ্মাণ হবলগীয়া বাবৰি মছজিদৰ বাবে মুছলমান সম্প্ৰদায়ে মুকলি কৰা পুঁজি সংগ্ৰহৰ কাৰ্যসূচীত অভূতপূৰ্ব সহাঁৰি দেখিবলৈ পোৱা গৈছে। মছজিদৰ আধাৰশিলা স্থাপনৰ পিছতে অনুদানৰ বাবে ধন আগবঢ়াবলৈ ধৰিছে বিভিন্নজন লোকে। যাৰ ফলত  মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সংগ্ৰহ হৈছে ৩ কোটিৰো অধিক ধন।

জানিব পৰা মতে সোমবাৰে সন্ধিয়ালৈকে অনলাইন UPI যোগে ২.৪৭ কোটিৰো অধিক টকা সংগ্ৰহ হৈছে। ইপিনে সেই সময়ছোৱাত সংগ্ৰহ হোৱা নগদ ধনৰ পৰিমাণ হৈছে ৫৭ লাখৰো অধিক। উল্লেখ্য যে, যোৱা ৬ ডিচেম্বৰত মছজিদৰ আধাৰশিলা স্থাপন কৰি অনুদানৰ বাবে আবেদন জনাইছিল তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰে। এই হুমায়ুন কবীৰে হৈছে পুঁজি সংগ্ৰহৰ মূল হোতা। তেওঁৰ আহ্বানৰ পিছতে হাজাৰ হাজাৰ লোকে প্ৰস্তাৱিত মছজিদৰ বাবে আগবাঢ়াইছে ধন। বেলডাঙাত স্থাপন কৰা ১১ টা দানৰ বাকচ ক্ষন্তেকতে নগদ ধনেৰে ভৰি পৰে। কেৱল নগদেই নহয়, চিয়েল মিডিয়াত বিয়পি পৰা QR ডৰ জৰিয়তেও সমগ্ৰ দেশৰ পৰা অনলাইন অনুদান প্ৰবাহিত হয়।

হুমায়ুন কবীৰৰ প্ৰকাশ অনুসৰি, সোমবাৰ সন্ধিয়ালৈকে কেৱল অনলাইন UPI-ৰ জৰিয়তেই সংগ্ৰহ হোৱা ধনৰ পৰিমাণ ২.৪৭ কোটি টকা অতিক্ৰম কৰিছে। আনহাতে, প্ৰথম পৰ্যায়ত গণণা কৰা ছয়টা বাকচৰ নগদ ধনৰ পৰিমাণ আছিল ৫৭ লাখ টকা। মঙলবাৰেও মেচিনৰ জৰিয়তে ধন গণনাৰ কাম চলি আছে। বিধায়ক কবীৰে এই বাবৰি মছজিদ নিৰ্মাণৰ বাবে ৩৮ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে। ৬ ডিচেম্বৰত আধাৰশিলা স্থাপনৰ পিছতে ইটা আৰু নগদ ধন লৈ মানুহ বেলডাঙাত উপস্থিত হৈছিল। অনুদানৰ বাবে ৰখা ডাঙৰ ডাঙৰ তীখাৰ বাকচত নগদ ধন জমা কৰিবলৈ মানুহৰ মাজত হেতা-ওপৰা লাগে। মানুহে নোটৰ বাণ্ডিলবোৰ বাকচবোৰলৈ দলিয়াইও দিছিল। এই অভূতপূৰ্ব জনসমৰ্থন দেখি শেষত হুমায়ুন কবীৰে নিজেই মানুহক ধন আগনবঢ়াবলৈ আবেদন কৰিবলগীয়া হয়। কিয়নো বেংকত নগদ ধন জমা কৰাৰ সীমা অতিক্ৰম কৰা হৈছিল।

প্ৰকাশ পোৱা অনুসৰি দেওবাৰে নিশা কবীৰে নিজৰ বেহৰমপুৰ বাসগৃহত নগদ ধন গণনা কৰিবলৈ স্থানীয় মাদ্ৰাছাৰ ৩০ গৰাকী শিক্ষকক নিযুক্তি দিয়ে। চিচিটিভিৰ চাৰ্ভিলেন্সৰ জৰিয়তে হিচাপ-নিকাচৰ সমগ্র প্রক্রিয়াটো ছচিয়েল মিডিয়াত লাইভ ষ্ট্ৰীম কৰি স্বচ্ছতা বজাই ৰাখিছিল বিধায়ক কবীৰে৷ কবীৰ মতে এই জনসমৰ্থন তেওঁৰ বাবে কল্পনাতীত। ভাৰতৰ বাহিৰৰ পৰাও অনুদান আহিছে বুলিও তেওঁ দাবী কৰে। কবীয়ে কয় যে মছজিদৰ বাবে মানুহে স্বেচ্ছাই অনুদান আগবঢ়াইছে। সেই ধন সঠিকভাৱে ব্যৱহাৰ কৰাটো তেওঁলোকৰ দায়িত্ব।