য‘ৰ পৰা শেষ হৈছিল তাৰ পৰাই আৰম্ভ হৈছিল। এফ চি গোৱাই পূৰ্বৰ ছিজনত কলিংগা ছুপাৰ কাপ জয় কৰি সংস্কৰণটোৰ অন্ত পেলাইছিল। সেই জয়ত অনুৰাগীসকল যথেষ্ট সুখী হৈছিল। এই সৰ্বভাৰতীয় খিতাপ জয় কৰাৰ বাবে গোৱাই এইবাৰ এ এফ চি প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰে। এই ফুটবল ক্লাবটোৱে প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে বহু আগতেই প্ৰস্তুতি আৰম্ভ কৰিছিল। তদুপৰি ছুপাৰ কাপৰ নতুন ছিজনত নিজৰ ছন্দ অটুট ৰখাৰ লক্ষ্য আগত লয়।
একেৰাহে চাৰিখন মেচত পৰাজয়ৰ বাবে গোৱা এ এফ চি চেম্পিয়নছ লীগ টায়াৰ টুৰ গ্ৰুপ পৰ্যায়ৰ তললৈ নামি আহিছে। কিছুদিন পূৰ্বে সন্দেশ জিংগান্সে দ্বিতীয় লীগৰ খেলত আল নাছেৰৰ বিৰুদ্ধে খেলিছিল। খেলখনৰ শেষত বিপুল ব্যৱধানত পৰাস্ত হোৱাৰ পিছতো খেলুৱৈসকলৰ যুঁজৰ প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। চৌবিশ ডিচেম্বৰত গোৱাৰ ফাটৰ্ডা ষ্টেডিয়ামত ইষ্টিকলালৰ বিৰুদ্ধে অন্তিমখন খেল খেলিব মানোলো মাৰ্কেজৰ দলটোৱে। কিন্তু এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাটো যে সম্ভৱ নহয় সেয়া স্পষ্ট।
স্বাভাৱিকতে আই এছ এলৰ এই শক্তিশালী ফুটবল ক্লাবটোৱে নিজৰ ভুলৰ পৰা আগন্তুক সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ঘূৰি আহিবলৈ বদ্ধপৰিকৰ। এই ক্ষেত্ৰত মানোলো মাৰ্কেজে এইবাৰ আৰম্ভণিৰে পৰাই ইণ্ডিয়ান ছুপাৰ লীগ্য এফ চি গোৱাৰ আধিপত্য দেখুৱাই আছিল। ইটোৰ পিছত সিটো শক্তিশালী দলক পৰাস্ত কৰি সহজেই জয়লাভ কৰিছিল এফচি গোৱাই। তাৰ পাছত যোৱা দেওবাৰে গোৱা দলটোৱে নিজৰ ঘৰুৱা খেলপথাৰত পূব বংগৰ বিৰুদ্ধে খেলিছিল।মেচখনৰ শেষত হঠাৎ দলটোৱে গ’ল দি নিজৰ জয় নিশ্চিত কৰে। বৰ্জা হেৰেৰাৰ দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰে।
ইয়াৰ সমান্তৰালকৈ দলটোৰ গ’লৰক্ষক ঋত্বিক তিৱাৰীয়ে গোটেই খেলখনত দৃষ্টিনন্দন প্ৰদৰ্শন আগবঢ়ায়। ভাৰতীয় গ’লৰক্ষকগৰাকীয়ে তেওঁলোকৰ এই অভূতপূৰ্ব সফলতা অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক উৎসৰ্গা কৰিলে। কেইঘণ্টামানৰ আগতে তেওঁ নিজৰ ছ’চিয়েল মিডিয়া চাইটত এই সম্পৰ্কীয় কেইবাখনো ছবি আপলোড কৰি লিখিছিল, ‘এই নিশাটো আমাৰ বাবে স্মৰণীয়। দলটোৰ বাবে গৌৰৱ কৰিবলগীয়া মুহূৰ্ত। শেষত একেৰাহে দুখনকৈ ছুপাৰ কাপ চেম্পিয়ন হোৱাৰ গৌৱৰ আৰ্জিলো। আন্তৰিক গৌৰৱেৰে এই বিজয় আমাৰ আটাইতকৈ মৰমৰ জুবিন গাৰ্গক উৎসৰ্গা কৰিছো, যাৰ চিন্তা আৰু কালজয়ী সংগীতে খেলৰ বাহিৰত আমাক পথ প্ৰদৰ্শন কৰি অনুপ্ৰাণিত কৰি আহিছে। আপোনাক ভাল পাওঁ জুবিন দা।’
