ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

ইণ্ডিগোৰ বিমান বিপৰ্যয় পূৰ্বপৰিকল্পিত; ন্যায়িক, অপৰাধমূলক তদন্তৰ দাবী পাইলটসকলৰ

বিমান সংস্থা ইণ্ডিগোৰ বিমান সেৱাত বাধাৰ সৃষ্টি হোৱাটো আকস্মিক ঘটনা নহয় বুলি প্ৰকাশ কৰিছে পাইলট সন্থাই। ই বছৰ বছৰ ধৰি চলি থকা গুৰুতৰ সমস্যাৰ ফল। সমগ্ৰ দেশতে ইণ্ডিগোৰ বিমান পৰিবহণত যি বিপৰ্যয় হৈছে সেয়া সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ উত্থাপন কৰিছে ফেডাৰেচন অৱ ইণ্ডিয়ান পাইলটছৰ সভাপতি চি এছ ৰান্ধৱাই।

ৰান্ধাৱাই অভিযোগ কৰে যে বিমান সংস্থাটোৱে ইচ্ছাকৃতভাৱে এই সমস্যাৰ সৃষ্টি কৰিছে। তেওঁলোকৰ উদ্দেশ্য হৈছে বিমানৰ কৰ্তব্যৰ সময়ৰ নিয়ম শিথিল কৰা। এই প্ৰচেষ্টাৰ জৰিয়তে তেওঁলোকৰ লক্ষ্য হৈছে পাইলটসকলক অধিক কাম কৰোৱা। অৰ্থাৎ পাইলটৰ কামৰ সময়সীমা বৃদ্ধি কৰা।

যোৱা মঙলবাৰৰ পৰা এই সমস্যাৰ বাবে প্ৰায় ৬ হাজাৰ বিমান বাতিল বা বিলম্বিত হৈছে। আনুমানিক ৯ লাখ যাত্ৰী এই দুৰ্যোগৰ দ্বাৰা অত্যন্ত হাৰাশাস্তি হৈছে। এনে পৰিস্থিতিত বিমান সংস্থাটোৰ বিৰুদ্ধে ন্যায়িক তদন্ত আৰু অপৰাধমূলক অভিযোগৰ দাবী অধিক শক্তিশালী হৈ আহিছে।

কেপ্তেইন ৰান্ধৱাই দাবী কৰে যে ২ ডিচেম্বৰৰ পৰা ইণ্ডিগ’ কৰ্তৃপক্ষই জ্ঞাত যে কৰ্মচাৰীৰ অভাৱ আৰু চফটৱেৰৰ সমস্যাৰ বাবে বিশৃংখলতা বৃদ্ধি পাব। কিন্তু তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁ লগতে কয় যে প্ৰথম দিনাৰ পৰাই আমি কৈ আহিছো যে এই গোটেই বিষয়টো বিমান সংস্থাটোৰ পূৰ্ব পৰিকল্পিত। কোম্পানীটোৰ বিমান আছে। বিমানৰ কৰ্মচাৰীও আছে। ইয়াৰ পিছতো বাতিল কৰা হৈছে বিমান সেৱা। তেওঁ মন্তব্য কৰে যে এই ঘটনা অতি বেদনাদায়ক আৰু অভূতপূৰ্ব।

এই কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত বুলি তেওঁ দাবী কৰে। ইণ্ডিগোৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ দাখিল কৰিব লাগে। দেশজুৰি বিমান ঘুৰি যোৱা, বাতিল আৰু বিলম্ব হোৱাৰ বাবে যাত্ৰীসকলে কোটি কোটি টকা ক্ষতি হৈছে, ইয়াৰ দায়িত্ব ল’ব লাগিব কৰ্তৃপক্ষই। এয়া কোনো সৰু ঘটনা নহয়। যাত্ৰীসকলক মানসিক নিৰ্যাতন চলাইছে। গতিকে ইয়াৰ দায়িত্ব ল’ব লাগিব কোম্পানীয়ে।