ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি.লিট প্ৰদান কটন বিশ্ববিদ্যালয়ৰ

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত অসমৰ সংগীত আৰু সংস্কৃতিৰ প্ৰতি অতুলনীয় অৱদানৰ বাবে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে সন্মানীয় ডি.লিট. ডিগ্ৰী প্ৰদান কৰা হৈছে। একেটা অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীকো ডি.লিট. সন্মানেৰে সন্মানিত কৰা হয়।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, অধ্যাপক গোস্বামীক শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে ডি.লিট. প্ৰদান কৰা হৈছে।

সমাৱৰ্তনত সন্মানীয় ডিগ্ৰীৰ উপৰিও, ধিং এক্সপ্ৰেছ খ্যাত অসমৰ খেলুৱৈ তথা ভাৰতৰ এগৰাকী শ্ৰেষ্ঠ দৌৰবিদ হিমা দাসকো ক্ৰীড়া বিজ্ঞানত স্নাতক ডিগ্ৰী প্ৰদান কৰা হ’ব।