ssapanbazar1@gmail.com +91 60030 85977
ssapanbazar1@gmail.com +91 60030 85977

পুনৰ ভাৰতক শুল্ক বৃদ্ধিৰ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পে পুনৰ ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ইংগিত দিছে। আমেৰিকাৰ কৃষকসকলৰ অভিযোগৰ ভিত্তিত ট্ৰাম্পে ভাৰত, চীন আৰু থাইলেণ্ডৰ দৰে দেশৰ ওপৰত কৰ আৰোপ কৰাৰ কথা পুনৰ বিবেচনা কৰিব বুলি জানিবলৈ দিয়ে।

ট্ৰাম্পৰ মতে, ভাৰতকে ধৰি এই দেশসমূহে নিম্ন শুল্কৰ সুবিধা লৈ কম মূল্যৰ চাউল আমেৰিকাৰ বজাৰলৈ ৰপ্তানি কৰিছে। ইয়াৰ ফলত আমেৰিকাৰ বজাৰ কম মূল্যৰ সামগ্ৰীৰে ভৰি পৰিছে আৰু আমেৰিকাৰ কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে।

জানিব পৰা মতে সোমবাৰে আমেৰিকাৰ কৃষক প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হয় ট্ৰাম্প। তাত উপস্থিত থকা কৃষকসকলে ভাৰত, চীন আৰু থাইলেণ্ডক ‘শীৰ্ষ অপৰাধী’ বুলি অভিহিত কৰিছিল আৰু বৰ্তমানৰ শুল্ক দুগুণ কৰাৰ দাবী উত্থাপন কৰিছিল।

কৃষকসকলৰ এই দাবীৰ উত্তৰত ট্ৰাম্পে বিষয়টো শীঘ্ৰে বিবেচনা কৰিব বুলি উল্লেখ কৰে। তেওঁ অভিযোগ দাখিল কৰা প্ৰতিখন দেশৰ নাম পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ভাৰতীয় চাউলৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰা হ’ব পাৰে ইংগিত দিয়ে। কানাডাৰ পৰা আমদানি কৰা সাৰৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, এই শুল্ক কেতিয়া আৰু কিমান হ’ব সেই বিষয়ে তেওঁ কোনো নিশ্চিত তথ্য দিয়া নাই। আগষ্ট মাহত ট্ৰাম্পে দুটা পৰ্যায়ত ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।

মন কৰিবলগীয়া যে যোৱা বৃহস্পতিবাৰ-শুকুৰবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ কৰাৰ পিছতেই আমেৰিকাৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ উপ-বিদেশ সচিব এলিছন হুকাৰ পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে। তেওঁলোকে বাণিজ্যিক চুক্তিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতীয় বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব। এই গুৰুত্বপূৰ্ণ আলোচনাৰ পূৰ্বে ট্ৰাম্পে পুনৰ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়াটোৱে বিশেষ তাৎপৰ্য বহণ কৰিছে।